দ্বিতীয় পৃথিৱীৰ সন্ধানত চীন

বিকল্প বাসস্থানৰ লক্ষৰে EARTH 2.0 অভিযানৰ পৰিকল্পনা

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ এপ্ৰিল : জোনলৈ ৰবট প্ৰেৰণ কৰাৰ পিছত, মঙলত অৱতৰণৰ অন্তত নিজা মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ সমৰ্থ হোৱা চীনে এইবাৰ চকু দিছে সৌৰ জগতৰ বাহিৰলৈ। দ্বিতীয় এখন বিশ্বৰ অনুসন্ধান আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ চীনে। প্রযুক্তিগত দিশত ইতিমধ্যে যথেষ্ট আগুৱাই গৈছে এই দেশ। চন্দ্ৰ, মঙ্গলৰ সীমনা চেৰাই আৰু নিলগলৈ আগুৱাই যোৱাৰ পৰিকল্পনা কৰিছে চীনা মহাকাশ পৰিকল্পনা সংস্থা। সেই পৰিকল্পনাক বাস্তৱায়িত কৰিবলৈকে বেইজিঙে এক বিকল্প বাসস্থানৰ সন্ধানত আৰম্ভ কৰিবলৈ ওলাইছে ‘আর্থ ২.০’ বা Earth 2.0 অভিযান। মুঠ কথা এই অভিযানৰ মাধ্যমেৰে সৌৰ জগতৰ বাহিৰতো ভৰি দিয়াৰ চেষ্টা আৰম্ভ কৰিছে চীনে। ইতিমধ্যেই আৰম্ভ হৈছে গৱেষণা। বেইজিঙে এই মিছনৰ জৰিয়তে সৌৰ জগতৰ বাহিৰত এক্স’প্লেনেটৰ সন্ধান কৰিব। এই পৰিকল্পনাৰ মূল লক্ষ্যই হ’ল হাতীপটি তাৰকাৰাজ্যত যিসমূহ নক্ষত্র আছে সেইবোৰৰ ভিতৰত বসবাসযোগ্য কোনো অঞ্চল বিচাৰি উলিওৱা। আর্থা ২.০ অভিযানত চীনৰ মূল লক্ষ্যৰ কথাও স্পষ্ট কৈ কোৱা হৈছে। চীনৰ স্পষ্ট কথা— ”বর্তমান আমি যিটো গ্রহত বাস কৰি আছোঁ, তেনে এটি গ্রহ বিচাৰি উলিওৱা। যিটোৱে আগন্তুক দিনত পৃথিৱীলৈ যদি কোনো ভয়ংকৰ বিপর্যয় নামি আহে তেতিয়া সেই পৰিস্থিতিত অন্য ঠাইলৈ গুচি যোৱাৰ ব্যৱস্থা কৰা।” Nature পত্রিকাত প্রকাশিত প্রতিবেদন অনুযায়ী আর্থ ২.০ পৰিকল্পনা কৰিছে চীনৰ Academy of Science-এ। যি পৰিকল্পনা বৰ্তমান প্রাথমিক পর্যায়ত আছে। যদি প্রশাসনে অনুমোদন দিয়ে তেন্তে এই পৰিকল্পনা জুন মাহৰ পৰা কার্যকৰী হ’ব। কাৰণ এতিয়াও বিশেষজ্ঞ দলে অভিযান পর্যালোচনা সংক্রান্তীয় বিস্তাৰিত প্ৰতিবেদন দাখিল কৰা নাই। বিশেষজ্ঞ দলে যদি অনুমতি দিয়ে তেতিয়া এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ দিশত অগ্ৰসৰ হ’ব বেইজিং। পৰিকল্পনা অনুসৰি টেলিস্কোপেৰে সৌৰজগতৰ বাহিৰে মহাকাশৰ গভীৰত এক্স’প্লেনেটৰ সন্ধান কৰিব। সৌৰজগতৰ বাহিৰত প্রাণৰ সন্ধান চলাব। লগে লগে সেই অঞ্চলৰ ৰাসায়নিক নমুনা সংগ্রহ আৰু বিশ্লেষণ কৰিব। চীনে এই মিছনত ৬টা টেলিস্কোপ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ যোগেদি আকাশৰ ৫০০ বর্গ ডিগ্রী এলেকা জুৰি বিস্ময়কৰ ১.২ মিলিয়ন তৰাৰ বিষয়ে গৱেষণা চলাব। সমান্তৰালভাৱে NASAৰ ট্রানজিটিং এক্স’প্লেনেটৰ ছার্ভে ছেটেলাইটে ঢুকি নোপোৱা দূৰৱর্তী তৰা পর্যবেক্ষণ কৰিব। সপ্তম পর্যায়ত আৰু এটা টেলিস্কোপ ব্যৱহাৰ কৰিব। ইয়াৰ উদ্দেশ্য হৈছে, প্লুটোতকৈ দূৰৱর্তী গ্রহবোৰক চিনাক্ত কৰি সেইবোৰৰ সম্পর্কে বিস্তাৰিত তথ্য জোগাৰ কৰা। NASAই এতিয়ালৈকে সৌৰজগতৰ বাহিৰে হাতীপটি তাৰকাৰাজ্যত প্রায় ৫ হাজাৰ গ্রহৰ সন্ধান পাইছে। যিবোৰৰ বহুখিনি পৃথিবীৰ দৰেই। অৱশ্যে সেইবোৰত প্রাণৰ সন্ধান এতিয়াও পোৱা নাই। NASAৰ দাবী— বহুকেইটা গ্রহত শিল আৰু গেছ আছে। আৰু বহুকেইটা গ্রহত গেছৰ যি ভাণ্ডাৰ আছে তাৰ চৌপাশে জুই জ্বলি আছে। চীনে ইতিমধ্যে মঙ্গল অভিযানৰ জৰিয়তে মহাকাশ অভিযান আগতকৈ বহুখিনি আগুৱাই নিছে। তাৰেই পৰৱর্তী পদক্ষেপ হিচাবে দ্বিতীয় পৃথিৱী সন্ধানৰ পৰিকল্পনা হাতত লৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More