লখিমপুৰ-ধেমাজিৰ ৰেলপথ তিনিচুকীয়াৰ অধীনলৈ

ৰঙিয়াৰ পৰা কাটি তিনিচুকীয়াৰ অধীন কৰা হ’ল ১৬৩ কিলোমিটাৰ ৰে’লপথ

0 81

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুন : সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি অভিযোগ, প্ৰতিঅভিযোগৰ ধাৰা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ ৰাইজৰ অলক্ষিতে নতুনকৈ সীমা নিৰ্ধাৰণ কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তিনিটা গুৰুত্বপূৰ্ণ সংমণ্ডলৰ ৷ পুনৰ সীমা নিৰ্ধাৰণ কৰা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উক্ত সংমণ্ডল তিনিটা হৈছে ক্ৰমে তিনিচুকীয়া, ৰঙিয়া আৰু আলিপুৰ দুৱাৰ ৷ ৰেল মন্ত্ৰালয় আৰু ৰে’লৱে বৰ্ডে শেহতীয়াকৈ জাৰী কৰা অধিসূচনা অনুসৰি পূৰ্বে ৰঙিয়া সংমণ্ডলৰ অধীনৰ চিলনীবাৰী ষ্টেচনৰ পৰা জোনাইৰ মুৰ্কংচেলেকলৈকে মুঠ ১৬৩ কিলোমিটাৰ ৰে’লপথ তিনিচুকীয়া সংমণ্ডলৰ অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইয়াৰ সমান্তৰালকৈ পূৰ্বে আলিপুৰদুৱাৰ ৰে’ল সংমণ্ডলৰ অধীনৰ ডাংটল ষ্টেচনক ৰঙিয়া সংমণ্ডলৰ অধীন কৰা হৈছে ৷ আগন্তুক ১ জুলাইৰ পৰা এই সালসলনি প্ৰযোজ্য হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More