বিটিআৰত বিজ্ঞান-গণিত শিক্ষাৰ প্ৰসাৰৰ গুৰুত্বপূৰ্ণ প্ৰয়াস বিটিচিৰ

বঙাইগাঁৱত বড়োলেণ্ড বিজ্ঞান শিক্ষা কাৰ্যসূচীৰ শুভ উদ্বোধন বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

0 10

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ জুন : বড়োলেণ্ড ক্ষেত্ৰীয় এলেকা (বিটিআৰ)ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ বাবে এক মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছে স্বায়ত্তশাসিত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)-এ। স্বায়ত্ত পৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য‌‌‌ প্ৰমোদ বড়োৰ বিশেষ উদ্যোগত বিটিচিৰ শিক্ষা বিভাগে পৰিষদীয় এলেকাৰ শিক্ষানুষ্ঠানসমূহত কাৰ্য ৰূপায়ণৰ ব্যৱস্থা কৰা ‘বড়োলেণ্ড বিজ্ঞান শিক্ষা কাৰ্যসূচী’ শীৰ্ষক এই বিশেষ শৈক্ষিক কাৰ্যসূচী আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বঙাইগাঁও ৰিফাইনেৰী টাউনশ্বিপৰ আইঅ’চিএল প্ৰেক্ষাগৃহত শুকুৰ বাৰে আগবেলা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী মহন্তই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখ্য যে, বিটিচিৰ শিক্ষা বিভাগৰ উদ্যোগত ২০২১ চনৰ পৰা ৰূপায়িত ‘জ্ঞান স্ব্ৰাং বিথানকি’ শীৰ্ষক এক ধ্বজাবাহী কাৰ্যসূচীৰ অধীনত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰৰ লক্ষ্যৰে নতুনকৈ এই মহত্বপূৰ্ণ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অগস্ত্য ইণ্টাৰনেচনেল ফাউণ্ডেচন আৰু ইনফ’ছিছ ফাউণ্ডেশ্যনৰ সহযোগত ৰূপায়ণ কৰিবলৈ লোৱা এই শৈক্ষিক কাৰ্যসূচীৰ অধীনত বিটিআৰৰ চাৰিওখন জিলাৰ ৩০০ শিক্ষানুষ্ঠানৰ ষষ্ঠৰ পৰা নৱম শ্ৰেণীত অধ্যয়নৰত ৩০,০০০ ছাত্ৰ-ছাত্ৰীক বিশেষ ভাৱে বিজ্ঞান আৰু গণিতৰ শিক্ষা প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ বাবে ৩০০গৰাকী শিক্ষককো বিশেষ প্ৰশিষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচী উদ্বোধন কৰি দিয়া ভাষণত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী মহন্তই কয়, ‘বিটিআৰ এলেকাৰ শিক্ষানুষ্ঠানত বড়োলেণ্ড বিজ্ঞান শিক্ষা কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই অতি আনন্দিত হোৱাৰ লগতে গৌৰৱো অনুভৱ কৰিছো। অত্যন্ত মহত্বপূৰ্ণ এই শৈক্ষিক উত্তৰণ কাৰ্যসূচীৰ পৰিকল্পনাক কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য‌‌‌ প্ৰমোদ বড়োয়ে প্ৰশংসনীয় উদ্যোগ ল’লে। এই শৈক্ষিক কাৰ্যসূচী এক সময়োচিত, সঠিক পদক্ষেপ।’ এই কাৰ্যসূচীয়ে আগন্তুক দিনত বিটিআৰ এলেকাত বিজ্ঞান, গণিতৰ লগতে প্ৰযুক্তি, চিকিৎসা বিজ্ঞান আৰু অভিযান্তিক শিক্ষাৰ নৱজাগৰণত সুদূৰপ্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব বুলিও মুখ্য অতিথি তথা মন্ত্ৰী মহন্তই মতপোষণ কৰে। মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত বিশেষ ভাৱে পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, ‘গণিত, বিজ্ঞান, প্ৰযুক্তি আৰু অভিযান্তিক শিক্ষাত সমন্বিত ৰূপত গুৰুত্ব দি ছোভিয়েট ৰাছিয়াই যোৱাটো শতিকাত এনেধৰণৰ বিশেষ শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই শৈক্ষিক কাৰ্যসূচীৰ বাবেই কম সময়ৰ ভিতৰতে দেশখনত যথেষ্ট সংখ্যক বিজ্ঞানী, প্ৰযুক্তিবিদ আদিৰ সৃষ্টি হৈছিল আৰু বিজ্ঞান-প্ৰযুক্তিৰ প্ৰয়োগেৰে দেশখন সকলো দিশতে আগবাঢ়ি গৈছিল।’ বড়োলেণ্ড এলেকাত বিজ্ঞান চৰ্চাৰ অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰেও বিশেষ প্ৰয়াস চলোৱা বুলি অনুষ্ঠানত বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিটিআৰৰ তিনিখন জিলাত বিজ্ঞান কেন্দ্ৰ প্ৰতিষ্ঠাৰ কাম হাতত লোৱা বুলি দোহাৰি তেওঁ জানিবলৈ দিয়ে। ইয়াৰে কোকৰাঝাৰ বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহ ইতিমধ্যে মুকলি কৰা হৈছে। আনহাতে, ওদালগুৰি আৰু বাকচা জিলাত দুটা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। এই তিনিওটা বিজ্ঞান কেন্দ্ৰক একোটা ‘ইন’ভেচন হাব’ হিচাপেও গঢ়ি তোলা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
এই অনুষ্ঠানৰ প্ৰাকক্ষণত বড়োলেণ্ড বিজ্ঞান শিক্ষা কাৰ্যসূচীৰে সঙ্গতি ৰাখি বিটিআৰৰ শিক্ষানুষ্ঠানসমূহত বিজ্ঞান আৰু গণিত শিক্ষাৰ প্ৰসাৰত সহায়ৰ বাবে নিয়োজিত কৰা ৪০গৰাকী প্ৰশিক্ষকৰ লগতে বিজ্ঞান শিক্ষাৰ সমল উপলব্ধ ৯খন ভ্ৰাম্যমান বিজ্ঞান গৱেষণাগাৰ আৰু ১৮খন মটৰ চাইকেল মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, চিৰাং জিলাৰ উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডী, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ (এছটেক)ৰ সঞ্চালক ড° জয়দীপ বৰুৱা, আইআইটি গুৱাহাটীৰ অধ্যাপক উদয় শংকৰ দীক্ষিত, বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক নয়ন কুমাৰ বৰুৱা, ইনফ’ছিছ ফাউণ্ডেচনৰ কাৰ্যসূচী প্ৰৱন্ধক কেপ্তেইন শান্তি এছ, অগস্ত্য ইণ্টাৰনেচনেল ফাউণ্ডেচনৰ কুপ্পাম ক্ৰিয়েটিভিটী কেম্প্ৰাছৰ মুৰব্বী কুমাৰ পদ্মনাভন, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যৰ উপদেষ্টা ড° সুনিল কৌলৰ উপৰি বিটিআৰ এলেকাৰ বিশিষ্ট শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষানুৰাগী ৰাইজে অংশগ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More