লখিমপুৰ নগৰত ৫ তোলা সোণ সহ চোৰ ধৃত

0 27

 ঃ সোণাৰী দোকানত সোণ পৰীক্ষা কৰাৰ সময়তে ৰাইজৰ জালত পৰিল চোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ বৰমুৰীয়া তিনিআলিত আজি দুপৰীয়া এটা চোৰে সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহা সময়তে উপস্থিত লোকে এটা চোৰক হাতে লুটে ধৰিবলৈ সক্ষম হয়৷ ধৃত চোৰটো হৈছে লখিমপুৰ খগা নিবাসী বিৰেণ নাথৰ পুত্ৰ তপনজ্যোতি নাথ৷ উল্লেখ্য যে আজি দুপৰীয়া উত্তৰ লখিমপুৰ নগৰৰ কে বি ৰোডৰ বৰমূৰীয়া তিনিআলিত থকা এখন সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহাৰ সময়তে স্থানীয় লোকৰ সন্দেহ ওপজাত তপনজ্যোতি নাথ নামৰ চোৰটোক ৰাইজে কৰায়ত্ত কৰে৷ ধৃত চোৰটোৰ হাতৰ পৰা ৰাইজে বৃহৎ পৰিমাণৰ সোণৰ আ-অলংকাৰ উদ্ধাৰ কৰাৰ পিছতে স্থানীয় লোকে চোৰটোক আটক কৰি আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ চোৰ তপনজ্যোতিক আটক কৰাৰ লগতে চোৰটোৰ পৰা প্ৰায় ৫ তোলা ওজনৰ আ-অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰটোৱে বিভিন্ন স্থানৰ পৰা চুৰি কৰি অনা সোণৰ নেকলেচ, খাৰু আদি প্ৰকৃত সোণৰ হয়নে নহয় সেয়া পৰীক্ষা কৰিবলৈ অহাৰ সময়তে আজি এনেদৰে ৰাইজৰ হাতত ধৰা পৰে৷ ধৃত চোৰটোক লৈ লখিমপুৰ আৰক্ষীয়ে তীব্ৰ জেৰা চলোৱাৰ খবৰ পোৱা গৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More