ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰা লখিমপুৰৰ বৰ্ষীয়ান মহিলা ক্ৰীড়াবিদ শশী খাউণ্ডৰ সাফল্য

আজুৰি আনিলে তিনিটাকৈ সোণৰ পদক

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ যোৱা ১ আগষ্টৰ পৰা ৬ আগষ্টলৈ অনুষ্ঠিত হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ সদৌ অসম মহিলা ক্ৰীড়া সংগঠনৰ সম্পাদিকা শশী খাউণ্ড সহ মুঠ ১২ জনে অসমৰ পৰা আৰু ভাৰতৰ হৈ মুঠ ২৩৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ উল্লেখ্য যে উক্ত প্ৰতিযোগিতাত নাইজেৰিয়া, পাকিস্তান, শ্ৰীলংকা, নেপাল, ভাৰত, থাইলেণ্ড, ফিলিপাইন সহ মুঠ ৯ খন দেশক লৈ ডুবাইত অনুষ্ঠিত কৰা লং জাম্প, ট্ৰিপল জাম্প আৰু ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰ্ষীয়ান শশী খাউণ্ডে সোণৰ পদক লাভ কৰি অসমৰ লগতে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে শশী খাউণ্ডে ১০০ মিটাৰ দৌৰ ১৯ ছেকেণ্ডত সমাপ্ত কৰি সোণৰ পদক অৰ্জন কৰে৷ বৰ্ষীয়ান মহিলাগৰাকীৰ এনে সাফল্যত বিভিন্ন দল-সংগঠনৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More