‘লাচিত সেনা’ৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা কোনো প্ৰকাৰে দায়বদ্ধ নহয়

বহিষ্কৃত নেতাক বীৰ লাচিত সেনাৰ সকীয়নিঃ চাৰি সদস্যক অব্যাহতি

0 70

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১ আগষ্টঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি দুপৰীয়া বীৰ লাচিত সেনা অসমৰ হৈ লখিমপুৰ জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰে৷ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ভদ্ৰজিৎ দত্ত, মুখ্য সচিব ৰূপাংকৰ বৰা, যুটীয়া সচিব ৰাতুল গগৈ, শিক্ষা সচিব উৎপল গগৈ আদি উপস্থিত থকা সংবাদমেলত তেওঁলোকে কয় যে লাচিত সেনাৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা অসম কোনো প্ৰকাৰে দায়বদ্ধ নহয়৷ সত্যজিত দত্ত আৰু ইমৰাণ খান নামৰ পূৰ্বে বহিষ্কৃত দুজন সদস্যই বীৰ লাচিত সেনাৰ পৰা পদত্যাগ কৰা বুলি সংবাদ মাধ্যমত ভুৱা বাতৰি প্ৰচাৰ কৰিছে বুলি বীৰ লাচিত সেনাই ব্যক্ত কৰে৷ এই দুই সদস্যই বীৰ লাচিত সেনাক বদনাম কৰিবলৈ বিছৰা কোনো কাৰ্যক ক্ষমা কৰা নহ’ব বুলি উল্লেখ কৰে৷ সত্যজিত দত্ত আৰু ইমৰান খান, মকিবুৰ হুছেইন, মিজানুৰ ৰহমান আদিয়ে বৰ্তমান বীৰ লাচিত সেনা অসমৰ ছদ্মনাম ধাৰী ‘লাচিত সেনা’ নামৰ এক সংগঠনৰ সদস্য পদ গ্ৰহণ কৰিছে৷ উল্লেখিত সদস্যসকলৰ ভৱিষ্যতৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা অসম কোনো প্ৰকাৰে দায়বদ্ধ নাথাকিব বুলি সংবাদমেলত সদৰি কৰে৷ ইতিমধ্যে এই ছদ্মনামধাৰী সংগঠনটিৰ বিৰুদ্ধে আইনী মান্যতা সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয়৷ জনসাধাৰণক বিভ্ৰান্ত কৰি তেওঁলোকৰ লাভালাভৰ বাবে কিছু মুষ্টিমেয় লোকক সংগঠিত কৰি গঠন কৰা ‘লাচিত সেনা’ৰ কাৰ্যকলাপৰ বাবে বীৰ লাচিত সেনা অসম কোনোপ্ৰকাৰে দায়বদ্ধ নহয় বুলি ব্যক্ত কৰে৷ ইফালে আজিৰ এই সংবাদমেলতে বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ যুটীয়া সচিব অনন্ত শইকীয়া, সদস্য ৰিতু বৰা, অজয় উপাধ্যায় আৰু ধ্ৰুৱজ্যোতি বৰাক সংবিধান বৰ্হিভূত কাৰ্যৰে আন সংগঠনত যোগ দিয়াৰ বাবে বীৰ লাচিত সেনাৰ পৰা অব্যাহতি দিয়া হৈছে বুলি উল্লেখ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More