লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ

0 56

লখিমপুৰ, ১ আগষ্টঃ লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ কালি কৰা হয়। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষ্যে নিৰ্মাণ হ’ব লগীয়া ভৱনৰ  সম্পূৰ্ণ বৈদিক মন্ত্ৰোচ্চাৰণেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° মুহিধৰ পূজাৰীয়ে। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু প্ৰাক্তন ছাত্ৰ সংগঠনৰ আৰ্থিক সাহাৰ্য্যৰে নিৰ্মিত এই সোণালী জয়ন্তী ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানত নাৰিকল ভাঙে অধ্যক্ষ ড° লোহিত হাজৰিকাই। উত্তৰ লখিমপুৰ লোক নিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্য্যবাহী অভিযন্তা মুহিন দেউৰীৰ তত্বাবধানত আয়োজিত আজিৰ ভৱন নিৰ্মাণ শুভাৰম্ভৰ কাৰ্য্যসূচীৰ তদাৰক কৰে মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ৰুণজুন বৰুৱা, মুখ্য সহায়ক জগত দত্ত, গাণনিক দীপক বৰবৰা, অধ্যাপক অৱন চন্দ্ৰ বৰ্মণ, কুলদীপ নাৰায়ন দত্ত আৰু সমূহ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু লগতে প্ৰাক্তন ছাত্ৰ সকলে। উপাধ্যক্ষ গোপাল কুমাৰ চেত্ৰী, জ্যেষ্ঠ অধ্যাপক ছাজ্জাদ হুছেইন, পদ্মেশ্বৰ দিহিঙীয়া, পংকজ লোচন দাস, প্ৰশান্ত বৰা, সাংবাদিক দেৱ কুমাৰ বৰা, চিত্ৰ নিৰ্মাতা অৰুণজ্যোতি বৰা, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলেও অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More