অইল ইণ্ডিয়াৰ প্ৰজেক্ট স্বাৱলম্বনৰ দ্বাৰা উপকৃত বহু নিবনুৱা যুৱক-যুৱতী

0 97
শতাব্দ প্ৰতিনিধি‍, তিনিচুকীয়া, ২৮ এপ্ৰিল : অইল ইণ্ডিয়াৰ ‘প্ৰজেক্ট স্বাৱলম্বনে’ নিবনুৱা যুৱক-যুৱতীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক কৰ্মসংস্থাপন প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে অইল ইণ্ডিয়া লিমিটেডৰ ‘স্কীল ডেভেল’পমেন্ট প্ৰগ্ৰেম অন টুৰিজিম এণ্ড হোটেল মেনেজমেন্ট’ কাৰ্যসূচীয়ে৷ অইলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অন্তৰ্গত ‘প্ৰজেক্ট স্বাৱলম্বন’ নামৰ আঁচনিৰ অধীনত গ্ৰহণ কৰা উক্ত কাৰ্যসূচীৰ জৰিয়তে বিগত সময়ত বহু সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে জীৱিকা লাভ কৰিবলৈ সক্ষম হৈছে৷আৰ্থিকভাৱে অনগ্ৰসৰ একাধিক পৰিয়ালত এই আঁচনিয়ে একমাত্ৰিক সফলতা অৰ্থাৎ কেৱল চাকৰি লাভ কৰাজনকহে যে সংস্থাপন দিছে তেনে নহয়৷ ইয়াৰ আছে বহুমাত্ৰিক সফলতা৷ অৰ্থাৎ চাকৰি পোৱাজনৰ দ্বাৰা পিছলৈ আন বহুজনে কৰ্মসংস্থাপন লাভ কৰিছে। উদাহৰণস্বৰূপে বৰ্তমান ডুবাইত কৰ্মৰত মাকুমৰ জীয়াৰী কৰিস্মা বৰাই নিজ ভাতৃক বেংগালুৰুৰ এখন ব্যয়বহুল ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ত কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত পূৰ্ণ আৰ্থিক দায়িত্ব গ্ৰহণ কৰে। সম্প্ৰতি কৰিস্মাৰ ভাতৃয়ে কলকাতাৰ ‘টেকৱে’ নামৰ প্ৰতিষ্ঠানটোত উচ্চ নিৰিখৰ দৰমহাত কৰ্মৰত হৈ আছে। অনুৰূপ ধৰণে শিৱসাগৰৰ ভটিয়াপাৰাৰ পৃথুৰাজ গগৈয়ে এই আঁচনিৰ দ্বাৰা প্ৰথমে গুজৰাটৰ প্ৰাইদ ব্ৰিজনটেলত কৰ্ম অভিজ্ঞতা আৰু আৰ্থিক সবলতাৰে সমৃদ্ধ হৈ নিজ অঞ্চলত আৰম্ভ কৰিছে ‘গোমচেং’ নামৰ এখন আটকধুনীয়া ৰেষ্টুৰেন্ট। একেদৰে ডিব্ৰুগড়ৰ সুৰেশ টামাঙে অনুৰূপ প্ৰক্ৰিয়াৰে মুকলি কৰিছে এখন ‘ফুড ট্ৰাক’ অৰ্থাৎ ভ্ৰাম্যমান ৰেষ্টুৰেন্ট। সেইদৰে নিজৰ চহৰত লখিমপুৰৰ যুগল নেওগে ‘আৰ ষ্টাৰ ৰেষ্টুৰেন্ট’ খুলিবলৈ সক্ষম হৈছে৷ আনহাতে তিনিচুকীয়াৰ বাস্তৱ খনিকৰে গোৱাত ‘গোৱা কষ্ট বাৰ এণ্ড ৰেষ্টুৰেন্ট’ নামেৰে এক প্ৰতিষ্ঠান মুকলি কৰিছে । এয়া দুটামান উদাহৰণহে মাত্ৰ। এয়া সম্ভৱ হৈছে অইল ইণ্ডিয়াৰ প্ৰজেক্ট স্বাৱলম্বন আঁচনিৰ জড়িয়তে। এইসকলে অইল ইণ্ডিয়াৰ প্ৰজেক্ট স্বাৱলম্বনৰ দ্বাৰা সংস্থাপনৰ আদিপাঠ গ্ৰহণ কৰি নিজৰ লগতে পৰোক্ষভাৱে বহুজনক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷ এইসকলৰ ভিতৰত আছে ৰিক্সাচালক, দিন হাজিৰা কৰা শ্রমিক, কৃষক, হাজাম অথবা ধোবা আদিৰ দৰে নুন্যতম উপাৰ্জন কৰা পিতৃ-মাতৃৰ সন্তান। অইল ইণ্ডিয়াৰ এই আঁচনি ধাৰাবাহিকভাৱে ৰূপায়ন কৰাটো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More