অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এন এফ ৰে’লৱেত বিনিয়োগ কৰা হ’ব ৫,১০০ কোটি

তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ ৫৬ টা ষ্টেচন : ইয়াৰে ৫০ টা অসমৰ : তিনিচুকীয়া সংমণ্ডলৰ ১৩ টা ষ্টেচন আধুনিকীকৰণৰ বাবে নিৰ্বাচিত

0 77

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ আগষ্ট : অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিকীকৰণৰ বাবে নিৰ্বাচিত দেশৰ সৰ্বমুঠ ১৩০৯ টা ৰে’লৱে ষ্টেচনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫০৮ টা ষ্টেচনৰ আধুনিকীকৰণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৬ আগষ্টৰ পুৱা স্থাপন কৰিব ৷ উত্তৰ পূব সীমান্ত ৰে’লৱেত অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত মুঠ ৫,১০০ কোটি টকা বিনিয়োগ কৰা হ’ব ৷ উত্তৰপূৰ্বাঞ্চলৰ ৫৬ টা ষ্টেচন এই আঁচনিৰ অধীনত উন্নীত কৰা হ’ব ৷ ইয়াৰে ৫০ টা অসমৰ ৷ ইয়াৰ ভিতৰত ৩২ টা ষ্টেচনৰ আধুনিকীকৰণৰ আধাৰশিলা উক্ত দিনা স্থাপন কৰা হ’ব ৷ তিনিচুকীয়া ৰে’ল সংমণ্ডলৰ ১৩ টা ষ্টেচন আধুনিকীকৰণৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ আজি তিনিচুকীয়া ৰে’ল সংমণ্ডলৰ মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে সংমণ্ডলটোৰ শীৰ্ষ বিষয়াবৰ্গই ৷ সেই অনুসৰি মৰিয়নি ষ্টেচনৰ বাবে ৩৩.৮ কোটি, ডিব্ৰুগড় ষ্টেচনৰ বাবে ৩০.২ কোটি, যোৰহাট টাউন ষ্টেচনৰ বাবে ৩০ কোটি, মাকুম জংচনৰ বাবে ২৯.৬ কোটি, মাৰ্ঘেৰিটা ষ্টেচনৰ বাবে ২৮.১ কোটি, আমগুৰি ষ্টেচনৰ বাবে ২৭.২ কোটি, নাহৰকটীয়া ষ্টেচনৰ বাবে ২২.৭ কোটি, তিনিচুকীয়া ষ্টেচনৰ বাবে ২১.৮ কোটি, দুলীয়াজান ষ্টেচনৰ বাবে ২১.৬ কোটি, শিমলুগুৰি ষ্টেচনৰ বাবে ২০.৭ কোটি, নিউ তিনিচুকীয়া ষ্টেচনৰ বাবে ২০.৫ কোটি, নামৰূপ ষ্টেচনৰ বাবে ২০.২ কোটি আৰু শিৱসাগৰ টাউন ষ্টেচনৰ বাবে ১৭.৬ কোটি টকা ধাৰ্য কৰা হৈছে ৷ আজিৰ সংবাদমেলত তিনিচুকীয়া ৰে’ল সংমণ্ডলৰ মাণ্ডলিক প্ৰবন্ধক উত্তম প্ৰকাশ, সহকাৰী মাণ্ডলিক প্ৰবন্ধক কে ছিংছনকে ধৰি একাধিক শীৰ্ষ ৰে’ল বিষয়া উপস্থিত থাকে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More