আহি আছে বিদ্যুত কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’

'মই এটি নিশাচৰ'ৰ শুভ মহুৰত সম্পন্ন

0 31

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ আগষ্টঃ অসমীয়া চলচ্চিত্ৰ জগতত সংযোজন হ’ব এখন নতুন চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’। মঙলবাৰে উত্তৰ গুৱাহাটীৰ শিলসাঁকোত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা বিদ্যুত কটকীৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’ৰ শুভ মহুৰত সফলতাৰে সম্পন্ন হয় আৰু চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হয়। অসমীয়া চলচ্চিত্ৰ তথা নাট্য জগতৰ প্ৰবীণ অভিনেতা প্ৰাঞ্জল শইকীয়াই নাৰিকল ভাঙি আৰু দক্ষিণৰ বিশিষ্ট চিনেমেট’গ্ৰাফাৰ মধু আম্বাটে কেমেৰা ৰ’ল কৰি চলচ্চিত্ৰখনৰ শুভ মহুৰত কৰে। অনুষ্ঠানটোত চলচ্চিত্ৰখনৰ সমূহ কলা-কুশলীৰ লগতে উপস্থিত থাকে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।উল্লেখযোগ্য যে, ৮০’ৰ দশকৰ পৰা ২০০০ চনলৈ দুটা দশকৰ অসমৰ ৰাজনৈতিক-সামাজিক প্ৰেক্ষাপটত জনজীৱনৰ এটি সামাজিক কাহিনীৰে নিৰ্মাণ হ’ব এই নতুন অসমীয়া চলচ্চিত্ৰ ‘মই এটি নিশাচৰ’। বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ এটি ৰচনাত্মক প্ৰবন্ধ পৰা অনুপ্ৰাণিত হোৱা কাহিনীটোৰ জৰিয়তে কিছু হাস্য-ব্যংগাত্মক উপস্থাপনৰে সুস্থ সামাজিক বাৰ্তা দিবলৈ চেষ্টা কৰিব বুলি পৰিচালক বিদ্যুত কটকীয়ে জানিবলৈ দিয়ে। ‘ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম’ (NFDC) আৰু ‘Red River & Blue Hills’ ৰ প্ৰযোজনাত পৰিচালক বিদ্যুত কটকীয়ে নিৰ্মাণ কৰিবলগীয়া ছবিখন হ’ব অগতানুগতিক। অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰসংগত পৰিচালক বিদ্যুত কটকীয়ে কয় যে, “অসমীয়া ছবিও কাৰিকৰী দিশত বিশ্ব মানৰ হ’ব পাৰে। ভাল কলা-কুশলী, আন্তঃৰাষ্ট্ৰীয় মানৰ কেমেৰা বা কাৰিকৰী প্ৰযুক্তি, কলা-কুশলী আমাৰো আছে, তেনে চিন্তাৰে আমি এই ছবিখন কৰিবলৈ আগবাঢ়িছো।” উল্লেখযোগ্য যে, চলচ্চিত্ৰ নিৰ্মাতা বিদ্যুত কটকীয়ে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত ১০০ খনৰো অধিক চুটি ছবি নিৰ্মাণ কৰিছে। ২০১০ চনত তেওঁৰ চলচ্চিত্ৰ ‘দ্য মাইটি আহোমচ্’ নেচনেল জিয়’গ্ৰাফিক আৰু ফক্স হিষ্টৰী দৰে আন্তঃৰাষ্ট্ৰীয় চেনেলত প্ৰদৰ্শিত হয়। ২০১২ চনত তেওঁৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি ‘এখন নেদেখা নদীৰ সিপাৰে’এ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো যথেষ্ট সন্মান লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ ‘শৈশৱতে ধেমালিতে’ ২০১৮ চনতে মাৰ্কিন যুক্তৰাষ্ট্ৰত ব্যৱসায়িকভাৱে মুক্তি লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ ৰূপে পৰিগণিত হয় আৰু এই ছবিখনে বহুতো ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, ‘মই এটি নিশাচৰ’ৰ দৃশ্যগ্ৰহণৰ মুখ্য দায়িত্বত আছে বহু ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত দক্ষিণৰ বিশিষ্ট চিনেমেট’গ্ৰাফাৰ মধু আম্বাট। চলচ্চিত্ৰখনৰ সংগীত নিলোৎপল বৰাৰ। তদুপৰি, চলচ্চিত্ৰখনত অভিনয় কৰিছে গুণমণি বৰুৱা, প্ৰাঞ্জল শইকীয়া, হিৰণ্য ডেকা, অৰুণ নাথ, অৰুণ হাজৰিকা, সঞ্জীৱ সভাপণ্ডিত, জ্যোতি নাৰায়ণ নাথ, অৰ্ঘ্যদীপ বৰুৱা, দৰথী ভৰদ্বাজ, কৌশিক নাথ আদি বহুকেইগৰাকী ন-পুৰণি শিল্পীয়ে। ‘মই এটি নিশাচৰ’ চলচ্চিত্ৰখনক লৈ অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলীসকল যথেষ্ট আশাবাদী।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More