ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
ভোজমাৰী চাপৰিত বাঘিনীৰ মৃতদেহ উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯জুলাইঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন তথা চতিয়াৰ গমিৰিপালৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ ভোজমাৰী টাপুত এক ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়।এয়া এজনী বাঘিনীৰ মৃতদেহ বুলি নিশ্চিত কৰা হৈছে৷ এসপ্তাহ পূৰ্বে মৃত্যু হোৱা বুলি ধাৰণা কৰা আৰু অনুমানিক ১০ বছৰ বয়সৰ বাঘজনীৰ মৃতদেহ আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বিষয়া, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকাৰীৰ প্ৰতিনিধিৰ উপস্থিতিত পশু চিকিৎসক দিগন্ত শৰ্মাই মৰনোত্তৰ পৰীক্ষা কৰে। মৰনোত্তৰ…
সদৌ অসম মইনা পাৰিজাতৰ স্ৰষ্টা ককা মহাদেৱ শৰ্মাৰ জন্ম দিনৰ লগত সংগতি ৰাখি মইনাৰ মৌমাতেৰে মুখৰিত তেজপুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৯ জুলাই : সদৌ অসম মইনা পাৰিজাতৰ জন্মদাতা, স্বাধীনতা সংগ্ৰামী ককা মহাদেৱ শৰ্মাৰ আজিৰ জন্ম দিনটোতে কণ কণ মইনাৰ মুখৰ মৌমাতৰ এক সুন্দৰ অনুষ্ঠানৰ প্ৰসংগৰে এই বাতৰি। উল্লেখ্য যে মইনাৰ মুখৰ মৌমাতেৰে কালি মুখৰিত হ'ল তেজপুৰৰ পহুমৰা চুবুৰীৰ নামঘৰ প্ৰাঙ্গণ। উল্লেখ্য সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত স্হানীয় অপৰাজিতা মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত হোৱা মইনা সকলৰ গীত, মাত, কবিতা,সাধু কোৱা, নৃত্য, চিত্ৰাংকন, সাহিত্য আদিৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন এক শিবিৰত মইনাৰ সুকুমাৰ কলাৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতা প্ৰতিপন্ন হয়।…
তেজপুৰত অনুষ্ঠিত সদৌ অসম ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ ফলাফল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৯ জুলাই : সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ গীতক কেন্দ্ৰ কৰি আন কেতবোৰ গীত - নৃত্যৰে কালি নিশা জীপাল হৈ পৰিল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ।উল্লেখ্য যে, তেজপুৰৰ বন্দনা সংগীত কানন আৰু বন্দনা সংগীত বিদ্যালয়ৰ উদ্যোগত কালি পুৱাৰ পৰা ৰাজ্যখনত বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰিকুৰি প্ৰতিযোগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ হয় বন্দনা সংগীত কাননৰ বিষয়ববীয়া সকলৰ প্ৰয়াত অজিৎ সিংহৰ কালজয়ী গীতৰ সমবেত…
শোণিতপুৰ জিলা শৰীৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত ভাৰ উত্তোলন কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ , ৯ জুলাই : শৰীৰ চৰ্চাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু তেজপুৰ অসমীয়া ক্লাবৰ যৌথ উদ্যোগত যোৱা ৩ জুলাইৰ পৰা ১৫ জুলাইলৈকে তেজপুৰৰ শতবৰ্ষ গৰকা অসমীয়া ক্লাব প্ৰাংগণত অনুষ্ঠিত হৈ আছে ভাৰ-উত্তোলন প্ৰশিক্ষণ শিবিৰ। উল্লেখ্য যে, এই শিবিৰত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ প্ৰায় ৪০ টাৰো অধিক অনুমোদিত সন্থাৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে দৈনিক গ্ৰহণ কৰি আহিছে বিশেষ প্ৰশিক্ষণ। উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰিছে ভাৰতীয় ভাৰ-উত্তোলন দলৰ প্ৰশিক্ষক চৰাইদেও জিলাৰ অনুপ কোঁৱৰে।…
প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো চিকিৎসাধীন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৰঙিয়া, ৮ জুলাই : শেহতীয়াকৈ স্বাস্থ্য অৱনতি হোৱাৰ বাবে প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োক ৰঙিয়াৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, শিক্ষাবিদ থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ আজি বুজ লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কৃষিমন্ত্ৰী অতুল বৰাই। শনিবাৰে দুপৰীয়া কৃষিমন্ত্ৰী তথা অগপৰ সভাপতি বৰা আৰু স্বাস্থ্যমন্ত্ৰী তথা দলৰ কাৰ্যকৰী সভাপতি মহন্তই ৰঙিয়াৰ স্বস্তি হস্পিতাললৈ গৈ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক নেতা বড়োক দেখা কৰে। চিকিৎসালয়ত কৃষিমন্ত্ৰীৰ সৈতে…
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতেৰে মুখৰিত হ’ল তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ
জীয়াই থকালৈকে তেজপুৰৰ বদনাম হ'ব পৰা কাম নকৰাৰ প্ৰতিশ্ৰুতি "আমাৰ অসম"ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাৰ
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ চাৰিকুৰিৰো অধিক প্ৰতিযোগীৰ উপস্থিতিত আজি পুৱাৰ পৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বন্দনা সংগীত বিদ্যালয় আৰু বন্দনা সংগীত কাননৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত সুধাকণ্ঠৰ কালজয়ী গীতেৰে মুখৰিত হৈ পৰে বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহ।সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত প্ৰতিযোগিতাখনৰ উদ্বোধক বাণ থিয়েটাৰৰ সাধাৰণ…
১৪৪ ধাৰাৰ অধীনত শোণিতপুৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুলাই: অহা ৮ৰ পৰা ১০ জুলাই, ২০২৩ লৈ তেজপুৰৰ দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক চূড়ান্ত পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰিছে । সেই অনুসৰি ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই জাৰি কৰা এক নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্দ্ধ এলেকাত উপযুক্ত কৰ্তৃপক্ষৰ দ্বাৰা স্বাক্ষৰিত বৈধ প্ৰৱেশ পত্ৰ সহ…
বিভিন্ন ৰোগ উপশমৰ কৌশল প্ৰদৰ্শনৰে যোগাসন কৰ্মশালা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭ জুলাই : অসম যোগ সন্হাৰ ২৬ সংখ্যক জুনিয়ৰ আৰু চাব জুনিয়ৰ প্ৰতিযোগিতাখনি আগন্তুক আগষ্ট মাহত ঐতিহাসিক শিৱসাগৰ চহৰত অনুষ্ঠিত হব। উক্ত প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে শোণিতপুৰ জিলাৰ পৰাও নিৰ্বাচিত খেলুৱৈৰ দলক ৰাজ্যিক পৰ্য্যায়লৈ প্ৰেৰণ কৰা হ'ব। উক্ত দলটো নিৰ্বাচিত কৰিবলৈ অহা ১৬ জুলাই দেওবাৰে শোণিতপুৰ যোগ সন্হাৰ উদ্যোগত আৰু বিহগুৰি টুমুকীৰ "নৱসূৰুয" যোগ কেন্দ্ৰৰ সহযোগত বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱনত ১২ সংখ্যক শোণিতপুৰ জিলা যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনি সফল কাম হ'বৰ বাবে…
লখিমপুৰৰ পৰীক্ষা কেন্দ্ৰত ১৪৪ ধাৰা জাৰী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৭ জুলাইঃ অসম লোকসেৱা আয়োগৰ চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত (মেইনচ) পৰীক্ষাটি অহা ৮ জুলাইৰ পৰা ১০ জুলাইলৈ অনুষ্ঠিত হব। ৰাজ্যখনৰ অন্যান্য কেন্দ্ৰৰ লগতে, লখিমপুৰ জিলাৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত স্থাপন কৰা কেন্দ্ৰতো এই পৰীক্ষা অনুষ্ঠিত হব। উক্ত পৰীক্ষাটি সুকলমে সম্পন্ন কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে।পৰীক্ষাটি স্বচ্ছ, নিকা আৰু মুক্ত পৰিবেশত অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰ জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত সুমিত…
তিনিচুকীয়ালৈ আহিয়ে আছে লক্ষ লক্ষ টকাৰ ড্ৰাগছ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৭ জুলাই : ড্ৰাগছ আসক্তিৰ পৰিণতিত তিনিচুকীয়া জিলাত অভাৱনীয় হাৰত এইচ আই ভি পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ভয়াবহ তথ্য পোহৰলৈ অহাৰ পাছত এইবাৰ ফাদিল হৈছে ডিমাপুৰৰ পৰা নিত্য নতুন কৌশলেৰে তিনিচুকীয়ালৈ লক্ষ লক্ষ টকাৰ ড্ৰাগছ সৰবৰাহৰ উদ্বেগজনক তথ্য ৷ ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত পুৰুষ আৰু মহিলা সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ ড্ৰাগছৰ সৰবৰাহ কৰি আহিছে ৷ আজি পুৱা নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬০ লক্ষ টকাৰ সন্দেহজনক হেৰ’ইন ৷…