Browsing Category

অসম

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ৰূপকোঁৱৰৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন

উত্তৰ লখিমপুৰ, ১৭ জুনঃ অসমীয়া সংস্কৃতি আৰু সাহিত্যলৈ তেওঁৰ অপৰিসীম অৱদানৰ কথা স্মৰণ কৰি আজি ৰাজ্যৰ বাকী অংশৰ লগতে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়তো ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ১২০ সংখ্যক জন্ম বাৰ্ষিকী পালন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ লোহিত হাজৰিকাই মহান শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ আগত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কাৰ্যালয়ৰ কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পুষ্পাঞ্জলি অৰ্পণ কৰে। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তিলক চন্দ্ৰ ডেকাই ৰূপকোঁৱৰৰ জীৱন আৰু ৰচনা আৰু তেওঁ অসমীয়া…

তেজপুৰৰ ঔগুৰি পাহাৰ গতালে হোটেল কোম্পানীক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ যিসময়ত ৰাজ্যৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হৈছে,সেই সময়তে তেজপুৰৰ ঔগুৰি পাহাৰ গতাই দিয়া হৈছে কোনো ব্যৱসায়িক৷ তেজপুৰীয়া ৰাইজৰ অজ্ঞাতে তেজপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত তথা চৰকাৰী অনুমোদনত এই কাৰ্য কৰা হৈছে৷ প্ৰনিধানযোগ্য যে,ঔগুৰি পাহাৰৰ কাষতে উত্তৰ অসম বনসংমণ্ডল বিষয়াৰ কাৰ্যালয় থকাৰ লগতে চৰকাৰী ভাবে এখন উদ্যান স্হাপন কৰা হৈছে৷ এই উদ্যানৰ গাতে লাগি থকা পাহাৰটোৰ শীৰ্ষ অংশৰ বৃহৎ পৰিমাণৰ এটা অংশ এতিয়া তেজপুৰ হোটেল প্ৰাইভেট লিমিটেডৰ দখলত৷ বৃহৎ ফলক আঁৰি পাহাৰটোত খননো চলাই থকা হৈছে৷ আজি…

জ্যোতি বন্দনাৰে মুখৰ হ’ল তেজপুৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৭ জুন: ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২১ সংখ্যক ওপজা দিনটোত আজি পুৱাৰে পৰা প্ৰতিকুল বতৰকো নেওচি ৰূপকোঁৱৰ গৰাকীৰ কৰ্ম সাধনাৰ স্হলী তেজপুৰত ৰূপকোঁৱৰ বন্দনাৰে মুখৰিত কৰি তোলে কেবাটাও অনুষ্ঠানে। ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক "পকী" অৰ্থাৎ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতী প্ৰাংগনত ৰূপকোঁৱৰৰ আৱক্ষ মূৰ্তিত জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰাৰ সমান্তৰাল ভাৱে জ্যোতি ভাৰতীৰ শিল্পী সোণটি শৰ্মা আৰু…

ডিপোতা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে যুৱকক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৭জুনঃ তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী ডিপোতা নৈৰ বাঢ়নি পানীৰ সোঁতে কালি সন্ধ্যা প্ৰায় ৭মান বজাত এজন যুৱকক উটুৱাই নিয়ে৷ বাঁহবাৰী মৌজা অন্তৰ্গত ঘগৰা আৰু কঠালগুৰি সংযোগী পথৰ ওপৰত থকা ডিপোটা দলংঙত সংঘটিত হয় এই শোকাবহ ঘটনাটো৷ উল্লেখ্য যে, ডেকা চুবুৰী খণ্ডৰ বেতনি বস্তী সুখু ভেংৰাৰ ১৬ বছৰীয়া পুত্ৰ অমুজ ভেংৰা কালি সন্ধিয়া বজাৰ কৰিবলৈ বুলি আহি থকা অৱস্থাতে পথটোত থকা এখন দলঙৰ সমীপত পানীৰ প্ৰৱল সোঁতে উটুৱাই নিয়ে৷ উল্লেখযোগ্য যে,বাৰিষা ডিপোতা নৈয়ে এক কালৰূপ ধাৰণ কৰে আৰু সম্প্ৰতি নৈখনৰ পানী উদ্বেগজনকভাবে বৃদ্ধি…

অসমৰ বন বিষয়া-কৰ্মীলৈ অৰুণাচলীৰ গুলীচালনা

অসম অৰুণাচল সীমান্তৰ ৰামপুৰত উত্তেজনা পুনৰ অসমৰ বনাঞ্চল ধবংস শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ জুনঃ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত ৰামপুৰত আজি অৰুণাচলীয়ে পুনৰ অসমৰ বন বিষয়া-কৰ্মীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ উল্লেখ্য যে অসম-অৰুণাচল সীমান্তৱৰ্তী ৰামপুৰ বেলবস্তিৰ পশ্চিম দিশে ফকলেনেৰে অসমৰ বনাঞ্চল ধ্বংস কৰা কাৰ্যৰ খবৰ লাভ কৰি অসম তথা লখিমপুৰৰ উচ্চ পদস্থ আৰক্ষী বিষয়া, জিলা বন সংমণ্ডল প্ৰাধিকাৰী আদি বিষয়া-কৰ্মচাৰীসকল উক্ত স্থানত উপস্থিত হোৱাৰ সময়তে এনে ঘটনা সংঘটিত হয়৷ আজি পুৱাৰ ভাগতে একাংশ অৰুণাচলীয়ে…

নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীত প্ৰতিবাদ অব্যাহত প্ৰাথমিক শিক্ষক সন্মিলনীৰ

শতাব্দ  ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬ জুনঃ অসমৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টিৰ দাবীৰ সমৰ্থনত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা,সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ আৰু প্ৰাথমিক ষ্টেটপুল শিক্ষক সন্থাৰ সহযোগত ৰাজ্যজুৰি চলাই থকা গণ স্বাক্ষৰ অভিযানৰ পিছত আজি তেজপুৰত বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত মত বিনিময় কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত জিলাখনৰ ৯ টাকৈ বিভিন্ন জাতীয় সংগঠনে শিক্ষক সন্মিলনীৰ এই ন্যাৰ্য দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াই আগন্তুক সময়ত সহযোগিতা আগবঢ়োৱাৰ…

১৯৯০ চনৰ পৰা বিনা বেতনেৰে চাকৰি কৰা অগ্নিগড় বিদ্যাপীঠৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ অৱশেষত আত্মহনন

শোচনীয় আৰ্থিক অৱস্থাৰ কথা প্ৰধান শিক্ষকলৈ লিখি থৈ ল'লে কঠোৰ সিদ্ধান্ত শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৬ জুন : অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া বিভিন্ন দাবী আৰু হা-হুমুনিয়াহৰ মাজত আজি তেজপুৰত তেনে এখন আগশাৰীৰ অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে অতি কৰুণ ভাৱে আত্মহননৰ পথ বাচি ল'ব লগা হোৱা ঘটনাই সকলোকে ম্ৰিয়মান কৰি তুলিছে । ১৯ ৮৫ চনতে তেজপুৰৰ জয়মতী পথাৰৰ সমীপত থকা দণ্ডিনাথ স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ একেটা চৌহদতে তেজপুৰৰ একাংশ শিক্ষানুৰাগী ৰাইজে গঢ়ি তুলিছিল "অগ্নিগড় বিদ্যাপীঠ"…

তেজপুৰৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক কৰ্মী অমল সেনগুপ্তৰ দেহাৱসানত তেজপুৰত শোক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৬ জুনঃ তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী তথা সাংস্কৃতিক সংগঠক আৰু দুৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক তথা সৰবৰহী ব্যক্তি অমল সেনগুপ্তৰ আজি দুপৰীয়া হৃদৰোগত আক্ৰান্ত হৈ ৫৪ বছৰ বয়সত বিয়োগ ঘটাত তেজপুৰৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে৷ ৰিংকু নামৰে সকলোৰে মাজত জনপ্ৰিয় সেনগুপ্তই ১৯৬৯ চনত জন্মগ্ৰহণ কৰিছিল আৰু ওৰাং হাইস্কুলৰ পৰা প্ৰৱেশিকাত উত্তীৰ্ণ হোৱাৰ পিছত দৰং মহাবিদ্যালয়ত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী আৰু পৰৱৰ্তী সময়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেজপুৰতে সামাজিক জীৱনত জড়িত হোৱাৰ সমান্তৰালভাৱে নিজকে…

চাকৰি দিয়াৰ নামত লাখ লাখ সংগ্ৰহ : তিনিচুকীয়াৰ ডি চি অফিচৰ কৰ্মচাৰীসহ ধৃত ৩

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৬ জুন : চতুৰ্থ বৰ্গৰ পদত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত বৃহস্পতিবাৰে নিশা কাৰ্বি আংলঙৰ হামৰেণ থানাৰ আৰক্ষীয়ে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুই কৰ্মচাৰীসহ ৩ জন লোকক আটক কৰে ৷ আটকাধীন তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দুই ঠিকা ভিত্তিক কৰ্মচাৰী ক্ৰমে প্ৰদীপ তাণ্ডিয়া আৰু দীপক থাপা বুলি প্ৰকাশ ৷ তৃতীয়জন ধৃত ব্যক্তি মৰাণত ক’চিং শিক্ষকৰূপে কৰ্মৰত তিনিচুকীয়াৰ বাৰেকুৰি নিবাসী অনিল মৰাণ বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে ৷ হামৰেণ থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪১৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ৰুজু হোৱা…

সোৱণশিৰি বান্ধত জলপ্ৰলয়ৰ পিছতে এইবাৰ খহিছে পাহাৰ

নাওবৈচাৰ বান পৰিস্থিতি অপৰিৱৰ্তিতঃ ন ন অঞ্চল প্লাবিত  শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৬ জুনঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ জলপ্ৰলয়ৰ সূচনা হোৱাৰ সময়তে এইবাৰ বান্ধত খহি পৰিছে পাহাৰ৷ গেৰুকামুখ পাহাৰৰ ভূমি সোৱণশিৰি বান্ধত খহি পৰাৰ ফলত সম্প্ৰতি প্ৰকল্পটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুদিন পূৰ্বে নিৰ্মীয়মান প্ৰকল্পটোত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ পিছতে আজি পুৱাৰে পৰা বান্ধৰ ওপৰ অংশত তথা বান্ধৰ বাওঁপাৰে পাহাৰৰ মাটি খহি পৰাত প্ৰকল্পটোতে আতংকৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি ইতিপূৰ্বে গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ ভূমিস্খলন হৈ…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More