অৰুণাচল সীমান্তত চীনৰ কর্মকাণ্ড অব্যাহতঃ জনালে ভাৰতীয় সেনাই

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৭ মে’ : লাদাখ সংঘাতৰ পৰিণতিত বিগত ২০২০ চনৰ মে’ মাহৰ পৰা ভাৰত আৰু চীনৰ সম্পর্ক বৰ সুখকৰ নহয়। দুয়োখন দেশৰ সেনাৰ মাজত গালৱান সংঘাত আৰু তাত একাধিক ভাৰতীয় জোৱান ছহিদ হোৱা ঘটনা আজিও ভাৰতে পাহৰিব পৰা নাই। অৱশ্যে পৰৱর্তীকালত পৰিস্থিতি সামান্য নিয়ন্ত্রণলৈ আহিলেও চীনৰ গতিবিধিত কাঢ়া নজৰ ৰাখিছে ভাৰতে। ইয়াৰ মাজতে জনা গৈছে, পূব প্রান্তৰ অৰুণাচল সীমান্তত চীনে পুনৰ নির্মাণকাৰ্য অব্যাহত ৰাখিছে। এই কথা জনাইছে ভাৰতীয় সেনাই। গোটেই অৰুণাচল প্রদেশ সীমান্ত ঘেৰি যি এলেকা আছে, তাতেই চীনে নির্মাণকাৰ্য চলাই গৈছে। উল্লেখ্য যে, বহুদিন ধৰি চীনৰ দাবী— তেওঁলোকে অৰুণাচলক ভাৰতৰ অংশ বুলি মানি নলয়। চীনৰ এনে কর্মকাণ্ডই ৰীতিমত হতবাক কৰিছে অনেকক। ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডৰ কমাণ্ডাৰ ইন চীফ জেনেৰেল আৰ পি কলিতাই চীনৰ এই নির্মাণকাৰ্যক লৈ বক্তব্য কৰিছে। তেওঁৰ মতে অৰুণাচল সীমান্ত সংলগ্ন এলেকাত চীনে যিবোৰ গাঁও নিৰ্মাণ কৰিছে, সেইসমূহ দুটা কামত ব্যৱহাৰ কৰিব পাৰে বেইজিঙে। এই নির্মাণকাৰ্য সম্পর্কে জেনেৰেল কলিতাই কয়— ”তিব্বত অঞ্চলত প্রকৃত নিয়ন্ত্রণ ৰেখাজুৰি প্রচুৰ পৰিকাঠামোৰ উন্নয়ন চলিছে। বিপক্ষই ক্রমাগতভাৱে তেওঁলোকৰ ৰাস্তা, ৰেল আৰু বিমান সংযোগৰ উন্নতি ঘটাইছে, যাতে তেওঁলোকে এক বিশেষ পৰিস্থিতিত তৎপৰ হ’বলৈ বা বাহিনীক একত্রিত কৰিবলৈ আৰু অধিক ভাল অৱস্থানত থাকে।” তেওঁ আৰু কয় যে, সমগ্ৰ পৰিস্থিতি সেনাৰ নজৰত আছে। জেনেৰেল কলিতাই কয়— “আমিও আমাৰ পৰিকাঠামোৰ উন্নতি কৰিছোঁ। মেকানিজম তৈয়াৰ কৰা হৈছে, যাতে পৰিস্থিতি নিয়ন্ত্রণত ৰাখিব পৰা যায়।” উল্লেখ্য যে, অৰুণাচল এলেকাৰ পৰিৱেশ পৰিস্থিতি সেনাৰ বাবে অত্যন্ত প্ৰত্যাহ্বানমূলক। সেয়া অতিক্ৰমিয়েই ভাৰতীয় সেনাই দেশক নিৰাপত্তা দি আহিছে অতন্দ্র প্রহৰীৰ ৰূপত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More