আক্ৰান্তক বুজাবুজিৰ বাবে হেঁচা

ৰঙাপৰা আৰক্ষীৰ কাৰ্যত ৰহস্য

0 19
শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫ফেব্ৰুৱাৰীঃ চৰকাৰীভাবে ৰাজ্যৰ আৰক্ষীক নতুনৰূপ আৰু কাৰ্মতৎপৰ কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত ল’লেও আৰক্ষীৰ অৱস্থা একেদৰেই আছে৷পূৰ্বৰ দৰেই মূল অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল হ’লেও কোনো অনুসন্ধান নকৰি ওলোতাই পীড়িতৰ বিৰুদ্ধেহে অভিযুক্তই পাছত ষড়যন্ত্ৰমূলক ভাবে দাখিল কৰা এজাহাৰৰ ভিত্তিত হাৰাশাস্তি কৰাৰ উপৰি অভিযুক্তৰ স’তে পীড়িতক বুজাবুজি কৰি ল’বলৈ হেঁচা দিয়া ৰহস্যজনক ঘটনা ঘটি আহিছে আৰু আৰক্ষীৰ এনে কাৰ্যৰ বাবেই অভিযুক্তৰ  নতুন একোটা ঘটনা সংঘটিত কৰিবলৈ সাহস বৃদ্ধি পাইছে৷শোণিতপুৰৰ ৰঙাপৰা আৰক্ষী থানা অন্তৰ্গত বৰজুলি হাটখোলা অঞ্চলতো এনে এক ঘটনাই সংঘটিত হৈছে আৰু এজাহাৰ দাখিলৰ পাছতো পীড়িতই ন্যায় বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে৷ঘটনাৰ বিৱৰণি অনুসৰি,যোৱা ২৩ফেব্ৰুৱাৰীত ক্ৰিকেট খেলি থকা অৱস্থাত অঞ্চলটোৰ চেলিম আনচাৰি নামৰ যুৱকজনৰ ইব্ৰাহিম শ্বেখ নামৰ আন এজন যুৱকৰে তৰ্কৰ সূত্ৰপাত ঘটে আৰু ইব্ৰাহিমে চেলিমক ক্ৰিকেট বেতৰে প্ৰহাৰ কৰে৷পিছত সেইদিনা সন্ধিয়া প্ৰায় সাত বজাত পাচলি ব্যৱসায়ী চেলিম ভুচুৰী অঞ্চলৰ পৰা ব্যৱসায়ৰ ধন সংগ্ৰহ কৰি উভতি অহাৰ সময়ত পুণৰ ইব্ৰাহিমে সহযোগী ইচৰাফিল, আব্দুল কায়ুমৰ লগতে ইৰফান শ্বেখৰ সহায়ত আক্ৰমণ কৰে৷গুৰুতৰ আঘাতপোৱা চেলিমে কোনোমতে ঘটনাস্থলীৰ পৰা পলায়ন কৰি এইবিষয়ে আত্মীয়ক জনাই আৰু তেতিয়া চেলিমৰ আত্মীয় ঘটনাস্থলীলৈ আগবাঢ়ি অহাত আক্ৰমণকাৰীসকলে পলায়ন কৰে৷উল্লেখযোগ্য যে,আক্ৰমণকাৰী দলটোত মুখত কাপোৰ বন্ধা আৰু দুৰ্বৃত্ত আছিল৷ হাত,পিঠি আৰু কাণত গুৰুতৰ আঘাতপ্ৰাপ্ত চেলিমক স্হানীয় চিকিৎসাকেন্দ্ৰ আৰু পিছত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰা হয় য’দিও বৰ্তমান তেওঁ এখন কাণৰে শুণিবলৈ সক্ষম হোৱা নাই৷ঘটনা সন্দৰ্ভত চেলিমে ৰঙাপৰা আৰক্ষী থানাত সেইদিনাই এজাহাৰ দাখিল কৰে য’দিও এজাহাৰৰ বিৰুদ্ধে গোচৰ ৰুজু নহ’ল৷আনহাতে,অভিযুক্ত আক্ৰমণকাৰী পক্ষয়ো পাছত আকৌ পীড়িত চেলিমৰ লগতে তেওঁৰ পৰিয়ালৰ একাংশৰ বিৰুদ্ধেহে এজাহাৰ দাখিল কৰা বুলি আৰক্ষীয়ে সদৰি কৰি বৰ্তমান বিষয়টো ওলোমাই ৰখাই নহয়,তদন্তৰ নামত কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই৷ইয়াৰ বিপৰীতে বিষয়টো তথাকথিত বুজাবুজিৰে ইতি পেলোৱাতহে গুৰুত্ব দিয়া বুলিও অভিযোগ উঠিছে৷আক্ৰমণৰ সন্মুখীন হোৱা চেলিমৰ শৰীৰত স্পষ্ট চিহ্ন থকা সত্বেও আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে তৎক্ষাণিক ব্যৱস্থা গ্ৰহণ নকৰাত এনেসকল অভিযুক্তই পুৰ্বৰ দৰেই পুণৰ একে ঘটনাৰে যে পুণৰাবৃত্তি নঘটাব তাৰ কি নিশ্চয়তা আছে বুলিও প্ৰশ্ন উত্থাপিত হৈছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More