শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ তেজপুৰত আজি জনতাৰ ৰোষত পৰে এজন আৰক্ষী বিষয়া৷আনকি এগৰাকী যুৱতীলৈ আপত্তিকৰ বাৰ্তা প্ৰেৰণৰ অভিযোগত ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হয়৷উল্লেখযোগ্য যে,তেজপুৰ আৰক্ষী চাউনিত সশস্ত্ৰ পৰিদৰ্শকৰূপে কৰ্মৰত লোহিত ৰাজবংশী নামৰ আৰক্ষী বিষয়াজনে তেজপুৰৰ বৰুৱাচুবুৰীত ঘৰ সাজি থাকিবলৈ লোৱাৰ সুবাদতে পৰিচিত এগৰাকী যুৱতীৰ মোবাইললৈ প্ৰেৰণ কৰিছিল আপত্তিজনক বাৰ্তা৷যুৱতীগৰাকীক আপত্তিজনক আলোকচিত্ৰ বিচাৰি দিয়া বাৰ্তাৰ বিষয়ে যুৱতী গৰাকীয়ে প্ৰথমে পৰিয়ালক অৱগত কৰাৰ পিছত গাওঁবাসীৰ দৃষ্টিগোচৰ হয় বিষয়টো৷আজি কৰ্তব্যৰ মাজতে ঘৰলৈ যোৱা আৰক্ষী বিষয়াজনক বৰুৱাচুবুৰীৰ গাওঁবাসীৰ ৰোষত পৰে৷পাছত আৰক্ষী বিষয়াজনে নিজৰ খাকী পোছাক পৰিধান কৰিয়েই ৰাইজক ক্ষমা খোজে আৰু ভৱিষ্যতে তেনে কাম নকৰাৰ মৌখিক প্ৰতিশ্ৰুতি দিয়ে৷পাছত ঘটনাস্থলীৰ পৰা তেজপুৰ আৰক্ষীৰ দলে তেওঁক উদ্ধাৰ কৰি সদৰ আৰক্ষী থানালৈ লৈ আহে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.