উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ বাবে স্থাপন হব চেটেলাইট : কিৰেন ৰিজিজু

0 24

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ জুলাই : ইছৰ’ৰ বিজ্ঞানীক ধন্যবাদ জনালে কেন্দ্ৰীয় Earth Science মন্ত্ৰী কিৰেন ৰিজিজুৱে। আজি তেজপুৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই চন্দ্ৰ যান সফলতাৰে চন্দ্ৰ পৃষ্ঠত অৱতাৰণ কৰাৰ বাবে তেওঁ প্ৰাৰ্থনা জনায় কয় যে বিশ্বৰ চতুৰ্থ খন দেশ হবলৈ গৈ আছে ভাৰতবৰ্ষ । ইয়াৰ পৰা ১.৪ বিলিয়ন ভাৰতবাসীৰ সপোন দিঠকত পৰিণত হব বুলি তেওঁ আশাবাদী ।লগতে আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ফ্ৰাঞ্চৰ ৰাজধানী পেৰিচত অতিথি হিচাপে উপস্থিত থাকি প্ৰতিৰক্ষাৰ লগতে বিভিন্ন চুক্তিত স্বাক্ষৰ কৰি দেশৰ বাবে ভাল খবৰ আনিবলৈ সক্ষম হৈছে । মন্ত্ৰী ৰিজিজুৱে আজি অৰুণাচল প্ৰদেশত এটা নেচনেল চেণ্টাৰ অব এছিলেণ্ট ছপোৰ্টছ চেণ্টাৰৰ শিলান্যাস কৰে লগতে কৃষকৰ সুবিধাৰ্থে চেটেলাইট স্থাপন কৰা হব বুলি কয়। আনহাতে মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত কয় যে গৃহমন্ত্ৰী ৰাজ্যখনত তিনিদিন থাকি পৰ্যালোচনা কৰিছে আৰু গৃহমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক প্ৰতিনিধিত্ব কৰে গতিকে প্ৰধানমন্ত্ৰীয়ে মাত নিদিয়াৰ কোনো কথা থাকিব নোৱাৰে বুলি তেওঁ কয় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More