শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ লখিমপুৰ জিলাৰ শ’লাল তেলাহী কমলাবৰীয়াত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত আৰম্ভ কৰা হৈছিল উত্তৰ অসমৰ প্ৰথমটো ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই] প্ৰকল্প৷ শেহতীয়াকৈ এই প্ৰকল্পত প্ৰদান কৰা বক্সিং আৰু ফুটবল খেল কৰ্তন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে লখিমপুৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এনে সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ ইতিমধ্যে ৰাজ্যৰ মন্ত্ৰী বিধায়ককে ধৰি চৰকাৰক দাবী জনোৱা হৈছে৷ যিসময়ত এই প্ৰকল্পটোৱে আশাৰ বতৰা কঢ়িয়াই আনিছিল তেনে সময়তে দিল্লীয়ে অসম তথা লখিমপুৰক সম্পূৰ্ণ মাহীআইৰ দৃষ্টিৰে চোৱা কাৰ্যক সকলোৱে তীব্ৰ সমালোচনা কৰিছে৷ উল্লেখনীয় কথা যে এই প্ৰকল্পটোত ফুটবল খেলুৱৈ, বক্সাৰ আদিয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি অহাৰ সময়তে আৰু ন ন শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰাৰ সময়তে চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰাত লখিমপুৰৰ সৰ্বত্ৰ ক্ষোভৰ উদগীৰণ হৈছে৷ লক্ষণীয় কথা যে তদানীন্তন কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বহু প্ৰচেষ্টাত ২০২১ বৰ্ষৰ ডিচেম্বৰ মাহত লখিমপুৰত এই ক্ৰীড়া প্ৰকল্পটোত শুভাৰম্ভ কৰা হৈছে৷ কেৱল কন্যা বা ছোৱালীৰ ক্ৰীড়া প্ৰশিক্ষণৰ বাবে সুবিধা বিশিষ্ট ক্ৰীড়া প্ৰকল্পটোত বক্সিং, ফুটবল আৰু ভাৰোত্তোলন শাখাত প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰি অহাৰ সময়তে কেন্দ্ৰই ঘোষণা কৰা এনে নিৰ্দেশনাই সকলোকে আচৰিত কৰি তুলিছে৷ এই ক্ষেত্ৰত ক্ৰীড়া সংগঠক, খেলুৱৈ আদিয়ে কয় যে এই প্ৰকল্পটোৰ পৰা বক্সিং আৰু ফুটবল খেলক স্থানান্তৰ কৰা হৈছে বুলি উল্লেখ কৰিলেও তেনে প্ৰশিক্ষাৰ্থীসকলক কোন ঠাইত প্ৰশিক্ষণ দিয়া হ’ব সেই বিষয়ে উল্লেখ কৰা নাই৷ নৱ-নিৰ্মিত প্ৰকল্পটোত বক্সিং আৰু ফুটবল খেলৰ প্ৰশিক্ষণ থকাৰ লগতে বিভিন্ন সা-সঁজুলিৰো ব্যৱস্থা থকাৰ পিছত কিয় এই খেল দুবিধ ইয়াৰ পৰা প্ৰত্যাহাৰ কৰিব বিছাৰিছে তাক লৈ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে৷ বিভিন্নজনে কয় যে এই ছাই প্ৰকল্পৰ পৰা বক্সিং আৰু ফুটবল খেল কৰ্তন কৰিবলৈ লোৱা সিদ্ধান্তক কোনো কাৰণতে মানি লোৱা নহ’ব৷ কেন্দ্ৰৰ এনে সিদ্ধান্তই উত্তৰ পূৱৰ খেলুৱৈসকলৰ মনোবল হ্ৰাস কৰি পেলাব বুলি সকলোৱে উল্লেখ কৰিছে৷ অৱশ্যে এই সন্দৰ্ভত লখিমপুৰৰ শলালত থকা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ কেন্দ্ৰৰ তত্বাৱধায়ক মৃণাল বসুমতাৰীয়ে কয় যে লখিমপুৰৰ পৰা যাতে কোনো কাৰণতে এই ক্ৰীড়া কৰ্তন কৰা নাযায় তাৰ বাবে তেওঁলোকে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ লক্ষণীয় কথা যে শ’লালৰ এই প্ৰকল্পটোত সাঁতোৰ প্ৰশিক্ষকক নিযুক্তি দিয়াৰ পিছতো চুইমিং পুলৰ অভাৱত এইপৰ্যন্ত প্ৰশিক্ষণ আৰম্ভ কৰিব পৰা নাই৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.