বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ আহ্বান

তেজপুৰ জিলা মহিলা সমিতিৰ বাৰ্ষিক বিহু মেলাৰ সামৰণি  

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ এপ্ৰিল: অৰ্থনৈতিক সবলীকৰণ এগৰাকী মহিলা সামাজিক বা আন ক্ষেত্ৰতো সবল হোৱাত সহায়ক হয় ৷ কৃষি কাৰ্য , খাদ্যবস্তু প্ৰস্তুত কৰণ বা বোৱা কটা আদিৰ জৰিয়তে এগৰাকী মহিলা স্বাৱলম্বী হৈ নিজকে নিজে সৱলীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷ এই মন্তব্য উত্তৰ পূৱ ভাৰতৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা লেখক টেৰেছা ৰহমানৰ ৷ উল্লেখ্য যে, প্ৰতিবছৰৰ দৰে কালি দিনযোৰা কাৰ্যসূচীৰে তেজপুৰ জিলা মহিলা সমিতিয়ে আয়োজন কৰা বাৰ্ষিক বিহুমেলাৰ মূল সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি টেৰেছা ৰহমানে বোৱাকটা বিষয়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰি এই ক্ষেত্ৰত মহিলা সমিতিক পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনায় ৷ তেওঁ প্ৰতি গৰাকী অসমীয়া মহিলাই গামোচা ববলৈ জনাতো দৰকাৰ বুলি মন্তব্য কৰে ৷ মহিলা সমিতিৰ প্ৰেক্ষাগৃহত সমিতিৰ সদস্যা সকলে পৰিবেশন কৰা হুঁচৰিৰে আৰম্ভ হোৱা সভাত জিলা মহিলা সমিতিৰ সভানেত্ৰী মানসী দত্ত, মিতা নাংগীয়া গোস্বামী, বিশিষ্ট সমাজকৰ্মী তথা সমিতিৰ উপদেষ্টা মীনাক্ষী ভূঞা আদিয়ে ভাষণ দিয়ে ৷ জিলা মহিলা সমিতিৰ সম্পাদিকা ইৰু দেৱী আগৰৱালাই উদ্দেশ্য বাখ্যা কৰা আৰু আঁত ধৰা অনুষ্ঠানত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে স্বাৱলম্বী মহিলা যোগেশ্বৰী দেৱীয়ে ৷ মহিলা সমিতিৰ শিপিনী সকলে তৈয়াৰ কৰা পাট, মুগাৰ বিভিন্ন সাজপাৰ, গামোচা, কপাহী মেখেলা চাদৰ আদি এই প্ৰদৰ্শনীত উপলব্ধ হয় ৷ এই বাৰ্ষিক বিহু মেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা বিয়ানাম প্ৰতিযোগিতাত মুঠ ১৩ টা দলে যোগদান কৰে ৷ প্ৰতিযোগিতাত অগ্নিশিখা বিয়া নামৰ দলে প্ৰথম স্হান লাভ কৰি নগদ তিনি হেজাৰ টকা মানপত্ৰ আৰু বঁটা লাভ কৰে ৷ দ্বিতীয় স্হান লাভ কৰি নগদ দুই হেজাৰ টকা আৰু মানপত্ৰ আৰু বঁটা লাভ কৰে আইদেউ মহিলা সমিতিয়ে ৷ তৃতীয় স্হান লাভ কৰে তেজস্বনী মহিলা দলে তেঁওলোকক নগদ ১৬শ টকা সহ মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হয় ৷ চতুৰ্থ স্হান লাভ কৰা চিত্ৰলেখা মহিলা দলক ১৫শ টকা মানপত্ৰ আৰু বঁটা আগবঢ়োৱাৰ উপৰি উদ্গনি মূলক বঁটা লাভ কৰে স্বৰাগিনী বিয়া নামৰ দলে ৷ তেঁওলোকক নগদ এহেজাৰ টকা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More