উত্তৰ লখিমপুৰত দেৱালীত ব্যৱহৃত কলগছ সংগ্ৰহ কৰি তৈয়াৰ কৰিব সূতা-সাৰ

ৰাইজক সহযোগিতাৰ আহ্বান

0 169

উত্তৰ লখিমপুৰ, ২৪ অক্টোবৰঃ দীপাৱলীৰ উপলক্ষে বেছিভাগ হিন্দু পৰিয়ালে নিজৰ ঘৰ, কাৰ্যালয়, দোকান ফুল, চাকি, কল আৰু কলৰ পাতেৰে সজাই তোলে। দোকানৰ সন্মুখত আৰু ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখত কল গছ ৰখাটো উৎসৱৰ বতৰত শুভ বুলি বিবেচনা কৰা হয়। তাৰ বাবে মানুহে বহু মূল্য দি কল গছ কিনা দেখা যায়। কিন্তু পিছদিনাখনেই এই কলগছ জাবৰ-জোঁথৰৰ লগত পেলাই দিয়া হয় । প্ৰথমবাৰৰ বাবে AInA Welfare Foundation য়ে এই কলৰ আৱৰ্জনা সংগ্ৰহ কৰি ফাইবাৰ (আঁহ বা সূতা), জৈৱ সাৰ আদিলৈ ৰূপান্তৰিত কৰাৰ লগতে নিবনুৱা যুৱক যুৱতীসকলৰ বাবে নিয়োগ সৃষ্টিৰ বাবে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই উদেশ্য সফলতাৰে সম্পন্ন কৰাৰ বাবে প্ৰত্যেকৰে সহযোগিতা আৰু সহায়ৰ প্রয়োজন। দীপাৱলীৰ সময়ত ২ কোটিৰো অধিক কল গছ কটা যায়৷ Aina welfare foundation এ এই আৱৰ্জনা কলগছ সমূহ উত্তৰ লখিমপুৰ চহৰৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছে আৰু এই কাৰ্যত উত্তৰ লখিমপুৰ পৌৰ নিগমে সম্পূৰ্ণৰূপে সহযোগিতা আগ বহুওৱাৰ প্ৰতিশ্ৰুতি দিছে । সেই মৰ্মে সংগঠনটোৱে ৰাইজলৈ অনুৰোধ কৰিছে যে কলগছ সমূহ মাজতে টুকুৰা নকৰাকৈ গোটা ভাবে, পৌৰ নিগমে যি অঞ্চলৰ পৰা কলগছ সমূহ সংগ্ৰহ কৰে সেই ঠাইত জমা কৰি সেই সমূহক সম্পদলৈ ৰূপান্তৰিত কৰাত সহযোগ কৰে যেন। ৰাইজৰ এটা সৰু খোজে কাৰোবাৰ পৰিয়াললৈ দুসাঁজ খাদ্যৰ যোগান ধৰিব পাৰে বুলি সংগঠনটোৱে জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More