উত্তৰ লখিমপুৰ পৌৰসভাত হাহাকাৰঃ পুৱাই কাৰ্যবাহী বিষয়াক উপায়ুক্তৰ ধমক
কাৰ্যবাহী বিষয়াই স্বীকাৰ কৰিলে অসহায়তাৰ কথাঃ খণ্ড প্ৰতিপালকৰ কাৰ্যত ক্ষোভৰ অগনি জ্বলিছে শাসকীয় দলীয় কৰ্মীৰ মাজত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ এপ্ৰিলঃ উত্তৰ লখিমপুৰ পৌৰসভাত বজাৰ-পাৰ্কিং আৱণ্টনৰ নামত সংঘটিত কৰা ব্যাপক অনিয়মৰ তথ্য আজি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে উত্তৰ লখিমপুৰ পৌৰসভাত একপ্ৰকাৰে হাহাকাৰ লাগে৷ মঙ্গলবাৰে পৌৰসভাখনত বজাৰ-পাৰ্কিং বন্দোবস্তি দিয়াৰ নামত কেনেদৰে চৰকাৰৰ বৃহৎ ৰাজহ লোকচান কৰি আৰু এজনীয়া নিবিদা দাখিল কৰাৰ পিছতো তেনে লোকক পাৰ্কিং বন্দোবস্তি দিয়া কাৰ্যৰ বিৰুদ্ধে বুধবাৰে সবিস্তাৰে বাতৰি প্ৰকাশ পায়৷ এই বাতৰি প্ৰকাশৰ পিছতে পুৱাই জিলা উপায়ুক্তই উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়াক একপ্ৰকাৰে ধমক দি বিষয়টো সন্দৰ্ভত সকলো নীতিমতে থিক-থাক কৰিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে কাৰ্যবাহী বিষয়া কেচিঅ’ কৰণ পেগুৱে আজি বাতৰি প্ৰকাশ পোৱাৰ পিছতে কয় যে বজাৰ-পাৰ্কিং আৱণ্টনৰ দিয়াৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ অসহায়৷ এই ক্ষেত্ৰত তেওঁ বন্দোবস্তি পত্ৰত স্বাক্ষৰো কৰা নাই বুলি উল্লেখ কৰি পৌৰসভাখনেহে সকলো কৰা বুলি জানিবলৈ দিয়ে৷ কেৱল এখন নিবিদা দাখিল কৰা লোকক কেনেদৰে পাৰ্কিং আৱণ্টন দিলে সেই বিষয়ে তেওঁৰ পৰা জানিব বিচৰাত তেওঁ কয় যে এই কাম তেওঁ কৰা নাই বৰ্ডেহে কৰিছে৷ তদুপৰি বাতৰিত প্ৰকাশ পোৱা পেগু উপাধিৰ লোকজনক তেওঁ চিনি নাপায় আৰু তেওঁৰ কোনো ঘনিষ্ঠ নহয় বুলিও কয়৷ ইফালে উত্তৰ লখিমপুৰ পৌৰসভাৰ একাংশ কাম-কাজত শাসকীয় দলৰ বহু নেতা-কৰ্মীয়ে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে৷ বিশেষকৈ ৰাস্তা ঘাট, নলা-নৰ্দমা নিৰ্মাণ, বজাৰ, পাৰ্কিং আদি আৱণ্টনৰ ক্ষেত্ৰত তেওঁলোকক কোনোধৰণৰ সুযোগ সুবিধা নিদিয়া বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে একাংশ খণ্ড প্ৰতিপালকে কমিচনৰ বিনিময়ত নিজৰ ঘনিষ্ঠ লোকক ঠিকা-ঠুকলি, বজাৰ-পাৰ্কিং আদি আৱণ্টনৰ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে৷ এই সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰীক তেওঁলোকে অৱগত কৰিব বুলি জানিবলৈ দিছে৷