‘এয়াৰ ইণ্ডিয়া’ৰ নতুন মুৰব্বী কেম্পবেল উইলছন

0 11

শতাব্দ বিশেষ প্ৰতিনিধি, ১২ মে’ : অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই টাটা গ্ৰুপে ‘এয়াৰ ইণ্ডিয়া’ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে কেম্পবেল উইলছনক। ইয়াৰ পূৰ্বে কেম্পবেল ছিংগাপুৰ এয়াৰলাইন্সৰ এটা কম মূল্যৰ বিমান সেৱা ‘স্কুট'(Scoot)ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে, টাটা গ্ৰুপে ২৭ জানুৱাৰী তাৰিখে এয়াৰ ইণ্ডিয়া অধিগ্ৰহণ কৰাৰ পাছত তাৰ্কিছ এয়াৰলাইন্সৰ ইলকাৰ আইচিক বিমান প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছিল যদিও তেওঁৰ বিতৰ্কিত ৰাজনৈতিক সম্পৰ্কৰ বাবে আইচিয়ে এই নিযুক্তি প্ৰত্যাখ্যান কৰিছিল। ‘এয়াৰ ইণ্ডিয়া’ৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নতুনকৈ নিযুক্তি লাভ কৰা পঞ্চাশ বছৰীয়া কেম্পবেলৰ আছে অসামৰিক বিমান সেৱাত বিশ্বজুৰি সুদীৰ্ঘ ২৬ বছৰৰ অভিজ্ঞতা। বিশ্বৰ এটা শীৰ্ষস্থানীয় বিমান প্ৰতিষ্ঠান ছিংগাপুৰ এয়াৰলাইন্সত ১৯৯৬ চনতেই মেনেজমেন্ট ট্ৰেইনী হিচাপে যোগদান কৰা কেম্পবেলে প্ৰতিষ্ঠানটোৰ প্ৰায় কেউটা বিভাগতে কাৰ্যনিৰ্বাহ কৰি বিমান সেৱাৰ উৎকৃষ্ট অভিজ্ঞতাৰে পুষ্ট। নিযুক্তি লাভ কৰাৰ পাছত তেওঁ কয় যে, ‘এয়াৰ ইণ্ডিয়া’ৰ দৰে এটা প্ৰসিদ্ধ আৰু সন্মানীয় বিমান প্ৰতিষ্ঠানৰ মুৰব্বীৰ পদলৈ তেওঁক নিৰ্বাচিত কৰাৰ বাবে তেওঁ গৌৰৱান্বিত আৰু ভৱিষ্যতে বিমান প্ৰতিষ্ঠানটিক আৰু উন্নত কৰাৰ বাবে বদ্ধপৰিকৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More