কংগ্ৰেছ চৰকাৰ হলে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হবঃ তেজপুৰত ভূপেন বৰা

বিদ্যুৎ মাছুল বৃদ্ধিঃ তিনি অক্টোবৰৰ পৰা কংগ্ৰেছৰ আন্দোলন

0 26

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১অক্টোবৰঃ “প্ৰতি ইউনিতত ১.২৯টকাকৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ যি নিৰ্দেশনা বিজেপি নেতৃত্বাধীন চৰকাৰে জাৰি কৰিছে সেই নিৰ্দেশনা অহা তিনি অক্টোবৰত কংগ্ৰেছ দলে ৰাজ্যজুৰি দাহ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব৷পৰৱৰ্তী নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যত কৰ্ণাটক মডেলৰ চৰকাৰ গঠন কৰিব৷ কংগ্ৰেছ দলৰ চৰকাৰ ৰাজ্যত ক্ষমতালৈ আহিলে ৰাজ্যৰ জনগনক মাহে দুশ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হ’ব৷ তদুপৰি ৰাজ্যৰ পাঁচলাখ কৰ্মচাৰীয়ে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তনৰ যি দাবী কৰি আহিছে,সেয়া কাৰ্যকৰী কৰা হ’ব৷” আজি তেজপুৰত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই এই কথা ঘোষণা কৰে৷ আজি পুৱা ১০-৩০বজাত তেজপুৰৰ হোটেল গ্ৰীণউদত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে,বিজেপিৰ ডাবোল ইঞ্জিনৰ চৰকাৰৰ দিনত বিদ্যুৎ মাছুল তিনিগুণ বৃদ্ধি কৰা হৈছে আৰু ৰাইজৰ সমস্যা বৃদ্ধি হৈছে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সঘনাই বিদ্যুৎ কৰ্টন,বিদ্যুৎ মাছুল বৃদ্ধি আদিৰ বিষয়ে কংগ্ৰেছক সমালোচনা কৰি ক্ষমতালৈ আহিলে ইয়াৰ পৰিৱৰ্তন কৰিব বুলি কৈছিল৷ কিন্তু বিজেপি চৰকাৰ আৰু দল ক্ষমতালৈ অহাৰ পিছত ৰাজ্যৰ এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধি পোৱাৰ বাহিৰে আন পৰিৱৰ্তন একো হোৱা নায়৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ক্ষমতালৈ আহিলে বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে বিদ্যুৎ উৎপাদনৰ স্বাৰ্থত সেই প্ৰতিশ্ৰুতি ভংগ কৰা বুলি ক’লেও ৰাজ্যত প্ৰয়োজন হোৱা বিদ্যুতৰ চাহিদাৰ বিপৰীতে বিদ্যুতৰ উৎপাদন যোৱা সময়চোৱাত বঢ়াব নোৱাৰিলে বুলিও কয় বৰাই৷তেওঁ কয় যে নামনি সোৱণশিৰিত সভা পাতি সৰ্বানন্দ সোনোৱাল আৰু ৰাজনাথ সিঙে নামনি সোৱণশিৰি প্ৰকল্প ভাঙি দিব বুলি কৈছিল৷কিন্তু পাছত ক্ষমতালৈ আহি স্হিতি সলনি কৰিলে৷ ডাবোল ইঞ্জিনৰ চৰকাৰৰ দিনত বিদ্যুতৰ ফিক্সড মাছুল তিনিগুণ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰি বৰাই কয় যে,কংগ্ৰেছৰ দিনত এই পৰিমান আছিল ৩০টকা আৰু বৰ্তমান এই পৰিমান ৭০টকালৈ বৃদ্ধি কৰা হ’ল৷এইখন চৰকাৰে ক‘ভিদৰ কথা কৈ ২০২২ত বিদ্যুতৰ প্ৰতি ইউনিটত ৫৯পইচা আৰু তাৰ পিচত পুনৰ ৩০পইচা তথা ইয়াৰ পিচতে আকৌ ৭০পইচাকৈ বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰি বৰাই কয় যে ২০২৩ৰ জানুৱাৰীত পুনৰ প্ৰতি ইউনিট বিদ্যুতৰ মূল্য এটকাকৈ বৃদ্ধি কৰে বিজেপি চৰকাৰে৷এতিয়া পুনৰ এটকা ২৯পইচাকৈ প্ৰতি ইউনিট বিদ্যুতৰ মূল্য বৃদ্ধি কৰাত ক্ষোভ প্ৰকাশ কৰি বৰাই লগতে কয় যে কৰ্ণাটকত কংগ্ৰেছ চৰকাৰৰ এশদিন পূৰ্ণ হোৱাৰ দিনটোৰ পৰাই সেই ৰাজ্যখনত দুশ ইউনিটকৈ বিদ্যুৎ গ্ৰাহকক বিনামূলীয়াকৈ দিয়া হৈছে৷এটা ইঞ্জিনৰ চৰকাৰে সেয়া কৰাৰ বিপৰীতে ডাবোল ইঞ্জিনৰ চৰকাৰে অসমত ৰাইজক ট্ৰাবোল দিয়া বুলিও বৰাই কটাক্ষ কৰে৷প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি মাধুৰ্য গোস্বামী,প্ৰাক্তন সাংসদ আৰ পি শৰ্মা,শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি তথা মহিলা নেত্ৰী ৰূপা কলিতাই অংশ লোৱা সংবাদমেলখনত বৰাই কয় যে,বিজেপি চৰকাৰৰ কেন্দ্ৰত ১০বছৰ আৰু ৰাজ্যত সাতবছৰ হ’ল যদিও পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে অসমৰ নিজা বিদ্যুৎ উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে৷বৰ্তমান ৰাজ্যত প্ৰয়োজন হোৱা ২৬শ মেগাৱাট বিদ্যুতৰ বিপৰীতে ৰাজ্যত বিদ্যুত উৎপাদন গড়ে ২৫০মেগাৱাট বুলি তেওঁ প্ৰকাশ কৰে৷বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যক সহায় কৰাৰ কথা অসমচৰকাৰে কোৱাৰ বিপৰীতে ৰাইজক জুৰুলা কৰিছে বুলিও মন্তব্য কৰি বৰাই কয় যে,তেনেহলে বিজেপিয়ে ৰাইজক বিনামূলীয়াকৈ বিদ্যুত যোগান নধৰে কিয়৷বিজেপিয়ে আদানিক বিনামূলীয়া সুবিধা আৰু বিজয় মালিয়াৰ ঋণ ৰেহাই কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই চৰকাৰৰ দিনত ৰাজ্যত কোনোবা এটা পৰিয়ালৰ মাটিৰ সীমা বাঢ়ি আছে,কোম্পানীৰ সংখ্যা বাঢ়ি গৈ আছে আৰু চিণ্ডিকেটৰাজ চলিছে৷মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০কোটি টকাৰ ৰাজসাহায্যৰ বাবে য’দি আৱেদন কৰিব পাৰে তেনেহলে সৰ্বসাধাৰণক ৰেহাই নিদিয়ে কিয় বুলি প্ৰশ্ন কৰি বৰাই কয় যে এতিয়া ৰাইজে প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে পূৰ্বতকৈ দুটকা অধিক আদায় দিব লগীয়া হৈছে৷প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে লগতে কয় যে,চৰকাৰৰ অনুষ্ঠান গপিডিচিএলৰ লাভ হোৱা বুলি কৈছিল বিধানসভাত৷ৰাজ্যত এতিয়া ২৪ ঘণ্টাত ২৪ বাৰ বিদ্যুৎ কৰ্তন হয় বুলি প্ৰকাশ কৰি তেওঁ সংবাদমেলত ঘোষণা কৰে যে,বিদ্যুৎ মাছুল বৃদ্ধিৰ বিৰুদ্ধে তিনি অক্টোবৰত ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডত,চাৰি অক্টোৱৰত পঞ্চায়তত আৰু পাঁচ অক্টোবৰত জিলাই জিলাই কংগ্ৰেছে বিদ্যুৎ মাছুল বৃদ্ধিৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰিব।তেওঁ এই প্ৰসংগতে কয় যে বিজেপিৰ গুজৰাট মডেল কি সেয়া ৰাইজে দেখিছে৷এসময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থাকোতে গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি কৈছিল আৰু এতিয়া ১০নম্বৰ জনপথৰ কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ ঘৰ জলাবলৈ কয়৷এয়াই গুজৰাট মডেল বুলিও কটাক্ষ কৰি বৰাই কয় যে কংগ্ৰেছে ৰাইজক জুৰুলা কৰা নিৰ্দেশনা জলাই প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে শপত গ্ৰহণ কৰিব যে ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাইজক দুশ ইউনিটকৈ বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হ’ব৷বিধানসভাত মাটিৰ প্ৰসংগত কোৱাৰ বাবেই বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে তদন্ত আৰু ভায়েকক বিশ্বনাথলৈ বদলি কৰাৰ দৰেই সভাপতি বৰাই তেওঁৰো ভায়েকক মিজোৰামৰ সীমান্তৰ সমীপলৈ বদলি কৰা বুলিও সংবাদমেলত কয়৷সম্প্ৰতি বিজেপি মাটিৰ মোহত পৰা বুলি মন্তব্য কৰি কয় যে কোনোবাই বিঘায়ে বিঘায়ে মাটি লৈছে,চাহবাগিছা ক্ৰয় কৰিছে,বিদ্যালয় খুলিছে আৰু কোনোবাই কলহতে মাটি ভৰাইছে৷ আনহাতে কংগ্ৰেছৰ একাংশ বিধায়কে সমালোচনা কৰি থকা গৰুখুঁটি আৰু কন্যাকা প্ৰকল্পৰ সন্দৰ্ভত ৰাজ্যৰ বিধায়িনী দলৰ জৰিয়তে এক পৰ্যবেক্ষণৰ বাবে বিধানসভাৰ অধ্যক্ষক আহ্বান জনাব বুলিও বৰাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়৷বৰাই মন্ত্ৰী পিয়ুষ হাজৰিকাই তেওঁৰ বিৰুদ্ধে কৰি অহা মন্তব্য গুৰুত্বহীন আখ্যা দিয়ে৷তদুপৰি শৰাইঘাটৰ শেষ ৰণ বুলি কৈ পূৰ্বে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে যিসকলক মোগল বুলি কয় পাচত সেইসকলৰে ভৰিত ধৰি ৰাজ্যসভাৰ নিৰ্বাচনত সহায় লোৱা বুলি কৈ এতিয়া সেইসকলৰে ভোট বিচাৰি ফুৰা বুলি উল্লেখ কৰে৷আনহাতে চাহবাগিছাৰ মালিকক সুধি ৰাজ্যৰ চাহশ্ৰমিকৰ দৈনিক মজুৰি ৩৫০টকা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া ড° হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰে চাহশ্ৰমিক সকলক কেবল ফাঁকি দি অহা বুলিও মন্তব্য কৰি অক্টোবৰত বিৰোধী দলৰ ৰাজ্যিক আৰু জিলাপৰ্যায়ৰ প্ৰায় ৫০জন নেতাই কংগ্ৰেছত যোগদান কৰিব বুলিও কয়৷নিবনুৱা সমস্যা সমাধানৰ বাবেও দলটোৱে পৰিকল্পনা গ্ৰহণ কৰিব বুলি বৰাই দোহাৰে৷উল্লেখযোগ্য যে আজি সংবাদমেলৰ পূৰ্বে শোণিতপুৰৰ গাভৰু মণ্ডল(খ)ৰ উপ সভাপতি মনোজ বৰুৱাই একাংশ সহযোগীৰ স’তে কংগ্ৰেছত যোগদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More