তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪৩ সংখ্যক বৈঠকত বিশিষ্ট বুৰঞ্জীবিদ ভূৱন চন্দ্র গগৈৰ “বৈশালী প্ৰিয়াংশ্ৰী সুনন্দাহঁতৰ কথাৰে” শীৰ্ষক গল্পপুথি উন্মোচন

প্ৰবীণ-নবীন লেখকৰ লেখা পাঠ আৰু লেখাৰ ওপৰত মননশীল আলোচনা সম্পন্ন

0 12

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ১ অক্টোবৰ :তেজপুৰ সাহিত্য চ’ৰাৰ ৫৪৩ সংখ্যক বৈঠকখনি আজি তেজপুৰৰ বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ গগৈৰ মাজগাঁওস্হিত বাসভৱনত অনুষ্ঠিত হয়। বৈঠকখনিত আদৰণী ভাষণ জনাই চ’ৰাৰ সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। চ’ৰাখনৰ মাংগলিক শুভাৰম্ভণী ঘটে ড০ সতীশচন্দ্ৰ ভট্টাচাৰ্য্যৰ মংগলাচাৰণেৰে। ইয়াৰ পিচতেই সদ্য প্ৰয়াত কৃষি বিজ্ঞানী এম.এচ. ৰঙ্গনাথন, সাহিত্যিক দিলীপ কুমাৰ হাজৰিকা, বিপুল চন্দ্ৰ কলিতা, সমাজকৰ্মী প্ৰবীন পাটোৱাৰী, নিত্যানন্দ সূত্ৰধৰ, সাহিত্যিক আৰমান হুছেইন আৰু জ্ঞাত-অজ্ঞাত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌনতা অৱলম্বন কৰে। কৃষি বিজ্ঞানী তথা ভাৰতৰ সেউজ বিপ্লবৰ জনক ড.এম এচ ৰঙ্গনাথনৰ জীৱন-কৰ্ম সম্পৰ্কে চমু আলোকপাত কৰে চ’ৰাৰ সদস্য ড.যতীন্দ্ৰ কুমাৰ চৌধুৰীয়ে। সদ্য প্ৰয়াত সাহিত্যিক বিপুল কুমাৰ ভট্টাচাৰ্য্য আৰু বিপুল কলিতাৰ জীৱন-কৰ্ম সম্পৰ্কে চমু আলোকপাত কৰে নবীন চন্দ্ৰ লহকৰে। ইয়াৰ পিচত পূৰ্বৰ চ’ৰাৰ বৈঠকৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৰাই। বৈঠকৰ কাৰ্যসূচী অনুসাৰে স্বৰচিত লেখা পাঠ শিতানত পল্লৱ ভট্টাচাৰ্য্যই ‘অলৌকিকত্বৰ বিশ্বাস আৰু সংশয়’ শীৰ্ষক প্ৰৱন্ধ পাঠ কৰে। সভাপতি ড.সুৰেশ কুমাৰ আৰ্যই লেখটি ব্যতিক্ৰমী বুলি উল্লেখ কৰে। দিলীপ কুমাৰ বৰুৱাই প্ৰৱন্ধটোৰ সম্পৰ্কত বিজ্ঞান ভিত্তিক আলোচনাৰ অৱকাশ আছে বুলি মন্তব্য কৰে। ড.সঞ্জয় কুমাৰ ডেকাই বিজ্ঞানে সকলো ৰহস্যৰ সম্ভেদ দিবলৈ অপৰাগ বুলি মন্তব্য কৰি এনে চিন্তা-চেতনাৰ বিশেষ চৰ্চা হোৱা উচিত বুলি মন্তব্য কৰে।ড.ৰমেশ চন্দ্ৰ গোস্বামীয়ে বিজ্ঞানে সকলো ঘটনাৰ সম্ভেদ দিব নোৱাৰে বুলি মন্তব্য কৰি বিশুদ্ধ বিজ্ঞান নিশ্চয় মানৱ মন:স্তত্বৰ নিলগত বুলি মন্তব্য প্ৰকাশ কৰে। নবীন চন্দ্ৰ লহকৰে ভট্টাচাৰ্য্যৰ লেখাটোৰ আঁত ধৰি নিজে সন্মুখীন হোৱা এটি অলৌকিক ঘটনা বৰ্ণনা কৰে।ড.যতীন্দ্ৰ কুমাৰ চৌধাৰীয়ে ভট্টাচাৰ্য্যৰ লেখাটি সুখপাঠ্য হৈছে বুলি মন্তব্য কৰি বিজ্ঞান আৰু অলৌকিকত্বৰ বিশ্বাস আৰু সংশয়ৰ দোমোজাৰ বিষয়ে দীঘলীয়া বক্তব্য ৰাখে।ইয়াৰ পিচত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱসৰ সৈতে সংগতি ৰাখি ‘জ্যেষ্ঠ নাগৰিক দিৱস শীৰ্ষক এটি নিৱন্ধ পাঠ কৰে। আজিৰ অনুবাদ দিৱস উপলক্ষে নৃসিংহ ৰাজপুৰোহিতৰ গল্প অসমীয়া ৰূপান্তৰ ‘অপেক্ষা’ শীৰ্ষক এটি গল্প পাঠ কৰে সদস্য দিলীপ কুমাৰ বৰুৱাই। ড.সতীশ চন্দ্ৰ ভট্টাচাৰ্য্যই ‘প্ৰখ্যাত ব্যক্তিৰ পত্ৰালাপ’ শীৰ্ষক নিবন্ধ পাঠ কৰে।ড.ভট্টাচাৰ্য্যদেৱৰ প্ৰৱন্ধটো সম্পৰ্কত সভাপতি ড.সুৰেশ কুমাৰ আৰ্যই ‘ ইতিহাসৰ অভিনৱ উন্মোচন’ বুলি মন্তব্য কৰে।ড.ৰমেশ চন্দ্ৰ গোস্বামীয়ে বিশ্বাস অন্ধবিশ্বাস: দেশ-বিদেশ শীৰ্ষক প্ৰবন্ধ পাঠ কৰে। লেখাটো সম্পৰ্কত ড.সুৰেশ কুমাৰ আৰ্য, ড.সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য আৰু পল্লব ভট্টাচাৰ্য্যই মন্তব্য প্ৰদান কৰে।স্বৰচিত পাঠ শিতানত দেৱ দাসে ‘আপুনি বুঢ়া হৈছে’ শীৰ্ষক এটি ব্যঙ্গ লেখা পাঠ কৰে। ড.সঞ্জয় কুমাৰ ডেকাই ‘আদি শঙ্কৰাচাৰ্য্যৰ নিৰ্বাণষটকত জীৱন-বিজ্ঞান শীৰ্ষক পাঠ কৰে।প্ৰবন্ধটো সম্পৰ্কত ড.ৰমেশ চন্দ্ৰ গোস্বামী, ড.সুৰেশ কুমাৰ আৰ্য, অক্ষয় কুমাৰ মিশ্ৰ আৰু পল্লব ভট্টাচাৰ্য্যই মন্তব্য আগবঢ়ায়। এই বৈঠকতে বুৰঞ্জীবিদ ভূবন চন্দ্ৰ গগৈৰ ‘বৈশ্যালী, প্ৰিয়াংশী আৰু সুনন্দাহঁতৰ কথাৰে’ শীৰ্ষক গল্প পুথি উন্মোচন কৰে ড.সুৰেশ কুমাৰ আৰ্যই। এই বৈঠকতে বুৰঞ্জীবিদ ভুবন চন্দ্ৰ গগৈৰ “বৈশ্যালী, প্ৰিয়াংশ্ৰী , সুনন্দাহঁতৰ কথাৰে’ শীৰ্ষক গল্প পুথিৰ শুভ উন্মোচন কৰে সভাপতি ড.সুৰেশ কুমাৰ আৰ্যই। বৈঠকত অতিথি সদস্য ড.তপন কুমাৰ কলিতাই নিজৰ অনুভৱ ব্যক্ত কৰে। বৈঠকত নিয়মীয়া সদস্যসকলৰ উপৰিও অতিথি সদস্য তেজপুৰ কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড. তপন কুমাৰ কলিতা, জ্যেষ্ঠ সাংবাদিক পঙ্কজ বৰুৱা, হিমাংশু শইকীয়া , নাট্য শিল্পী ভূপেন শৰ্মা,লেখক ধূৰ্জটি প্ৰসাদ বৈশ্য, নগাওঁৰ গোপীনাথ দেৱগোস্বামী বানিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিৱৰঞ্জন মহন্ত উপস্হিত থাকে। সদৌ শেষত গৃহস্হৰ একেষাৰত ভুবনচন্দ্ৰ গগৈয়ে শলাগৰ শৰাই জ্ঞাপন কৰে। পৰবৰ্তী ৫৪৪ সংখ্যক বৈঠক গল্পকাৰ কুমুদ শইকীয়াৰ বাসগৃহত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More