ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৫ মে’ : কেৰালাত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক জিনিবলৈ সক্ষম হৈছে ধেমাজিৰ তিনি প্ৰতিভাৱান খেলুৱৈ । কেৰালাৰ কোট্টায়ম জিলাৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত ১৪ মে’ত অনুষ্ঠিত জে এচ কে এ (JSKA -Japan Shotoken Karate Association) নেশ্বনেল অপেন কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত পাঁচটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ধেমাজিৰ তিনি খেলুৱৈয়ে । মুখ্য প্ৰশিক্ষক ভাস্কৰ সোণোৱাল আৰু প্ৰশিক্ষক দিগন্ত সোণোৱালৰ নেতৃত্বত যোৱা প্ৰতিভাৱান খেলুৱৈ নিখিল চেতিয়াই (১৩-১৫ বছৰ) কাটা আৰু কুমিটে দুয়োটা শাখাত প্ৰথম স্থান লাভেৰে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । ইয়াৰ বিপৰীতে ছোৱালী শাখাত সুদক্ষিণা গগৈয়েও (১৩-১৫ বছৰ) কাটা আৰু কুমিটে দুয়োটা শাখাত সোণৰ পদক লাভ কৰে । আনহাতে ভাস্কৰ মৰাণ বৰুৱাই (১০-১২ বছৰ ) শাখাত কাটা কাৰাটে প্ৰতিযোগিতাত সোণ আৰু কুমিটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে । উল্লেখ্য যে স্থানীয় বাপুজী হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত নিখিল চেতিয়া বৰদলপা গাঁৱৰ বাসিন্দা দীপেন চেতিয়া আৰু জেৰিণা চেতিয়াৰ একমাত্ৰ পুত্ৰ । পশ্চিম ধেমাজি শংকৰদেৱ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী সুদক্ষিণা গগৈ পোৱাশইকীয়া গাঁৱৰ বাসিন্দা ভূপেন গগৈ আৰু পাহাৰী গগৈৰ কন্যা । আনহাতে ধেমাজি নগৰৰ ২নং ভৰালীচুকৰ নিবাসী ললিত মৰাণ বৰুৱা আৰু ৰাণী মৰাণ বৰুৱাৰ পুত্ৰ ভাস্কৰ মৰাণ বৰুৱাই ধেমাজি এচএফএচ স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ । পূৰ্বেও কেইবাবাৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰা খেলুৱৈকেইগৰাকীৰ সফলতাত ধেমাজিবাসীয়ে আনন্দ প্ৰকাশ কৰি অভিনন্দন জ্ঞাপন কৰিছে । উল্লেখ্য যে খেলুৱৈ কেইগৰাকীয়ে ব্লেক বেল্ট লাভৰ বাবে কাইলৈৰ পৰা দহদিনীয়া এটা প্ৰশিক্ষণ-পৰীক্ষাত অংশগ্ৰহণ কৰি ২৩ মে’ত গৃহাাভিমুখী হ’ব ।
পৰৱৰ্তী লেখা