তেজপুৰ চেলেঞ্জ কাপ ফুটবলত অৰুণাচল এফ চিৰ খিতাপ অৰ্জন

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ ছেপ্টেম্বৰ : ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপৰ যোৱা নিশা অনুষ্ঠিত আকৰ্ষণীয় চূড়ান্ত খেলত যোগ্য ভাৱেই খিতাপ অৰ্জন কৰে অৰুণাচল এফ চি দলে৷তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰতি ফুটবলপ্ৰেমী ৰাইজৰ আকৰ্ষণ বৃদ্ধিৰ প্ৰমাণ স্বৰূপে যোৱানিশা ভৰি পৰে পলফিল্ড খেলপথাৰ৷ টিকট ক্ৰয় কৰি এইখন ফুটবল খেল চাবলৈ দূৰ দূৰণিৰ পৰা গাড়ী – মটৰ লৈ সমগ্ৰ পল’ফিল্ড অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ পিছত কালি চূড়ান্ত খেলখনত তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজত অৰুণাচল এফ চিয়ে চিৰাং দুৱাৰ এফ চিক ৩ – ১ গ’লত পৰাস্ত কৰি তাৰিণী ভূঞা সোঁৱৰণী নগদ এক লাখ টকাৰ চেম্পিয়নশ্বিপৰ বঁটা লাভ কৰাৰ লগতে ৰাৰ্ণাছ আপ দলেও তাৰিণী ভূঞা সোঁৱৰণী ৫০ হেজাৰ টকা আৰু ট্ৰফী লাভ কৰে। শিলচৰৰ ৰেফাৰী নিৰ্মল ভট্টাচাৰ্যৰ লগতে শিৱসাগৰৰ লাকি ৰঞ্জন বৰুৱা, লখিমপুৰৰ ভাস্কৰ চাবুকধৰা আৰু নগাঁৱৰ ৰূপম বৰদলৈৰ সুদক্ষ পৰিচালনাত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনৰ প্ৰথমাৰ্ধৰ ৩২ মিনিটত চিৰাং দুৱাৰ এফ চিৰ জাৰ্চি জয়ৰাজ দৈমাৰীয়ে প্ৰথমটো গ’ল দিয়াৰ পিছত দ্বিতীয়াৰ্ধৰ ৬২ মিনিটত অৰুণাচল এফ চিৰ টাটে হাখেৰ গ’লেৰে সমতা স্হাপন কৰিবলৈ সক্ষম হোৱাত দুয়োটা দলেই তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়াই যদিও খেলখনৰ ৮০ মিনিটত পুনৰ অৰুণাচল এফ চিৰ ট্ৰ ডালুৱে আন এটা গ’ল আৰু খেলখনৰ অন্তিম মুহুৰ্তত অৰ্থাৎ ৯২ মিনিটত অৰুণাচল এফ চিৰ টাটে হাখে ব্যক্তিগত দ্বিতীয়টো গ’ল স্কৰ কৰি ৩-১গ’লৰ ব্যৱধানত নিজৰ দলৰ বিজয় নিশ্চিত কৰে। উল্লেখ্য যে, ভাৰতীয় ফুটবল ফেডাৰেছনৰ কোষাধ্যক্ষ অজয় কৃপাই মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰা আৰু অসম ফুটবল সন্হাৰ সাধাৰণ সম্পাদক ড০ চাং গ্ৰাং ব্ৰহ্ম, বঢ়হমপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু দাতা পৰিয়ালৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাই বিশিষ্ট আৰু সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰি বঁটা প্ৰদান কৰা খেলখনত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে অৰুণাচল এফ চিৰ খেলুৱৈ দৰ্জে ৱাংচুৰ লগতে শ্ৰেষ্ঠ ডিফেণ্ডাৰৰ সন্মান অৰ্জন কৰে অৰুণাচল এফ চিৰ টাই বাই, শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰৰ খিতাপ লাভ কৰে অৰুণাচল এফ চিৰ টাটে হাখে আৰু শ্ৰেষ্ঠ গ’ল ৰক্ষকৰ খিতাপ লাভ কৰে অৰুণাচল এফ চিৰে জাগন লয়িয়ে। তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, প্ৰাক্তন সভাপতি ইস্কে আলম, শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাকে ধৰি তেজপুৰৰ বিশিষ্ট ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত খেলখনৰ বিৰতিৰ সময়ছোৱাত আসাম ৰাইফলৰ জোৱান সকলৰ আকৰ্ষণীয় বেণ্ড বাদন অনুষ্ঠানে ৰাইজক আপ্লুত কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More