কাইলৈ নৈশালোকত ছেমি ফাইনেলঃ তেজপুৰ চেলেঞ্জ কাপৰ ছেমিত অৰুণাচল ৰাজ্যিক দল

0 49

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অৰুণাচল ৰাজ্যিক দলে৷আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দলটোৱে ছিলঙৰ পি ই এফ একাডেমিক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ মেচখনৰ প্ৰথমাৰ্দ্ধত অৰুণাচল ৰাজ্যিক দলে ২-১গ’লৰ অগ্ৰগতি লাভ কৰাৰ পাছত দ্বিতীয়াৰ্দ্ধতো একে ফলাফলৰ পুণৰাবৃত্তি ঘটে৷উল্লেখযোগ্য যে অৰুণাচল দলৰ হৈ অনবৈদ্য খেল প্ৰদৰ্শন কৰা টাৰ্পি হাক্কেই হেট্ৰিক অৰ্জন কৰাৰ লগতে দৰ্জে নাংছিয়ে আনটো গ’ল স্ক’ৰ কৰে৷ছিলঙৰ হৈ ৰুবী মানসিঙে দুটা গ’ল পৰিশোধ কৰে৷উল্লেখযোগ্য যে কাইলৈ সন্ধিয়া ছয় বজাৰ পৰা ফ্লাডলাইটৰ পোহৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেল৷কাইলৈ অসম ৰাইফলছ আৰু ছিৰাং দুৱাৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখী হোৱাৰ বিপৰীতে ২২ছেপ্টেম্বৰত অৰুণাচল ৰাজ্যিক দল আৰু কাৰ্বি আংলঙৰ মৰ্ণিং ষ্টাৰে দ্বিতীয়খন ছেমি ফাইনেলত অংশ ল’ব৷দুইখন ছেমিফাইনেলৰ লগতে তেজপুৰ চেলেঞ্জ কাপৰ ফাইনেলখনো নৈশালোকত অনুষ্ঠিত হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More