খোজ (কবিতা)

0 87

অসীম দিহিঙ্গীয়া

আইৰ সুকোমল বুকুত
চিকাৰী শেনৰ দুৰন্ত নখৰ আঁচোৰ,
ৰক্তস্নাতা হ’ল আই মোৰ

ৰাজপথত ৰক্তৰ কৰাল
খোজতো পেলাওঁ ক’ত ?
মলয়া আৰুতো মলয়া নাই
গলিত নৰদেহৰ গন্ধৰে
চৌদিশ উপচি পৰিছে,
উশাহ লওঁ ক’ত?

ছহিদৰ পৱিত্ৰ ৰক্তস্নাতা
ভক্ত পূত্ৰৰ আত্মবলিদানৰে
গৰীয়ান আই মোৰ এতিয়াও
অকম্পিতা,সুস্থিৰা
আইৰ সন্তান যেনেকৈ
শত্ৰু নিধনৰ প্ৰতিজ্ঞাত
ভীষ্মসম অলৰ-অচৰ।

কবিৰ ঠিকনাঃ কোঁচ গাওঁ ,চলচলি, বিশ্বনাথ চাৰিআলি। দূৰভাষ ৯১০১১৭৪১২০

(এই কবিতাটি কেশৱ মহন্তদেৱে নিৰ্বাচিত কৰি তেজপুৰ শাখা সাহিত্য সভাৰ অধিৱেশনত আবৃত্তি কৰোৱাইছিল ।)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More