তেজপুৰৰ বিশিষ্ট কবি – লেখিকা ৰাজু বৰুৱাৰ “পক দিয়া দোমাহীৰ বুকু” শীৰ্ষক কাব্য গ্ৰন্থ উন্মোচন

মূল্যবোধহীন আৰু সাম্প্ৰদায়িক বিষবাস্পৰে ভৰা সাম্প্ৰতিক সময়ত কবিতাৰ প্ৰাসংগিকতা অধিক - ড০ হেম জ্যোতি মেধি

0 17

কবিতাৰ সংজ্ঞা আৰু মহত্ব বিশ্লেষণ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ

শতাব্দ ষ্টাফ ৰিপ’টাৰ, তেজপুৰ, ২৪ ছেপ্তেম্বৰ : বহু বছৰ ধৰি প্ৰগতিশীল দৃষ্টিভংগীৰে কাব্য চৰ্চাৰ সমান্তৰাল ভাৱে চিন্তা উদ্ৰেককাৰী বিভিন্ন ৰচনা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি অহা তেজপুৰৰ বিশিষ্ট কবি, লেখিকা ৰাজু বৰুৱাৰ “পক দিয়া দোমাহীৰ বুকু” শীৰ্ষক এখন কাব্য পুথি আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা ভাষা – সাহিত্যৰ গৱেষক ড০ হেম জ্যোতি মেধিয়ে। তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবত বিশিষ্ট পুৰাতত্ববিদ তথা শিক্ষাবিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ পৌৰোহিত্যত অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় দৰংমহাবিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ দুই শিক্ষাৰ্থী এনিশা কাশ্যপ আৰু দীপশিখা কলিতাৰ যৌথ কবিতা আবৃত্তিৰে। তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে বিশেষ আসন অলংকৃত কৰা আৰু লেখিকা ৰাজু বৰুৱাই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত উন্মোচনী ভাষণত ড০ হেম জ্যোতি মেধিয়ে মূল্যবোধৰ অৱক্ষয় আৰু সাম্প্ৰদায়িকতাৰ বিষবাস্পৰে বিয়পি পৰা সাম্প্ৰতিক সমাজখনত কবিতাৰ প্ৰাসংগিকতা কিমান আছে সেই প্ৰসংগ সদৰী কৰি শেহতীয়াকৈ বহু চৰ্চিত হোৱা নিলীম কুমাৰৰ এটা কবিতাৰ প্ৰসংগৰে কবিতাই মানুহ আৰু সমাজৰ কথা কৈ আহিছে বুলি মন্তব্য কৰে। ৰাজু বৰুৱাৰ কবিতাত সমাজৰ নিপীড়িত – নিস্পেষিত শ্ৰেণীৰ কথা সদায় প্ৰতীয়মান হৈ আহিছে বুলি মন্তব্য কৰে। অনুষ্ঠানটিত শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতি, বিশিষ্ট লেখক ড০ যতীন্দ্ৰ কুমাৰ চৌধাৰী, নৰেন্দ্ৰ চন্দ্র গোস্বামী, বিশিষ্ট কবি অশোক দাস, বিশিষ্ট বামপন্থী নেতা ৰুবুল শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰভা বৰা, শিক্ষয়িত্ৰী নিবেদিতা বৰুৱা আদিয়ে ৰাজু বৰুৱাক অভিনন্দন জ্ঞাপন কৰি চমু ভাষণ আগবঢ়োৱা অনুষ্ঠানটিত কবি, লেখক চিৰাজ খানে নিজৰ “পথাৰ” কবিতাটো আবৃত্তি কৰি সকলোকে আপ্লুত কৰে।আনহাতে সভাপতিৰ আসনৰ পৰা ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্যইও ৰাজু বৰুৱাৰ সাহিত্য চৰ্চাক উদ্বুদ্ধ কৰি ভাষণ আগবঢ়াই কবিতাৰ সংজ্ঞা আৰু কবিতাৰ মহত্বৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More