ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ কেন্দ্রই যাত্ৰীবাহী গাড়ীত ৬টা এয়াৰবেগ থকাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২৯ ছেপ্টেম্বৰ বৃহস্পতিবাৰে কয় যে ২০২৩ চনৰ অক্টোবৰৰ পৰা গাড়ীত ৬টা এয়াৰবেগ থকাটো বাধ্যতামূলক হ’ব। ইয়াৰ পূৰ্বে কেন্দ্ৰই ২০২২ চনৰ ১ অক্টোবৰৰ পৰা আঠজনীয়া বাহনত এয়াৰবেগ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লৈছিল। গাডকাৰীয়ে আজি সেই সময়সীমা পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীজনে টুইট কৰি কয়— “বাহনৰ মডেল আৰু মূল্য যিয়েই নহওক কিয়, মটৰ গাড়ীত যাত্ৰা কৰাৰ সময়ত যাত্ৰীৰ সুৰক্ষা সৰ্বোচ্চ।” ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ এয়াৰবেগৰ বিষয়ে লিখিছে— “গোলকীয় যোগান শৃংখলৰ বাধাই অটো উদ্যোগতো প্ৰভাৱ পেলাইছে। সেই দিশটো মনত ৰাখি যাত্ৰীবাহী গাড়ীত ৬টা এয়াৰবেগ থকাৰ সিদ্ধান্ত ২০২৩ চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।” পথ দুৰ্ঘটনাত টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিষ্ট্ৰীৰ মৃত্যুৰ পাছৰে পৰা গাড়ীত যাত্ৰীৰ সুৰক্ষাক লৈ যথেষ্ট চৰ্চা চলি আহিছে। এই সন্দৰ্ভত বিভিন্ন সমালোচনাও আৰম্ভ হৈছে। ইয়াৰ পিছত ছেপ্টেম্বৰৰ পৰা বাহনত থকা সকলো যাত্ৰীৰ বাবে ছিটবেল্ট বাধ্যতামূলক কৰা হৈছে। এই নিয়ম মানি নচলিলে জৰিমনা বিহিব বুলিও জনাইছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পিছতে অক্টোবৰৰ পৰা এয়াৰবেগ থকাৰ বিষয়টোও কাৰ্যক্ষম হ’ব বুলি ঘোষণা কৰা হৈছিল। কিন্তু বিষয়টো এবছৰৰ বাবে পিছুৱাই দিয়া হৈছে। ৪ ছেপ্টেম্বৰত মুম্বাই-আহমেদাবাদ ঘাইপথৰ পালঘৰত চাইৰাছ মিষ্ট্ৰীৰ গাড়ী দুৰ্ঘটনাত পতিত হৈছিল। মিষ্ট্ৰীৰ বাহিৰেও সেই গাড়ীখনত আৰু তিনিজন লোক আছিল। দুৰ্ঘটনাটোত চাইৰাছ মিষ্ট্ৰী আৰু তেওঁৰ বন্ধু জাহাংগীৰ পাণ্ডোলৰ থিতাতে মৃত্যু হৈছিল।
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা