নোৰম মেচুকাঃ সংযোগ হ’ব আকাশী পথেৰে

0 21
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ শ্বি-য়োমি জিলাৰ চিত্ৰময় মেচুকা উপত্যকাটো অতি সোনকালে ডি অ’-২৮৮ ফিক্সড উইং বিমান সেৱাৰ সৈতে সংযোগ কৰা হ’ব। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনত অৰুণাচল প্ৰদেশৰ স্থলবন্দী অঞ্চলত চলাচলৰ বাবে ১৬খন আসনযুক্ত ডৰ্নিয়াৰ ডি অ’-২২৮ নামৰ এখন বিমান লিজত দিয়াৰ বাবে Hindustan Aeronautics Limited (HAL)-এ এলায়েন্স এয়াৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰাৰ প্ৰায় এবছৰৰ পাছতে এই উন্নয়ন ঘটিছে ‘উড়ান (UDAAN) আঁচনিৰ অধীনত। ৰাজ্যখনৰ সকলো সম্ভৱপৰ উন্নত লেণ্ডিং গ্ৰাউণ্ড (এ এল জি)ক ফিক্সড-উইং যাত্ৰী সেৱাৰ সৈতে সংযোগ কৰাৰ উপৰি পৰ্যটনক শক্তিশালী কৰাৰ লগতে বিমান যাত্ৰাক সকলোৰে বাবে সুলভ কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে। ইতিমধ্যে পাছিঘাট, তেজু আৰু জিৰোত ‘মেড ইন ইণ্ডিয়া’ ডি অ’-২২৮ সেৱা প্ৰৱৰ্তন কৰা হৈছে। সেই অনুসৰি মেচুকাত থকা এ এল জি আৰু অসামৰিক টাৰ্মিনেল সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিবলৈ ২৮ ছেপ্টেম্বৰ বুধবাৰে ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ পি ডি ছ’নাই ভাৰতীয় বায়ুসেনা (আই এ এফ) আৰু শ্বি-য়োমি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে তেওঁৰ কাৰ্যালয়ত এখন বৈঠক আহ্বান কৰে। দুৰ্গম শ্বি-য়োমি জিলাখনৰ বাবে বিমান সেৱাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি অঞ্চলটোক প্ৰতিনিধিত্ব কৰা ছ’নাই কয়— “এবাৰ কাৰ্যক্ষম হোৱাৰ পিছত ফিক্সড উইং যাত্ৰী সেৱাই কেৱল জিলাখনৰ জনসাধাৰণৰে নহয়, মোহনীয় উপত্যকাটো ভ্ৰমণ কৰিব বিচৰা পৰ্যটকসকলকো উপকৃত কৰিব।” ছ’নাই কয় যে বিমান আৰু যাত্ৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে এ এল জিৰ দ্বৈত ব্যৱহাৰৰ বাবে অসামৰিক প্ৰশাসন আৰু আই এ এফৰ মাজত সঠিক সমন্বয় অতি গুৰুত্বপূৰ্ণ। তেওঁ আই এ এফক যিকোনো ধৰণৰ সহায়ৰ বাবে জিলা প্ৰশাসনৰ সৈতে অহৰহ যোগাযোগ ৰাখিবলৈ বা যদি কিবা সমস্যা আছে তেন্তে সমাধান কৰিবলৈ পৰামৰ্শ দিয়ে। বিমান সেৱা আগতীয়াকৈ আৰম্ভ কৰাৰ বাবে অসামৰিক টাৰ্মিনেলত প্ৰৱেশ/প্ৰস্থান গেট নিৰ্মাণৰ বাবে আগতীয়াকৈ অনুমতি দিবলৈ আই এ এফৰ কৰ্তৃপক্ষক আহ্বান জনায় অধ্যক্ষগৰাকীয়ে। ছ’নাই এ এল জি আৰু ওচৰৰ অঞ্চলত বিশেষকৈ বাৰিষাৰ সময়ত পানীৰ মুক্ত প্ৰবাহৰ বাবে উপযুক্ত ইনলেট আৰু আউটলেট নিৰ্মাণৰো পৰামৰ্শ দিয়ে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More