শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৭ আগষ্টঃ যোৱা ১৫ আগষ্ট ২০২৩ ৰ নিশা শিৱসাগৰৰ ডিমৌ আৰক্ষীয়ে গুলীবিদ্ধ কৰা ৰাজু আহমেদ নামৰ যুৱকগৰাকী “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ সদস্য অথবা সংগঠনৰ যোগাযোগকাৰী নহয়৷ উক্ত যুৱকগৰাকীৰ সৈতে সংগঠনৰ কোনোধৰণৰ যোগসূত্ৰ নাই বুলি সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] , প্রচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে এক বিবৃতিৰে স্পষ্ট কৰিছে। বিবৃতিত তেঁও কয়- কেৱল ৰাজু আহমেদেই নহয়, বিগত সময়ত অসমৰ আৰক্ষীয়ে “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ যোগাযোগকাৰী সজাই ভুৱা এনকাউণ্টাৰেৰে গুলীবিদ্ধ কৰা সূৰুজ গগৈৰ পৰা জুমন বৰালৈকে কোনো এজনেই আলফা স্বাধীন সংগঠনৰ সদস্য অথবা যোগাযোগকাৰী নাছিল, যিটো আমি প্ৰতিবাৰেই প্ৰত্যাখ্যান কৰি আহিছোঁ আৰু উক্ত বিষয়টোত মুখ্যমন্ত্ৰীগৰাকীয়ে হস্তক্ষেপ কৰি অভিযুক্তসকলক সাংবাদিকৰ সন্মুখত বহুৱাই ভুক্তভোগীৰ মুখেৰেই প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ বাৰে বাৰে প্ৰত্যাহ্বান জনাই আহিছোঁ৷ কিন্তু অসম আৰক্ষীয়েই হওক বা মুখ্যমন্ত্ৰীগৰাকীয়েই হওক আমাৰ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সলনি পুনৰ কোনো বাচ-বিচাৰ নকৰাকৈ আমাৰ সংগঠনৰ নাম লৈ নীৰিহৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই যাবলৈ উঠি পৰি লাগিছে৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে বিচাৰিছে কি? মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰে নেকি অসমখন পুনৰ ৰক্তাক্ত হোৱাটো? আনহাতে, অধিকাংশ সংবাদ মাধ্যমেও বিষয়টোৰ ওপৰত নিজাববীয়া অনুসন্ধান নকৰি আৰক্ষীয়ে যুগুতাই দিয়া ধৰণে বাতৰি পৰিৱেশন কৰি সংবাদ সেৱাক বজাৰলৈ পৰিণত কৰিছে৷ একোগৰাকী সংবাদ কৰ্মী হিচাপে সত্যটো পোহৰলৈ আনিবলৈ যি কৰ্তব্য আছিল সেই কৰ্তব্যৰ পৰা বিচলিত হোৱাহে দেখা গৈছে বলি ৰুমেল অসমে খেদ প্ৰকাশ কৰে ৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.