নাৰায়ণপুৰত ৰোগী কঢ়িয়াই অনা এম্বুলেন্স সোমাল পুখুৰীতঃ আহত- ৪

0 9

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৭ আগষ্টঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত এটি শিশু সহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱা অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী সমীপৰ বালিপুখুৰীৰ পৰা এখন চৰকাৰী এম্বেুলেন্সৰে জ্বৰত ভুগি থকা এটি ছবছৰীয়া কন্যা শিশুক চিকিৎসাৰ বাবে ধলপুৰ অসামৰিক চিকিৎসালয়লৈ নি থকাৰ পথতে এম্বুলেন্সখন দুৰ্ঘটনাত পতিত হৈ এটা পুখুৰীত সোমায়৷ ফলত এম্বুলেন্সখনত থকা শিশু, ৰোগীসহ চাৰিজন লোক গুৰুতৰ ভাৱে আহত হয়৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ এম্বুলেন্সখনত থকা লোককেইজনক আন এখন এম্বুলেন্সত উঠাই চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷ ইফালে বুধবাৰে নিশা প্ৰায় আঠ বজাত ধলপুৰ আৰক্ষী চকীৰে অন্তৰ্গত খলিহামাৰীত [ভাতমৌ] দুখন মটৰ চাইকেলৰ মাজত প্ৰচণ্ড জোৰত মুখামুখি খুন্দা লগাত দুজন লোক গুৰুতৰ ভাৱে আহত হয়৷ ইয়াৰে আহত এজন যুৱকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থ অসম চিকিৎসা মহাবিদ্যালয়লৈ নিশাই প্ৰেৰণ কৰা হয়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More