গ্ৰন্থ উন্মোচন, গীত-মাত কবিতাৰে মুখৰ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

পুৰাতত্ত্ববিদ-সাহিত্যিক ড° সতীশচন্দ্ৰ ভট্টাচাৰ্য্য, চিকিৎসক, ক্ৰীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতা আৰু 'শিশুবন্ধু' চালেহা খাতুনক সম্বৰ্ধনা

0 39

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ,২৫ জুনঃ ‘সমাজ এখন সুস্থ ভাৱে জীয়াই থাকিবৰ বাবে তথা উঠি অহা প্ৰজন্মক এটা দিশ দিবৰ বাবে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ যথেষ্ট কৰণীয় আছে। সভা সমিতিৰ জৰিয়তে সমাজৰ ভিন্ন ক্ষেত্ৰত ব্যক্তি সকলক পৰিচয় কৰাই দিয়াৰ জৰিয়তে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব পাৰিলে সমাজখন বাসোপযোগী হৈ থাকিব। পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাই প্ৰতিষ্ঠা দিৱসৰ দিনটো এনেদৰে বৰ্ণাঢ্য ভাবে উদযাপন কৰি এক অনুকৰণীয় কাম কৰিছে।” আজি তেজপুৰত এই মন্তব্য বিশিষ্ট সাহিত্যিক, প্ৰত্নতত্ববিদ তথা ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যৰ। উল্লেখযোগ্য যে সম্প্ৰতি ৰূপালী জয়ন্তী পালন কৰি থকা তেজপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত সম্বৰ্ধনা গ্ৰহণ কৰি অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্যই লগতে কয় যে পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাই তেজপুৰৰ উপৰি ইয়াৰ উপকণ্ঠ অঞ্চলত বিভিন্ন সাহিত্য অনুষ্ঠান অনুষ্ঠিত কৰি, গ্ৰন্থ প্ৰকাশ কৰি নতুন-পুৰণি উভয় প্ৰজন্মকে আত্মপ্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰি আহিছে। সময়ে সময়ে বক্তৃতানুষ্ঠান, আলোচনাচক্ৰ ইত্যাদি অনুষ্ঠিত কৰি অসমৰ জাতীয় জীৱনৰ পুৰোধা সকলক স্মৰণ কৰাটো শাখাটোৰ উল্লেখযোগ্য কৃতিত্ব। ১৯৯৫ চনতে প্ৰতিষ্ঠিত পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে স্থানীয় শোণিতপুৰ জাতীয় বিদ্যালয়ৰ সভাকক্ষত আয়োজিত সভাত শেহতীয়াকৈ নগাঁও জিলা সাহিত্য সভাৰ ‘ড° সূৰ্য্য কুমাৰ ভূঞা বঁটা’ৰে সন্মানিত হোৱা বিশিষ্ট সাহিত্যিক ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য, মানবতাবাদী চিকিৎসক ডাঃ বিশ্বৰঞ্জন কলিতা আৰু শেহতীয়াকৈ সদৌ অসম মইনা পাৰিজাতৰ ‘শিশু বন্ধু’ উপাধিৰে ভূষিত হোৱা সমাজকৰ্মী তথা শাখাৰ প্ৰবীণ সদস্যা চালেহা খাতুনক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পুৱা পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভুবন চন্দ্ৰ গগৈয়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিচত স্মৃতি তৰ্পণ কৰে শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি, শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণকান্ত বৰুৱাই । পুৱা ১০ বজাৰ পৰা শাখাৰ সভাপতি ভুবন চন্দ্ৰ গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত মূল সভা আৰম্ভ হয় সদস্য সকলে সমবেত ভাবে পৰিবেশন কৰা অসম সাহিত্য সভাৰ উদ্বোধনী গীতেৰে। শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ মানস প্ৰতীম শৰ্মাই আঁত ধৰা আৰু সম্বৰ্দ্ধিত তিনিওগৰাকী ব্যক্তিৰ জীৱন আৰু কীৰ্তি আলোকপাত কৰা অনুষ্ঠানটিত সম্বৰ্ধনা গ্ৰহণ কৰি মানবদৰদী সু-চিকিৎসক তথা প্ৰবীণ ক্ৰীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতাই চিকিৎসক জীৱনত গ্ৰাম্যাঞ্চলত লাভ কৰা বিচিত্ৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে মাতৃৰ আদৰ্শ আৰু প্ৰেৰণাৰে উদ্বুদ্ধ হৈ কিদৰে চিকিৎসা সেৱাৰ পৰা বঞ্চিত অঞ্চলত চিকিৎসক ৰূপে কৰ্মজীৱন অতিবাহিত কৰিছিল সেই সম্পৰ্কে চমু ভাষণ ৰাখে। শাখা সাহিত্য সভাৰ সম্পাদক দুগ্ধ কুমাৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা আৰু অৰ্ধ শতাধিক সদস্যই স্বৰচিত গল্প, কবিতা, প্ৰবন্ধ আদি পাঠ কৰা মনোজ্ঞ বিচিত্ৰানুষ্ঠানটিত সমীক্ষক ৰূপে অংশগ্ৰহণ কৰি সাৱলীল বক্তৃতা প্ৰদান কৰে ক্ৰমে বিশিষ্ট বিজ্ঞানী, নাৰী সুৰক্ষা কৰ্মী তথা সক্ৰিয় ৰাজহুৱা কৰ্মী ড° কৃষ্ণা শৰ্মা আৰু নিবন্ধকাৰ আৰু সমালোচক ধূৰ্যটি প্ৰসাদ বৈশ্যই। ৰূপালী জয়ন্তী বৰ্ষৰ আগন্তুক কাৰ্যসূচীৰ সামগ্ৰিক আলোচনা হোৱা সভাখনতে প্ৰবীণ গল্পকাৰ মণি বৰাৰ কাব্যগ্ৰন্থ ‘হৃদয় নদীৰ দৰে’ উন্মোচন কৰি ৰখা ভাষণত প্ৰবীণ লেখক গুণকান্ত বৰুৱাই মণি বৰাৰ কবিতা সম্পৰ্কত বিস্তৃত আলোকপাত কৰাৰ উপৰি পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠালগ্নৰ স্মৃতি সুঁৱৰি নষ্টালজিক হৈ পৰে। শোণিতপুৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ পবিত্ৰ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা তথা শাখাৰ প্ৰাক্তন সভানেত্ৰী মৃণালী চেতিয়া, প্ৰয়াত শিক্ষাবিদ উপেন্দ্ৰ নাথ শৰ্মা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কিশোৰী মোহন পাঠকৰ প্ৰতি আৰম্ভণিতেই শ্ৰদ্ধাঞ্জলি জনোৱা সভাখনত শেহতীয়াকৈ সদৌ অসম মইনা পাৰিজাতে ধেমাজি অধিবেশনত ‘শিশুবন্ধু’ উপাধি প্ৰদান কৰা প্ৰখ্যাত সমাজকৰ্মী, নাৰী অধিকাৰ আৰু শিশু সুৰক্ষা কৰ্মী চালেহা খাতুনে পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সম্বৰ্ধনা গ্ৰহণ কৰি শাখাৰ সৈতে থকা স্মৃতি আৰু পুৰণি কৰ্মময় দিনসমূহ স্মৰণ কৰি সকলোকে মুগ্ধ কৰে। তেজপুৰৰ বহু কেইগৰাকী সাহিত্যিক, শিক্ষাবিদৰ উপস্থিতিত শাখাৰ তৰফৰ পৰা ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে আগন্তুক বৰ্ষটোত সদানন্দ দাস স্মাৰক বক্তৃতা, প্ৰেমনাৰায়ণ মিশ্ৰ সোঁৱৰণী বক্তৃতামালৰ উপৰি ভিন্ন কাৰ্য্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰা হয়। উল্লেখযোগ্য যে বিগত এটা বছৰে পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাই শাখাৰ প্ৰবীণ কৰ্মী ক্ৰমে কবি ৰেণু হাজৰিকা, বিশিষ্ট সাহিত্যিক বিপিন কটকী, শিল্পী কীৰ্তি বনিয়া দৰে ব্যক্তিৰ উপৰি বিশিষ্ট শিক্ষাবিদ ড° স্বাধীনতা মহন্ত, সমাজকৰ্মী মীনাক্ষী ভূঞা, প্ৰবীণ গীতিকাৰ বংকিম শৰ্মা ইত্যাদি লোকক এলানি কাৰ্যসূচীৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰিছে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More