তেজপুৰৰ পৰা কলকাতালৈ অসামৰিক বিমান সেৱা আৰম্ভ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,২৫জুনঃ তেজপুৰৰ শালনিবাৰী অসামৰিক বিমান বন্দৰৰ পৰা সপ্তাহৰ ছটা দিনত চলিব বিমান৷ কলকাতাৰ পৰা তেজপুৰলৈ আৰু তেজপুৰৰ পৰা কলকাতা সংযোগী এই অসামৰিক বিমান সেৱা আজিৰ পৰা আৰম্ভ হৈছে৷ স্পাইছ জেট কোম্পানীয়ে আৰম্ভ কৰা এই বিমান সেৱা আজি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই শুভ উদ্বোধন কৰে৷ অসামৰিক বিমান বন্দৰটোৰ সঞ্চালকৰ লগতে স্পাইছ জেটৰ বিষয়ববীয়া তথা শোণিতপুৰৰ উপায়ুক্তৰ উপস্থিতিত এই বিমান সেৱা মুকলি কৰা হয় আৰু কলকাতালৈ ভালেসংখ্যক যাত্ৰীয়ে তেজপুৰৰ পৰা যাত্ৰা কৰে৷ উল্লেখযোগ্য যে,শালনিবাৰী অসামৰিক বিমানবন্দৰৰ পৰা দীঘলীয়া সময়ৰ বিৰতিৰ পাছত মাজতে পুনৰ বিমান সেৱা আৰম্ভ হৈ যাত্ৰীৰ অভাৱত আকৌ বন্ধ হৈ পৰিছিল৷ কিন্তু এই বিমান সেৱা আৰম্ভ কৰাৰ বাবে ভালেসংখ্যক লোকে দাবী জনাই আহিছিল আৰু বৰ্তমান স্পাইছজেটে এই সেৱা আৰম্ভ কৰিছে৷ সপ্তাহৰ ছয়দিনে পু্ৱা ৭-৫৫বজাত তেজপুৰৰ পৰা কলকাতালৈ একোখন বিমান উৰা মাৰিব আৰু কলকাতাৰ পৰাও পুৱা এখন বিমানে শালনিবাৰী অসামৰিক বিমানবন্দৰত অৱতৰণ কৰিব৷ এই বিমান সেৱাই তেজপুৰৰ লগতে কাষৰীয়া ৰাজ্য তথা জিলাসমূহলৈ ব্যৱসায়িক আৰু পৰ্যটনৰ ক্ষেত্ৰত সুবিধা কৰিব বুলি বিধায়ক ৰাভাই মন্তব্য কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More