মানস প্রতিম দত্ত
অসম প্রাকৃতিক আৰু বৌদ্ধিকভাৱে সমৃদ্ধিশালী ৰাজ্য। ৰাজ্যখনৰ প্রতিখন জিলাই প্রকৃতিৰ অপূর্ব ভাণ্ডাৰস্বৰূপ। প্রাকৃতিক সম্পদত চহকী তেনে এখন জিলাই হৈছে লখিমপুৰ জিলা। বিভিন্ন ধৰণৰ চৰাই চিৰিকতি, তৰু-তৃণ আৰু অন্যান্য জীৱ-জন্তুৰ আৱাসভূমিৰ বনভূমিৰ বৈচিত্রই জিলাখনক এক নান্দনিক ৰূপ প্রদান কৰিছে। বন বিভাগৰ তথ্য অনুসৰি লখিমপুৰ জিলাত থকা বনাঞ্চল সমূহ হৈছে বৰদৈবাম বিলমুখ (প্ৰস্তাৱিত পক্ষী অভয়াৰণ্য) ১১২৪.৭৮ হেক্টৰ, পাভ সংৰক্ষিত বনাঞ্চল ১,৬০৫.৮৭ হেক্টৰ, ৰঙা ৮৫২৯.৭১ হেক্টৰ, কাকৈ ৪৪১৫.০৩ হেক্টৰ, দুলুং ৯৯০০.০৩ হেক্টৰ, কদম ৩৬২৫.৯০ হেক্টৰ। এই বনাঞ্চলসমূহ লখিমপুৰৰ আকৰস্বৰূপ। বনাঞ্চলসমূহৰ ভিতৰত বৰদৈবাম বিলমুখক ১৯৯৬ চনৰ ৩ জুলাইত গেজেট নটিফিকেশ্যন এফ আৰ ডব্লিউ- ১৫/৯৩/৩ৰ জৰিয়তে পক্ষী উদ্যানৰূপে ঘোষণা কৰিছিল আৰু ভিক্টোৰিয়া ফৰেষ্ট হিচাপে পূর্বে পৰিচিত পাভ বনাঞ্চলক ১৯৩৬ চনৰ ১৩ জুনত সেই সময়ৰ মুখ্য সচিব জে এচ দচনে গেজেট নটিফিকেশ্যনৰ জৰিয়তে সংৰক্ষিত বনাঞ্চল, ৰঙা বনাঞ্চলক ১৯১৯ চনৰ ১৫ জুলাইত বন বিভাগৰ মুখ্য সচিব চি আৰ কৃষ্ণমূর্থিয়ে প্রেৰণ কৰা 5018 F নং নটিফিকেশ্যন যোগে সংৰক্ষিত বনাঞ্চল, কাকৈ বনাঞ্চলক ১৯১৯ চনৰ ২৯ অক্টোবৰত চীফ কমিচনাৰ এ আৰ এডৱার্ডছে 7816 F নং নটিফিকেশ্যন মর্মে সংৰক্ষিত বনাঞ্চল, দুলুংক ১৯১৩ চনৰ ১ মে’ত ব্রিটিছ চৰকাৰে সংৰক্ষিত বনাঞ্চল আৰু কদম বনাঞ্চলক ১৮৮৫ চনত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল। ১ এই বনাঞ্চলসমূহৰ ভিতৰত এখন অন্যতম বনাঞ্চল দুলুঙৰ জীৱ বৈভৱ অন্বেষণৰ উদ্দেশ্য মই, বিজ্ঞান কর্মী বিমান সন্দিকৈ আৰু পৰিৱেশকর্মী ধ্রুৱজ্যোতি চেতিয়া ১৩ মার্চ ২০২৩ তাৰিখে ঢকুৱাখনাৰ পৰা দুলুঙলৈ ৰাওনা হ’লোঁ।
উত্তৰ লখিমপুৰ চহৰৰ পৰা ২৫ কি:মি: দূৰত্বত থকা পদুমনি থানৰ কাষৰ পৰা বিস্তৃত হৈ থকা নৈসর্গিক অৰণ্যখনৰ পূৱে সোৱণশিৰি নদী আৰু পশ্চিমে বগীনদী থকাৰ বিপৰীতে উত্তৰে অৰুণাচল প্রদেশৰ পর্বতমালা আৰু দক্ষিণে ১৫ নং ৰাষ্ট্রীয় ঘাইপথ আছে।
গাড়ীখন আগবাঢ়িছে।
ড্রাইভাৰ ছীটত বিমান দা।
মই গাড়ীৰ সৈতে মোৰ ম’বাইলৰ ব্লুটুথ সংযোগ কৰিলোঁ। গান বাজিল। পিছে মাজে মাজে গানবোৰ নাবাজে। ৰৈ যায়। নেটৱর্ক বিজুতি। ইণ্টাৰনেটৰ সংযোগ মাজে মাজে বেয়া হৈছে। আকৌ গান বাজিছে।
গান শুনি শুনি দুলুঙৰ কথাকে মাজে মাজে পাতিছোঁ।
পাহাৰ-ভৈয়ামৰ মিলনস্থলীস্বৰূপ বনাঞ্চলখনৰ মাজেৰে বৈ যোৱা দুলুং নদীকে আদি কৰি ইয়াৰ চিৰসেউজ অৰণ্য, পক্ষীৰ কাকলি, বতাহত নাচি থকা গছপাতবোৰে প্রকৃতিপ্রেমীক হাত বাউল দি মাতি থাকে। লখিমপুৰ বন সংমণ্ডলৰ অন্তর্গত দুলুঙত তাৰিয়নি আৰু পথালিপাম নামৰ দুটা বনখণ্ড আৰু পদুমনি, বাঘজান আৰু সোৱণশিৰি নামৰ তিনিটা বন শিবিৰ আছে।
দুলুঙত এখন বনগাঁও আছে।
নাম-ওখমাটি।
কিছুমান গাওঁক সংৰক্ষিত অৰণ্যত এই চৰ্তত থাকিবলৈ অনুমতি দিয়া হৈছে যে তেওঁলোকে বনাঞ্চলক বনধ্বংস আৰু পৰিবহনৰ লগতে জুই/বনজুইৰ পৰা সুৰক্ষিত কৰিব আৰু বনবিভাগৰ কামক স্বেচ্ছাই সহযোগ কৰিব। এই গাওঁবোৰক ‘বনগাওঁ’ বুলি জনা যায়। ইয়াত প্রায় দুকুৰিটা পৰিয়ালে বসবাস কৰি আছে।
আমাৰ গাড়ী আগবাঢ়িল। প্রায় ৪০ মিনিটৰ পাছত আমি দুলুং পালোগৈ। আমালৈ বাট চাই ৰৈ আছিল বনকর্মী বিজিত গোহাঁই। তেখেতে আমাক আথে-বেথে বহিবলৈ দিলে। চাহ খোৱাৰ কথা ক’লে।
: নাই, চাহ এতিয়া নাখাওঁ। ভিতৰলৈহে যাওঁ। -মই ক’লোঁ।
আমি সাজু হ’লো দুলুঙৰ অভ্যন্তৰত ভৰি দিবলৈ। নেতৃত্বত বিজিত দা। দুলুঙৰ সেউজ ভূমিত ভৰি থৈয়ে দেখা পালোঁ বিভিন্ন পখিলা আৰু মথৰ অগা দেৱা। ডাঙৰ ডাঙৰ বৃক্ষ, জোপোহা গছ আদিয়ে জীয়ন দি ৰাখিছে দুলুঙক।
দুলুঙে জীয়ন দি ৰাখিছে লখিমপুৰক। লখিমপুৰৰ বহনক্ষম ঐতিহ্য বর্তাই ৰখাত দুলুঙৰ ভূমিকা গুৰুত্বপূর্ণ। বনধ্বংস, চোৰাং চিকাৰীয়ে পদে পদে প্রত্যাহ্বান হৈ থিয় দিয়াৰ পাছতো দুলুঙে স্থিতপ্রজ্ঞ হৈ সেৱা আগবঢ়াই আহিছে মানৱ জাতিক।
এইজোপা ধূনা গছ- বিজিত দাই গছ এজোপালৈ আঙুলিয়াই ক’লে।
গছজোপা দেখাৰ লগে লগে মোৰ মনলৈ আহিল আমাৰ গাঁৱৰ সুনন্দ শইকীয়া বৰতালৈ। আমাৰ গাঁও মানে ধেমাজি জিলাৰ মাছখোৱা মৌজাৰ বৰপাক জিয়ামৰীয়া গাঁও। বৰতাহঁতৰ ঘৰত কেইজোপামান ধূনা গছ আছিল। আমি সেই গছৰ পৰা ধূনা আনিছিলোগৈ। সেই ধূনা দি গধূলি আমি তাৰ সুগন্ধিত ডুব গৈছিলোঁ আৰু পঢ়ামেজলৈ যাবলৈ সাজু হৈছিলোঁ। ধূনাৰ সেই তীব্র গোন্ধটো এই যেন মোৰ নাকত লাগিলহি এনে লাগিল।
ধূনা গছৰ বৈজ্ঞানিক নাম- Canarium resiniferum Bruce ex King। ধূনা গছ সাধাৰণতে ৩০ মিটাৰ পর্যন্ত ওখ হয়। ইয়াত থকা আঠাজাতীয় দ্রৱ্য অর্থাৎ ৰেজিনবোৰ গাঢ় বাদামী বা ক’লা বৰণৰ হয়। ধূনা গছৰ বাকলি মহ প্রতিৰোধী হিচাপে ব্যৱহাৰ কৰা হয়। ৰেজিনত থকা প্ৰধান যৌগ হ’ল ট্ৰাইটাৰ্পিন’ইড। ইয়াক সুগন্ধি দ্রৱ্য আৰু ধূপ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। বাৰ্নিচ আৰু ৰং প্ৰস্তুত কৰোতেও ধূনা ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধি গুণ মন কৰিবলগীয়া। ছালৰ ৰোগ আৰু বাতবিষৰ দৰব প্ৰস্তুত কৰিবলৈয়ো ধূনা ব্যৱহাৰ কৰা হয়।
ধ্রুৱ আৰু বিমান দাই গছবোৰ চাই নামবোৰ আওৰাই গ’ল- শলখ, খকন, চাম কঁঠাল, তিতাচঁপা, শিমলু, মজ, অমৰা, ডিমৰু, মেকাই, কচু, পাহাৰী ঢেঁকীয়া…।
: এইজোপা হোলোং গছ। অসমৰ জাতীয় গছ।- হোলোং জোপালৈ আঙুলিয়াই মই ক’লোঁ।
জলজ বৈচিত্রৰ ক্ষেত্রতো দুলুং চহকী। জলাশয়সমূহৰ আশে-পাশে কহুৱা, তৰা, বেত, খেৰ, ইকৰা, মেটেকা, ভেঁট, কলমৌ, পুনি, পাটীদৈ, নল-খাগৰিয়ে হালি-জালি নাচি আছে। জলাশয়বোৰত বর্তমানলৈকে ৫ বিধ কাছ, ১১০ বিধ মাছ আৰু ২০ টাৰ অধিক ভেকুলী প্রজাতিৰ সম্ভেদ পোৱা গৈছে।
: এই যে ভাঙি পৰি থকা গছবোৰ দেখিছা, সেয়া হাতীয়ে ভাঙিছে। এইটো হাতী দণ্ডী। হাতীৰ অহা-যোৱা কৰা বাট। – বিজিত দাই ক’লে।
: ইয়াত আৰু কি কি জীৱ-জন্তু আপুনি দেখা পাইছে বিজিত দা? – বিমান দাই সুধিলে।
: সুগৰি পহু, কেঁটেলা পহু, অজগৰ, সাপ, জহামাল আদি আছে।
হঠাৎ কিবা এটা জাপ মাৰি আমাৰ সন্মুখেদি যোৱা যেন লাগিল। ভালদৰে লক্ষ্য কৰি গম পালোঁ সেইকেইটা নেউল। নেউলৰ উপৰি দুলুং কের্কেটুৱা, সুগৰি পহু, বনগাহৰি, হাতী আদিৰ বাসভূমি।
আমি আগবাঢ়িলোঁ।
মাজে মাজে ফটো তুলিছোঁ।
বেংছতা, শেলাই, গছ আদিৰ।
আমাৰ সন্মুখেদি এটা মেথুন পাৰ হৈ গ’ল। কাষৰ গছবোৰত ইজোপাৰ পৰা সিজোপালৈ জঁপিয়াই ফুৰিছে বান্দৰবোৰে। কোনোবাটোৱে আকৌ গছৰ ডালত ওলমি আছে। কোনোবাটোৱে আৰাম কৰি বহি আছে। জিৰণি লৈছে।
দুলুঙত ভাটৌ, কপৌ, ফেঁচা, হুদু, হাইঠা, কাউৰী, হয়কলি, ডাউক, বগলী, কণামুচৰি, ধনেশ আদি শতাধিক চৰাইৰ সঘন আহ-যাহ চলে। চৰাইৰ কিচিৰ মিচিৰ মাতবোৰে দুলুঙক মনোমোহা কৰি ৰাখে। ই পক্ষী নিৰীক্ষণৰো আদর্শস্থলী।
দুলুঙৰ জীৱ বৈচিত্র বুলিলে আমাৰ মনলৈ আহে চিঁয়া নাহৰৰ কথা। চিঁয়া নাহৰৰ গছজোপা দেখুৱাই বিজিত দাই ক’লে- এইজোপা চিঁয়া নাহৰ।
চিঁয়া নাহৰৰ বৈজ্ঞানিক নাম মেচুআ আচামিকা (Mesua assamica (King & Prain) Kosterm। কেৱল দুলুং-সোৱণশিৰি অঞ্চলতহে এই গছ দেখা পোৱা যায়। লখিমপুৰৰ লগতে ডিব্রুগড়টো এই নাহৰ পোৱাৰ তথ্য পোৱা গৈছে। চিঁয়া- নাহৰ হৈছে কেলোফিলেচি পৰিয়ালৰ এবিধ ডাঙৰ, চিৰসেউজীয়া গছ। এই গছৰ বৃদ্ধি খুব লেহেমীয়া । পাতবোৰ সৰল, বিপৰীত, আকৃতিত ডিম্বাশয়, পাতলৰ পৰা গাঢ় সেউজীয়া ৰঙৰ । নফুলবোৰ সৰু, বগা সুগন্ধি । ২ অসংখ্য সোণালী হালধীয়া ৰঙৰ পুংকেশৰ আছে। এই উদ্ভিদবোৰ স্থিতিসম্পর্কে বর্তমানলৈকে আই ইউ চি এনে মূল্যায়ন কৰাৰ তথ্য পোৱা নাযায়। উত্তৰ লখিমপুৰ জিলাৰ পাদপাহাৰৰ পৰা বাৰ্কাৰে প্ৰথমবাৰৰ বাবে এই প্ৰজাতিটোৰ সম্ভেদ দিছিল আৰু ১৮৮৬ চনৰ অক্টোবৰ মাহত সংগৃহীত নমুনাসমূহ চিনাক্তকৰণৰ বাবে ডেৰাডুনৰ বন বিদ্যালয়ত জমা দিছিল। কিন্তু বন বিদ্যালয়ৰ পৰা কোনো তথ্য আৰু উত্তৰ পোৱা নগ’ল। তেওঁ পাছত কিছু নমুনা কলিকতা হাৰ্বেৰিয়ামলৈ পঠিয়ায় যদিও বাৰ্কাৰৰ নমুনাটো চিনাক্তকৰণৰ বাবে পৰ্যাপ্ত নহয়। কলিকতা হাৰ্বেৰিয়ামত কর্মৰত ছাৰ ডেভিড প্ৰেইনে (১৯০১) অধ্যয়ন কৰি জনাইছিল যে বার্কাৰে প্রেৰণ কৰা নমুনাটো কায়েয়া প্ৰজাতিৰ মেছুআৰ দৰে একে বর্গৰ অন্তৰ্গত। তদুপৰি, পূৰ্বৰ ডিব্ৰুগড় জিলাৰ পৰা এইচ. জি. ইয়ং আৰু মিষ্টাৰ বাৰ্কাৰে সংগ্ৰহ কৰা নমুনা ফল আৰু ফুলৰ ওপৰত ভিত্তিত কিং আৰু প্রেইন (King & Prain)-এ এই প্ৰজাতিটোক কায়েআ আচামিকা (Kayea assamica বুলি বৰ্ণনা কৰিছে। পাছত ১৯৬৯ চনত কষ্টাৰমেনে চিঁয়া নাহৰক কায়া (Kaeya) গণৰ পৰা মেচুয়া (Mesua) গণলৈ স্থানান্তৰ কৰে।৩ এই গছৰ পৰা কাঠ কয়লাও প্রস্তুত কৰা হয়।
চিঁয়া নাহৰৰ কথা মনলৈ আহিলেই মনলৈ আহে পৰিৱেশকৰ্মী, ভাইটী সুমিত দাসৰ কথা। চিঁয়া নাহৰৰ কথা ওলালেই সি কয়ঃ
: বুইছে মানস দা, চিঁয়া নাহৰ আৰু ধূনা গছৰ সম্পৰ্কীয় এটি প্ৰচলিত কাহিনী আছে। ১৯৯৫ চনত পথালিপামত চিঁয়া নাহৰৰ কেইজোপামান গছ কটাৰ পাছত তাত থকা ধূনা গছবোৰো মৰি যাবলৈ আৰম্ভ কৰিছিল। আচলতে, চিঁয়া নাহৰৰ সৈতে ধূনা গছৰ বৃদ্ধি বিকাশ কাৰ্যৰ সম্পৰ্ক আছে। ইয়াৰ গুটিত কিউমাৰিণ নামৰ জৈৱ ৰাসায়নিক পদাৰ্থ থাকে। ই এবিধ সুকাঠী গছ।
জনজাতীয় সমাজত পৰম্পৰাগতভাৱে মাছ ধৰাৰ মাধ্যম হিচাপেও চিঁয়া নাহৰৰ বিভিন্ন অংশ ব্যৱহাৰ কৰাৰ কথা শুনা যায়।
ধ্রুৱই অর্কিডবোৰলৈ লক্ষ্য কৰি ক’লে- দুলুং নালিকাফুল, কণকপৌ, গণেশ কপৌ, বুলবোফাইলাম কেৰিয়েনাম, কেলেন্থা ট্রিপলিকেটা আদি অর্কিডৰ আদর্শ বাসস্থলীও। মই ধ্রুৱৰ লগত আৰু দুবিধমান অৰ্কিডৰ নাম যোগ দিলোঁ। সেইবোৰ হ’ল- কাঠ কপৌ (ছিম্বিডিয়াম পেণ্ডুলাম এচ ডব্লিউ), ইৰিয়া ফিৰোজিনিয়া লিণ্ডএল., ফ্লিকনগেৰিয়া মেকৰাই (ৰেইচ. এফ.) ছিডেনফ্ আদি।
ইতিমধ্যে হস্তী দণ্ডীৰে হাতী পাৰ হ’বৰ সময় হৈছিল। উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ ৰচিত জংকী-পানৈৰ চিৰযুগমীয়া কাহিনীৰ পটভূমি সোৱণশিৰি পাৰৰ সেউজভূমিৰ পৰা বিদায় লৈ আমি পুনৰ ট্রেকিং কৰিবলৈ অহাৰ পৰিকল্পনা কৰি ঢকুৱাখনালৈ বুলি উভতি আহিলোঁ।
তথ্যসূত্র:
১। বৰুৱা, শৈলেন : লখিমপুৰৰ সংৰক্ষিত বনাঞ্চলকেইখন, অন্বেষণ, ৩০ তম ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ, লখিমপুৰ, সম্পা. দেৱজিৎ ফুকন, হেমন্ত কুমাৰ বৰুৱা: ২০২২
২। Baruah, P.S., S.K. Borthakur & B. Tanti (2016). Conservation of Mesua assamica (King and Prain) Kosterm-an endangered plant of Assam. NeBIO 7(1): 17–22.
৩। Prain, D. (1901). A new Assam Timber Tree. The Indian Forester 27(2): 61–62.