তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাযৰ্সূচীৰে ৭৭সংখ্যাক স্বাধীনতা দিৱস পালন

0 79

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৬আগষ্টঃ সমগ্ৰ ৰাষ্ট্ৰৰ লগতে তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৭সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। এই উপলক্ষে তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত শোণিতপুৰ জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহন কৰি অসম চৰকাৰৰ পৰিৱেশ বন,সংখ্যালঘু উন্নয়ন আৰু এক্ট ইষ্ট পলিচি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অসম আৰক্ষী, এছ এছ বি, আই টি বি, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহন কৰে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু আনুষ্ঠানিক কুচকাৱাজৰ অভিবাদন গ্ৰহন কৰি মন্ত্ৰী গৰাকীয়ে স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া অবিভক্ত শোণিতপুৰ জিলাৰ ছহীদ কনকলতা বৰুৱা ,ছহীদ মুকুন্দ কাকতি ,ঢেকিয়াজুলিৰ থানাত ১৯৪২ৰ ২০চেপ্টেম্বৰৰ দিনা বৃটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ বৃটিছ পুলিছৰ গুলিত প্ৰাণ আহুতি দিয়া লেৰেলা কছাৰী,মনবৰ নাথ,খুহুলী দেবীকে ধৰি ১৩গৰাকী ছহীদৰ অবদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰে চলিত বছৰৰ ১৭চেপ্টেম্বৰত ১ কোটি গছপুলি ৰোপনৰ বাবে গ্ৰহন কৰা জন আন্দোলন আৰু জন ভাগিদাৰী কাৰ্য্যসূচীৰ অমৃত বৃক্ষ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে সংখ্যালঘুৰ কল্যান আৰু উন্নয়নৰ অধীনত ২০২২-২৩বিত্তীয় বৰ্ষৰ সময়ত ২১খন আবাসিক বিদ্যালয়, ৪৬টা সদ্ভাৱ মণ্ডপ, পি এম জি ভি কে আচঁনিৰ অধীনত ১৪টা বজাৰ গৃহ নিৰ্মাণৰ পৰিকল্পনাৰ কথা সদৰি কৰে। অনুষ্ঠানত শোণিতপুৰৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ,সাংসদ পল্লবলোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা প্ৰমুখ্যে বিশিষ্ট লোক সকলে অংশ গ্ৰহণ কৰে। অনুষ্ঠানত সেনাৰ বেণ্ড,সেনাৰ কুকুৰৰ কাৰ্য্য দক্ষতা প্ৰদৰ্শন কৰাৰ লগতে দেশপ্ৰেমমূলক সাংস্কৃতিক কাৰ্য্যসূচী প্ৰদৰ্শন কৰা হয়। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন চৰকাৰী বিভাগে বিপনীত বিভাগ সমূহে গ্ৰহন কৰা জনহিতকৰ আচঁনি, উৎপাদিত সা-সামগ্ৰী প্ৰদৰ্শন কৰে। অনুষ্ঠানত তেজপুৰ চিকিৎসা মহাবিদ্যালয়,তেজপুৰ কেঞ্চাৰ কেয়াৰ চেন্টাৰকে ধৰি কেইবাটাও সংস্থা আৰু কেইবাগৰাকী ব্যক্তিক উৎকৃষ্ট সেৱাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ইফালে স্বাধীনতা আন্দোলনৰ মাজত ১৯৩০চনত স্থাপিত তেজপুৰৰ ঐতিহ্যমণ্ডিত মণ্ডিত তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ অঞ্জনা বৰা, তেজপুৰ ঈদগাহ ময়দানত ভাৰত মাতা ভূমি পৃজন কমিটি আৰু তেজপুৰ ঈদগাহ কমিটিৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সাংসদ পল্লবলোচন দাসে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More