চৰকাৰী আৱাস প্ৰদানত দালালৰ দপদপনি তেজপুৰত

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশৰ পাছতো সুৰক্ষিত অভিযুক্ত দালাল

0 7
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৩আগষ্টঃ ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেতিয়াবা দালালৰ বিৰুদ্ধে নতুবা আকৌ ঘোছখোৰৰ বিৰুদ্ধে অভিযান চলিলেও একাংশ প্ৰৱঞ্চকে এনেবোৰ বিষয়ৰ প্ৰতি সামান্যতম গুৰুত্বও প্ৰদান কৰা নাই ৷ আনকি এনে একাংশ প্ৰৱঞ্চক আকৌ আৰক্ষীৰ মিতিৰৰ দৰেই সম্পৰ্ক৷ শেহতীয়াকৈ নিচাযুক্ত সামগ্ৰীৰ বেহা চলোৱা একাংশৰো কিছুমান আৰক্ষী চকীলৈ অবাধ আহযাহৰ বিষয়ে বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ সময়তে বৰ্তমান এগৰাকী মহিলাই এক দালালৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ কৰাৰ পাছত কোনো ফল লাভ নকৰাত স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অভিযোগ দাখিলৰ পাছতো দালালৰ হাতৰ পৰা ধন উভতাই পোৱাৰ বাবে আৰক্ষীৰ ওচৰলৈ তাতবাটি কাঢ়িব লগীয়া হৈছে৷ উল্লেখযোগ্য যে, এটা চৰকাৰী গৃহ আৱেদন কৰোঁতেই দালালৰ পাকচক্ৰত পৰি তিনিটা বছৰ হাবুডুবু খাইছে কাকলি চক্ৰৱৰ্তী নামৰ তেজপুৰৰ মহিলা গৰাকীয়ে৷প্ৰনিধানযোগ্য যে, তেজপুৰৰ কেতবোৰ অঞ্চলত চৰকাৰী ঘৰ প্ৰদানৰ নামত একাংশ মধ্যভোগীয়ে বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ আনকি এনেদৰে ধন সংগ্ৰহৰ প্ৰৱঞ্চনাত নমা দালালৰ বিৰুদ্ধে বৰঘাটকে ধৰি বিভিন্ন আৰক্ষীচকীত ৰাইজে ধৰ্ণা দিয়াৰো নজিৰ আছে৷ তদুপৰি এটা ঘৰৰ আশাত দালালক ধন আদায় দি পাছত সেইধন উভটাই বিছাৰি দালালৰ চক্ৰান্তত বিপদত পৰা লোকৰ সংখ্যাও যথেষ্ট৷ কিন্তু ইমানৰ পাছতো একাংশ ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ তথা নিজকে শাসকীয় দলৰ মানুহ বুলি পৰিচয় দি দপদপাই ফুৰা দালাল বৰ্তমানেও তেজপুৰত ভালেসংখ্যক আছে আৰু এইসকলৰ নাম সৰ্বসাধাৰণৰ মুখেমুখে৷এনে পৰিস্হিতিত এটা চৰকাৰী বাসগৃহ লাভৰ আশাত তেজপুৰ দোলাবাৰী নিবাসী মহিলা কাকলি চক্ৰৱৰ্তীয়ে প্ৰথমাৱস্থাত চৰকাৰী কোনো ব্যক্তি বুলি ভাবি দোলাবাৰী আৰু আমোলাপাম নিবাসী গজেন্দ্ৰ দেৱনাথ  নামৰ ব্যক্তিজনক আদায় দিছিল সাঁচতীয়া ১৬ হেজাৰ টকা৷ অভিযোগ মতে, দোলাবাৰীৰ বিভিন্ন লোকক গজেন্দ্ৰই চৰকাৰী গৃহ মোকলাই দিয়াৰ পিছত এই গৰাকী সাধাৰণ মহিলায়ো এটা ঘৰ লাভ কৰাৰ স্বাৰ্থতে টকা আদায় দিয়ে যদিও তাৰ পিছতে বিষয়টো এৰাই চলা হ’ল অভিযুক্ত গজেন্দ্ৰই৷ এনে অৱস্থাত দুই-এবাৰ অভিযোগকাৰীনী মহিলা গৰাকীয়ে গজেন্দ্ৰক লগ ধৰি টকা উভতাই বিচৰাত গজেন্দ্ৰই মহিলা গৰাকী তথা মহিলা গৰাকীৰ পৰিয়ালকহে ভয়-ভাবুকিহে দিয়াৰ অভিযোগ উঠিছে৷ এনে অৱস্থাত মহিলাগৰাকী কাষ চাপে আৰক্ষীৰ আৰু অভিযুক্তৰ বিৰুদ্ধে  এজাহাৰ দাখিল কৰে৷ কিন্তু তেওঁ কোনো সুফল নাপালে আৰক্ষীৰ পৰা৷ এইবাৰ মহিলাগৰাকীয়ে  পত্ৰ লিখিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ৷ চৰকাৰী ঘৰ প্ৰদানৰ নামত দালালৰাজ বন্ধ হোৱাৰ লগতে মহিলা গৰাকীক ন্যায় প্ৰদান কৰিব লাগে বুলি পত্ৰ প্ৰেৰণৰ পিছতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা শোণিতপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ এক নিৰ্দেশনাও আহিল৷ ইয়াৰ পাছত ভুক্তভোগী মহিলা গৰাকীক এদিন যদি এজন বিষয়াই মাতে, আন এদিন আন এজন আৰক্ষী বিষয়াই মাতি ঘটনাৰ বুজ লয়৷ অভিযোগ মতে, এইদৰে তেওঁ তেজপুৰ সদৰ থানাৰ লগতে বৰঘাট আৰু মহাভৈৰৱ আৰক্ষী চকীলৈ তাঁতবাটি কৰি থকা মহিলাগৰাকীয়ে কিন্তু আজিকোপতি কোনো সুফল লাভ নকৰিলে৷ কাকলি চক্ৰৱৰ্তীয়ে কৰা গুৰুতৰ অভিযোগ মতে,ইয়াৰ বিপৰীতে মহাভৈৰৱ আৰক্ষীয়ে অভিযুক্তৰ লগত “মিলাই লোৱাৰহে” পৰামৰ্শ দিয়ে তেওঁক৷ উল্লেখযোগ্য যে, একেখন গাঁৱৰ একোজন লোকে দুই তিনিটা আনকি পাঁচ ছয়টা লৈকে চৰকাৰী ঘৰ কৌশলেৰে আদায় কৰিবলৈ সক্ষম হৈছে য’দিও এই গৰাকী মহিলাই উপঢৌকন দিও আদায় কৰিব নোৱাৰিলে এটা ঘৰ৷ মহিলা গৰাকী সম্প্ৰতি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, থানা আৰু আৰক্ষী চকীলৈ তাঁতবাতি কৰি ভাগৰি পৰিছে যদিও মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পত্ৰয়ো তেওঁক দালালৰ হাতৰ পৰা ধন মোকলাই দিব পৰা নাই এইপৰ্যন্ত৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More