তেজপুৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সভা অনুস্থিত

 বিভিন্ন দাবী পূৰণৰ আহ্বান

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,১৩আগষ্টঃ তেজপুৰ ভাৰতীয় চিকিৎসা সন্থাৰ সভা কক্ষত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সন্থাৰ আজি এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সন্থাৰ সভাপতি জিন্তু মণি নাথে সভাপতিত্ব কৰা সভাখনত ৰাজ্যৰ ২২ খন জিলাৰ শতাধিক প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভাখনত সন্থাৰ বৰ্তমানৰ স্থিতি আৰু ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় । এই সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীৰ গ্ৰেড পে অতি সোনকালে প্ৰদান কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক দাবী জনোৱাৰ লগতে ব্যক্তিগত পাৰদৰ্শিতাৰ মূল্যায়ন সৰল কৰাৰ, ডিচেম্বৰত অভিযানৰ সকলো শ্ৰেণীৰ কৰ্মচাৰীক সামৰি এখন অভিৱৰ্তন অনুষ্ঠিত কৰা, যি সমূহ জিলা আৰু ব্লক সমিতি নিষ্ক্ৰিয় তথা পুনৰ গঠন হোৱা নাই সেই সমূহ সমিতি অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত জিলা আঁচনি প্ৰবন্ধক সম্মূহৰ সহযোগত পুনৰ গঠন,বৈদ্যুতিন মাধ্যমত এটা আলোচনা অনুষ্ঠান কৰা, চিকিৎসা প্ৰাপ্য প্ৰক্ৰিয়াটো সহজেই সকলোৱে পাব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক আহ্বান জনোৱা আদি প্ৰস্তাৱৰ উপৰি আজিৰ সভাত মাণ্ডলিক সঞ্চালক সকলে মাণ্ডলিক পৰ্যালোচনা সভাৰ নামত কৰ্মচাৰী সকলক যি মানসিক নিৰ্যাতন চলাই আছে সভাই গৰিহণা দিয়াৰ উপৰি এনেধৰণৰ মানসিকতা পৰিহাৰ কৰিবৰ বাবে চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষক দৃষ্টি গোচৰ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে। তদুপৰি, কৰ্মৰত কৰ্মচাৰীৰ মৃত্যুত ক্ষতি পূৰণ হিচাপে পৰিয়ালক প্ৰদান কৰি অহা পাঁচ লাখ টকাৰ পৰিবৰ্তে ২০ লাখ টকালৈ বৃদ্ধিৰ আহ্বানো আজিৰ সভাত জনোৱা হয়৷ উল্লেখযোগ্য যে, আজিৰ সভাতে শোণিতপুৰ জিলা সমিতিৰখন নতুন কৈ গঠন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More