জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱালৰ অকালতে দেহাৱসান
লখিমপুৰৰ বাসগৃহত শোকাকুল পৰিৱেশঃ বহু অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ অন্তিম শ্ৰদ্ধাঞ্জলি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল আৰু নাই৷ আজি পুৱতি নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত শিল্পীজনে শেষ নিশ্বাস ত্যাগ কৰে৷ সোণোৱালৰ অকাল বিয়োগত তেওঁৰ গৃহ জিলা লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল কিছুদিনৰ পৰা যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ গৰমজান- ১, ২, ৩, অ’ মোৰ লোকেল চুলাই, চুলাই খাই পাতি যাঁও বিহু, নাখালে চুলাই বিহুৱে নোলায়, ধুমমছলা, ডাৰ্লিং নম্বৰ ১, লালুভাই বিহু, মেকচি আদিৰ লগতে ভিচিডি কেছেটত কণ্ঠদান কৰা টেঙা টেঙা মন, বাধা আৰু বিঘিনি, লালমহন, মৰমজান, গামোচা, তৰামণি, কাজিৰঙা, নগেন চোৰৰ প্ৰেম, আদিৰ লগতে ফিচাৰ ফ্লিম গুণ গুণ আদিৰ মাজেদি ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰা পেৰডী গায়কজনে আজি শেষ নিশ্বাস ত্যাগ কৰাত সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বুধবাৰে শিল্পীগৰাকী অসুস্থ হৈ পৰাত প্ৰথমে তেওঁক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়৷ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত আজি পুৱতি নিশা তেওঁৰ মৃত্যু হয়৷ পেৰডী গায়ক, নাট্যকাৰ, অভিনেতা, শিল্পী ত্ৰৈলোক্য সোণোৱালৰ নশ্বৰ দেহ আজি লখিমপুৰৰ আজাদৰ ৰাজখোৱা গাঁৱলৈ অনাৰ পিছতে তেওঁৰ বাসগৃহত অসংখ্য গুণমুগ্ধ লোকে তেওঁলৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷ আজি তেওঁৰ নশ্বৰ দেহত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ১৯৭৯ চনৰ মাৰ্চ মাহত জন্মগ্ৰহণ কৰা ত্ৰৈলোক্য সোণোৱালৰ বয়স হৈছিল ৪৪ বছৰ৷ মৃত্যুৰ সময়ত শিল্পীজনে পত্নীসহ দুই পুত্ৰ কন্যাৰ লগতে বহু আত্মীয়ক এৰি থৈ যায়৷