ডিক্ৰং গাঁও পঞ্চায়তত পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰি

সাৰি গ’ল ৰৌ-বৰালি, জালত পৰিল পুঠি-খলিহনা

0 51

আৰক্ষীৰ ভূমিকাক লৈ সন্দেহৰ আঙুলিঃ জি পি চি, সচিবসহ এজন ৱাৰ্ড সদস্যহে গ্ৰেপ্তাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ আগষ্টঃ ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে পদক্ষেপ গ্ৰহণ কৰা বুলি ঢাক ঢোল বজাই আহিলেও কাৰ্যত তেনে আস্ফালন অসাৰ প্ৰতিপন্ন হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ডিক্ৰং গাঁও পঞ্চায়তত৷ জিলাখনৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত সংঘটিত হোৱা ভয়ংকৰ পি এম এ ৱাই গৃহৰ কোটি টকীয়া কেলেংকাৰিৰ ক্ষেত্ৰত এতিয়া ৰৌ-বৰালি সাৰি যোৱাৰ বিপৰীতে মাত্ৰ তিনি পুঠি-খলিহাক ধৰি জেললৈ পঠোৱা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷ এইক্ষেত্ৰত তদন্তকাৰী বিষয়াই দাখিল কৰা তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত কেৱল তিনিজন লোককহে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কেলেংকাৰিত জৰিত বহু দোষী এতিয়াও সাৰি থকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ আৰক্ষীয়ে পঞ্চায়তখনৰ গাঁও পঞ্চায়ত সমন্বয়ক [জি পি চি], সচিব সহ এজন ৱাৰ্ড সদস্যক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে যদিও আৰু বহু অভিযুক্ত এইপৰ্যন্ত মুকলি আকাশৰ তলত ঘূৰি আছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি কেলেংকাৰিত জড়িত ভালেসংখ্যক লোকে বৃহৎ পৰিমানৰ ধনৰ লেনদেনৰ বাবেই এই পৰ্যন্ত বাছি থাকিবলৈ সক্ষম হৈছে৷ দুৰ্নীতিগ্ৰস্ত চক্ৰটোৱে বিভিন্ন পক্ষক ধনেৰে মেনেজ কৰি বহু দোষীক এতিয়াও ৰক্ষণাবেক্ষণ দি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে৷ উল্লেখনীয় কথা যে ২০২১-২২ বৰ্ষত পঞ্চায়তটোলৈ চাৰিশৰো অধিক হিতাধিকাৰীয়ে গৃহ [আৱাস প্লাছ] লাভ কৰিছিল যদিও ইয়াৰে শতাধিক হিতাধিকাৰীয়ে গৃহ নবনোৱাকৈ তৃতীয় কিস্তি পৰ্যন্ত ধন উলিয়াই নিবলৈ সক্ষম হৈছিল৷ এইক্ষেত্ৰত কৰুণাবাৰী উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ দায়িত্বহীনতাৰ বাবেই এনে কাৰ্য সংঘটিত হ’ল বুলি সৰ্বত্ৰ চৰ্চা হৈছে৷ কিয়নো যোৱা ফেব্ৰুৱাৰী মাহতে পঞ্চায়তখনত সংঘটিত হোৱা কেলেংকাৰিৰ বিষয়ে খণ্ড উন্নয়ন বিষয়াগৰাকীক একাংশ অভিযোগকাৰীয়ে লিখিত অভিযোগ দাখিল কৰিছিল৷ তৎস্বৰ্তেও ৰহস্যজনক কাৰণত খণ্ড উন্নয়ন বিষয়াজনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ তদন্তকাৰী বিষয়াৰ তদন্তৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে পি এম এ ৱাই গৃহৰ এই কোটি টকীয়া কেলেংকাৰিটোত স্থানীয় এটা চি এছ পি, ৱাৰ্ড সদস্যৰ লগতে একাংশ হিতাধিকাৰীও জড়িত আছিল৷ কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে তেনে লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাতো বাদেই তেওঁলোকক কোনো সোধ পোছেই নকৰিলে৷ তদুপৰি এই কেলেংকাৰিত পঞ্চায়ত সভাপতিজনো জগৰীয়া আছিল যদিও তেওঁৰ বিৰুদ্ধেও আৰক্ষীয়ে কোনো ব্যৱস্থা নললে৷ লক্ষণীয় কথা যে প্ৰতিজন হিতাধিকাৰীৰ বিপৰীতে এনে প্ৰতিটো গৃহ আৱণ্টনৰ নামত হিতাধিকাৰীয়ে তিনিটা কিস্তিত মুঠ ১ লাখ ৫১ হাজাৰ ৭৫৫ টকা [জব কাৰ্ডৰ ধন সহ] লাভ কৰে৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে কোনো কোনো হিতাধিকাৰীয়ে দুটাকৈ গৃহ আৱণ্টন পোৱাৰ লগতে কোনো কোনো হিতাধিকাৰীয়ে গম নোপোৱাকৈয়ে তেওঁলোকৰ নামত আৱণ্টিত গৃহৰ ধন উলিয়াই নিয়া হয়৷ পঞ্চায়তীৰাজ আইন অনুসৰি তিনিটা পৰ্যায়ত গৃহ নিৰ্মাণৰ ফটো [হিতাধিকাৰীক লৈ] পঞ্চায়ত কাৰ্যালয়ত জমা দিয়াৰ পিছতহে হিতাধিকাৰীয়ে সৰ্বমুঠ ধন লাভ কৰিব পাৰে৷ কিন্তু ডিক্ৰং পঞ্চায়তত বহু হিতাধিকাৰীয়ে আৱণ্টিত চৰকাৰী গৃহ নিৰ্মাণ নকৰাকৈ কেনেদৰে সমুদায় ধন মোকলাই নিলে সেয়াও ডাঙৰ ৰহস্য৷ হিতাধিকাৰীৰ ধন তেওঁৰ পাছবুকত জমা হোৱাৰ পিছত সেই ধন আৰ টি জি এছ কৰি অন্য একাউণ্টলৈ নিয়াৰ তথ্যও তদন্তকাৰী বিষয়াই লাভ কৰি প্ৰতিবেদন দিয়াৰ পিছতো তেনে চি এছ পিৰ গৰাকী অথবা দালালক এই পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে৷ বিহপুৰীয়াস্থ অসম গ্ৰামীণ বিকাশ বেংকৰ চি এছ পি শাখাটোৰ জৰিয়তে এনে অবৈধ লেনদেন কৰাৰ তথ্যও পোহৰলৈ আহিছে৷ পঞ্চায়তটোত সংঘটিত হোৱা আৰু বহু বিয়াগোম কেলেংকাৰিৰ ন ন তথ্য অচিৰেই পোহৰলৈ অনা হ’ব৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More