জাপানীজ এনকেফেলাইটিছত তেজপুৰৰ এজনৰ মৃত্যু

0 27

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৮আগষ্টঃ তেজপুৰৰ এগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ব্যক্তিৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,তেজপুৰ চহৰৰ ঊষানগৰৰ ২১(খ)নম্বৰ উপপথ নিবাসী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া শশাংক দাস(৭৫) কিছুদিন পূৰ্বে অসুস্থ হৈ পৰাত তেওঁক তেজপুৰ ব্যপ্তিষ্ট মিছন হাস্পতালত ভৰ্ত্তি কৰোৱা হয়৷ পাছত তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাটো নিশ্চিত হয় আৰু দাসক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্হানান্তৰ কৰা হয় প্ৰায় ছয় দিন পূৰ্বে৷ কিন্তু চিকিৎসাধীন অৱস্থাত আজি সন্ধিয়া প্ৰায় ছয় বজাত তেওঁৰ মৃত্যু ঘটে৷উল্লেখযোগ্য যে,তেজপুৰত ইতিপূৰ্বে জাপানীজ এনকেফেলাইটিছত আন লোকো আক্ৰান্ত হৈছে যদিও দাসৰ মৃত্যুৱেই তেজপুৰত এইবাৰ এইৰোগত হোৱা প্ৰথমটো মৃত্যুৰ ঘটনা৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More