তামুলপুৰত কুঁৱাত পৰি নৱ বিবাহিতাৰ কৰুণ মৃত্যু

0 21

শতাব্দ প্ৰতিনিধি, তামুলপুৰ, ২০ এপ্ৰিল : গাৰ পৰা মাহ হালধিৰ গোন্ধ নৌযাওঁতেই তামুলপুৰৰ এঘাৰ মাইলত আজি পুৱা এগৰাকী নৱ বিবাহিত বোৱাৰীৰ কুঁৱাত পৰি অকাল মৃত্যু ঘটে । প্ৰাপ্ত তথ্য মতে তামুলপুৰ জিলাৰ অন্তৰ্গত এঘাৰ মাইলৰ অভিজিত শইকীয়াৰ নৱ বিবাহিত পত্নী ডুলুমনি মেধীয়ে (৩৩) আজি পুৱা ঘৰৰ পাছফালে থকা কুঁৱাত পানী তুলি থাকোতে দুৰ্ভাগ্যজনকভাৱে কুঁৱাত পৰি যায় । বহু সময় ধৰি ডুলুমনি ঘৰৰ পিছফালৰ পৰা নহাত স্বামী অভিজিতে ডুলুমনিক বিচাৰি যায় । স্বামী অভিজিতে পত্নী দুলুমণিক কুঁৱাত ওপঙি থকা দেখি চিঞৰ বাখৰ লগাই দিয়ে । তেওঁৰ চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া লোক দৌৰি গৈ কুঁৱাৰ ভিতৰত ওপঙি থকা ডুলুমনিক সংজ্ঞাহীন অৱস্থাত উঠাই আনি ততাতৈয়াকৈ তামুলপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আনহাতে পৰিয়ালৰ লোকে ঘটনা সম্পৰ্কত তামুলপুৰ আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় । পাছত আৰক্ষীৰ নিৰ্দেশমতে মৃত ডুলুমনিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাগসা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে যোৱা ১০ মাৰ্চত এঘাৰ মাইলৰ অভিজিত শইকীয়া আৰু তামুলপুৰৰে ২ নম্বৰ উলুবাৰীৰ ডুলুমনি মেধী (২৩) বিবাহ পাশত আবদ্ধ হৈছিল । বিবাহৰ দুমাহ নৌহওতেই নৱবিবাহিত বোৱাৰীগৰাকীৰ মৃত্যুত অঞ্চলব্যাপী গভীৰ শোকৰ ছাঁ পৰিছে ।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More