শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ আগষ্ট : তীব্ৰবেগী ডাম্পাৰ আৰু কেঁচা চাহপাত কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্যত তিনিচুকীয়াত সাধাৰণ পথচাৰী নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ চান্দমাৰী বাগিচাৰ সুৰেণ মুৰ্মু নামৰ এজন শ্রমিকক শুকুৰবাৰে সন্ধিয়া এখন তীব্ৰবেগী কেঁচা চাহপাত কঢ়িওৱা গাড়ীয়ে খুন্দা মৰাৰ ফলত শ্ৰমিকজন থিতাতে নিহত হয় ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে গাড়ীখনে ৷ আজি শ্রমিকজনৰ মৃতদেহৰ মৰনোত্তৰ পৰীক্ষাৰ অন্তত স্থানীয় চাহ শ্রমিকসকলে অকালতে মৃত্যুবৰণ কৰা সুৰেণ মুৰ্মুৰ মৃতদেহ লৈ ক্ষতিপূৰণৰ দাবীত মাকুম বাইপাছ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শ্ৰমিক ৰাইজৰ প্ৰতিবাদৰ ফলত দীৰ্ঘ সময় ধৰি উক্ত পথেৰে যানবাহনৰ চলাচল বন্ধ হৈ পৰে। বেছ কিছু সময় ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অন্তত আৰক্ষীৰ লগতে জিলা প্ৰশাসনৰ বিষয়া অৱৰোধথলীত উপস্থিত হৈ ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়াৰ পাছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ উঠাই লয় ৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.