তিনিচুকীয়াত যুৱতীক বলাৎকাৰৰ অপচেষ্টা

0 24

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ জুলাই : আজি পুৱতি নিশা প্ৰায় ৩ : ৩০ বজাত তিনিচুকীয়াৰ পৰ্বতীয়া অঞ্চলত থকা ভাড়াঘৰত এগৰাকী যুৱতীক বলাৎকাৰৰ অপচেষ্টা চলোৱা  ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰা মতে তিনিচুকীয়াৰ এখন চৰকাৰী শিক্ষানুষ্ঠানৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যুৱতীগৰাকীয়ে প্ৰায় এমাহমানৰ পৰা শিক্ষা গ্ৰহণ কৰি থকা ভগ্নীৰ সৈতে ভাড়াঘৰত থাকিবলৈ লৈছিল ৷ শিক্ষানুষ্ঠান বন্ধ থকাৰ বাবে ভনীয়েক নিজ ঘৰলৈ যোৱাত ভাড়াঘৰত অকলশৰে আছিল যুৱতীগৰাকী ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে নিশা যুৱতীগৰাকী থকা ভাড়াঘৰটোৰ দুৱাৰ কৌশলেৰে খুলি কোঠাত প্ৰবেশ কৰি এটা দুৰ্বৃত্তই বলপূৰ্বক যুৱতীগৰাকীক বলাৎকাৰৰ চেষ্টা কৰে যদিও যুৱতীগৰাকী কোনোমতে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় ৷ মুখত কলা কাপোৰ বান্ধি যুৱতীগৰাকীৰ কোঠাত কামনা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যেৰে দুৰ্বৃত্তটো প্ৰবেশ কৰাৰ সময়ত বাহিৰত ধাৰাসাৰ বৰষুণ দি আছিল ৷ সেইবাবে সমীপৰ আন ভাৰাতীয়াসকলেও ঘটনাৰ উমানেই নেপালে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দাখিল কৰা হৈছে ৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত যুৱতীগৰাকীৰ প্ৰাথমিক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা বুলি প্ৰকাশ ৷ তিনিচুকীয়া আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত লম্পটক কৰায়ত্ত কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More