তেজপুৰত কিশোৰীক অন্তঃসত্বা কৰাৰ অভিযোগত ব্যৱসায়ীক আটক

0 21

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জুলাইঃ তেজপুৰৰ জাহাজঘাট নিবাসী তথা অঞ্চলটোৰ এক প্ৰতিপত্তিশীল ব্যৱসায়ী সুৰেশ ৰয়ৰ বিৰুদ্ধে এগৰাকী নাবালিকাৰ স’তে অবৈধ সম্পৰ্ক স্হাপনৰে অন্তসত্বা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আজি বিয়লি প্ৰায় ৬০বছৰীয়া ব্যৱসায়ীজনক আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰিছে৷এই সন্দৰ্ভত উত্থাপিত অভিযোগ অনুসৰি ৰায়ে অঞ্চলটোৰে এটা দৰিদ্ৰ পৰিয়ালৰ কিশোৰী গৰাকীক বিভিন্ন কামৰ অজুহাতত নিজ ঘৰলৈ মাতে আৰু ১৫বছৰীয়া কিশোৰী গৰাকীক মাজে মাজে নিশা নিজৰ ঘৰতো ৰাখিছিল৷ইয়াৰ পৰিণতিতে কিশোৰী গৰাকী প্ৰায় পাঁচ মাহ পূৰ্বে গৰ্ভৱতী হয়৷এই বিষয়ে কালি স্হানীয় লোকে হাজৰিকা চুক মহিলা সমিতিক অভিযোগ দিয়াত মহিলা সমিতিৰ মহিলা সকলে কিশোৰীগৰাকীৰ মাতৃক এই বিষয়ে সোধাত প্ৰথমে চাৰি সন্তানৰ মাতৃগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰিবলৈ বিচৰা নাছিল যদিও পাছত সকলো কথা স্বীকাৰ কৰে৷ইপিনে অভিযুক্ত ৰায়ে কিশোৰী গৰাকীৰ গৰ্ভপাত কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে আৰু তেজপুৰত এনে কৰাত ব্যৰ্থ হৈ গৰ্ভৱতী কিশোৰীক পিতৃৰ স’তে বিহাৰলৈ গৰ্ভপাত কৰাবলৈ পথোৱা বুলিও ৰাইজে কয়৷আজি সন্ধিয়া স্হানীয় ৰাইজো অভিযুক্ত সুৰেশ ৰায়ৰ বিৰুদ্ধে ওলাই আহে৷বহু সংখ্যক লোক এনেদৰে ওলাই অহাত জাহাজঘাটত এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় আৰু ইয়াৰ মাজতে তেজপুৰ সদৰ আৰক্ষী থানাৰ পৰা যোৱা আৰক্ষীয়ে ৰায়ক আটক কৰি থানালৈ আনে৷উল্লেখযোগ্য যে,ৰায়ে জাহাজঘাটত নিজা প্ৰতিপত্তি প্ৰদৰ্শন কৰি অহাৰ লগতে ৰাজনৈতিক ভাবেও যোৱা পৌৰসভা নিৰ্বাচনৰ সময়ত অঞ্চলটোত নিজৰ প্ৰভাৱ খটুৱাবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছিল৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More