শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ আলফা সন্দৰ্ভত অসম আৰক্ষীয়ে কুটিল ষড়যন্ত্ৰ কৰাৰ অভিযোগ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]ৰ, প্ৰচাৰ বিভাগৰ সদস্য কেপ্তেইন ৰুমেল অসমে। এক বিবৃতিত তেঁও কয়- ডিমৌৰ ঔতলা গাঁৱৰ নিৰ্বাসী পবিত্ৰ কলিতাদেৱৰ পৰিয়ালৰ লগতে অসমৰ থলগিৰি জনগণৰ জ্ঞাতাৰ্থে জনোৱা হয় যে; কলিতাদেৱৰ বাসগৃহত সংঘটিত হোৱা ডকাইতি কাণ্ডত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠন অথবা সংগঠনৰ কোনো সদস্য জড়িত নহয়৷ উক্ত কাণ্ডৰ দ্বাৰা আলফা [স্বাধীন] সংগঠনক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কোনো দুষ্টচক্ৰ নতুবা আৰক্ষী প্ৰশাসনৰ এক কূটিল ষড়যন্ত্ৰ বুলি আমি অভিহিত কৰিছোঁ৷ উল্লেখ্য যে, পূৰ্বৰ আলফা আৰু বৰ্তমানৰ আলফা [স্বাধীন] সংগঠনৰ সংগ্ৰামী বুৰঞ্জীত থলগিৰি জনগণৰ বাসগৃহত ডকাইতিৰ দৰে ঘটনা সংঘটিত কৰাৰ কোনো উদাহৰণ নাই আৰু আগলৈও নহ’ব৷ সম্প্ৰতি অসমত আলফা [স্বাধীন]ৰ নামত ধন দাবী, ডকাইতি আদিৰ দৰে ঘটনা তেনেই সুলভ হৈ পৰিছে৷ ইয়ে প্ৰমাণ কৰে যে অসম আৰক্ষী প্ৰশাসনে এনেবোৰ কাণ্ড প্ৰতিৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ সেয়েহে, কলিতাদেৱৰ পৰিয়ালৰ লগতে গাঁৱৰ সচেতন সমাজে ঘটনাৰ সৈতে জড়িতসকলক বিচাৰি উলিয়াই কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ এই বিবৃতিৰ যোগে গোহাৰি জনালোঁ৷ আনহাতে, যোৱা ইংৰাজী ১ আগষ্ট ২০২৩ তাৰিখে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে উল্লেখ কৰিছে যে, আগন্তুক ১৫ আগষ্টত আমাৰ সংগঠনে ৭টাকৈ স্থানত বোমা বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনা কৰা বুলি৷ বিভাস দাসৰ উক্ত মন্তব্যক আমি সম্পূৰ্ণৰূপে নস্যাৎ কৰিছোঁ৷ কিয়নো অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁৱৰ যিগৰাকী শশাংক ৰাজখোৱা নামৰ ব্যক্তিৰ তথ্য সদৰি কৰিছে সেইগৰাকী শশাংক ৰাজখোৱা প্ৰকৃততে চাবুৱা আৰক্ষী থানাৰ পৰিদৰ্শকৰ এগৰাকী চোৰাংচোৱাহে, যিয়ে আমাৰ সংগঠন সংক্ৰান্তীয় প্ৰতিটো বিষয়ত চাবুৱা থানাৰ পৰিদৰ্শকক সহযোগ কৰি অহাৰ উপৰিও আৰক্ষীৰ একাধিক অভিযানত অংশগ্ৰহণ কৰাৰ কথা আমি অৱগত হৈছোঁ৷ গতিকে শশাংক ৰাজখোৱাৰ তথ্যৰ ওপৰত ভৰ দি বিভাস দাসে দিয়া ভাষ্য সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত৷ একেই উদ্দেশ্যেৰে অৰ্থাৎ বিভাগৰ পৰা প্ৰশংসা, বঁটা আৰু পদোন্নতিৰ বাবে দাইচাজান সেনা শিবিৰৰ চিপাহী সীমান্ত চেতিয়া, সঞ্জীৱ বৰুৱা, কৃষ্ণ মৰাণেও যোৱা ২৬ এপ্ৰিলত মাকুম বাইপাছত বোমা সংস্থাপন কৰি আলফা [স্বাধীন]ক বদনাম কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছিল৷ উক্ত গোপন ষড়যন্ত্ৰ ফাদিল হোৱাত বিভাস দাসে আটাইকেইগৰাকী সেনা-জোৱানৰ লগতে যুগান্ত মৰাণ নামৰ ছালফা এজনক ধৰি আনি জেৰা চলায়৷ উক্ত জেৰাত তেওঁলোকে সত্য স্বীকাৰ কৰাৰ পিছত তিনিওজন সেনা-জোৱানক স-সন্মানে এৰি দিছিল৷ গতিকে ওপৰত উল্লিখিত বিষয়ত বিভাস দাসৰ নিকৃষ্ট ষড়যন্ত্ৰ যে নাথাকিব সেয়া নুই কৰিব নোৱাৰি৷ সেয়েহে, “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে বিভাস দাসৰ কথাত পতিয়ন নাযাবলৈ থলগিৰি মুক্তিকামী জনগণক আহ্বান জনালোঁ৷