সৌন্দৰ্য্য কলাত পুনৰ জিলিকিল তেজপুৰৰ স্নেহা বৰুৱা

মিছ এণ্ড মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেদৰৰ খিতাপ অৰ্জন

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২ আগষ্ট :20230802 183921 সৌন্দৰ্য্য কলাৰ ক্ষেত্ৰত ধাৰাবাহিক ভাৱে কৃতিত্বৰ পৰিচয় দি অহা তেজপুৰ হজৰাপাৰৰ প্ৰাণজিৎ বৰুৱা আৰু জোনালী বৰা বৰুৱাৰ কন্যা স্নেহা বৰুৱাই স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে আয়োজন কৰা মিছ আৰু মিষ্টাৰ আছাম প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেদৰ খিতাপ অৰ্জন কৰাৰ পিছত এইবাৰ পুনৰ স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে আয়োজন মিছ এণ্ড মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত ব্ৰেণ্ড এম্বেচেদৰ খিতাপ অৰ্জন কৰি তেজপুৰৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰা সৌন্দৰ্য্য কলাৰ চৰ্চা অব্যাহত ৰখা স্নেহাই ইয়াৰ পূৰ্বে ২০২২ চনত “স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া” প্ৰতিযোগিতাত ৰাৰ্ণাছ আপৰ খিতাপৰ লগতে মিছ অসম এম্বেচেদৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, সৌন্দৰ্য্য কলাৰ চৰ্চাৰে ধাৰাবাহিক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা স্নেহাই নিজৰ কৃচ্ছ্ৰ সাধনাৰ বলতে এই সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More