তিনিচুকীয়া প্ৰেছ ক্লাবলৈ সহায়ৰ হাত

0 75

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ ছেপ্তেম্বৰ : সুদীৰ্ঘ ৩৫ বছৰীয়া পৰিক্ৰমাৰ অন্তত আজিৰ পৰ্যায়ত আহি উপনীত হোৱা তিনিচুকীয়াৰ সাংবাদিকসকলৰ এক মৰ্য্যদাপূৰ্ণ অনুষ্ঠান হৈছে তিনিচুকীয়া প্ৰেছ ক্লাব (তিনিচুকীয়া সাংবাদিক চ’ৰা) ৷ অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আগবঢ়োৱা অনুদানৰ লগতে স্থানীয় বিধায়কে আগবঢ়োৱা পুঁজিৰ জৰিয়তে তিনিচুকীয়া সাংবাদিক চ’ৰাৰ কাৰ্যালয়ৰ উপৰি সভাকক্ষ ইতিমধ্যে আটকধুনীয়াকৈ সজাই-পৰাই তোলা হয় যদিও আনুসংগিক কিছু সা-সুবিধা তথা বয়-বস্তুৰ অভাৱত কাৰ্যালয় আৰু সভাকক্ষ আধৰুৱা হৈ আছিল ৷ ইয়াৰ মাজতে চ’ৰাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই আজি ত্ৰিদিৱ শৰ্মা সোঁৱৰণি চেৰিটেব’ল ন্যাসে চ’ৰালৈ আঠখন দেৱাল ফেন আগবঢ়ায়৷ ’ত্ৰিদিৱ শৰ্মা সোঁৱৰণি চেৰিটেব’ল ন্যাস’ৰ এই সহযোগিতাৰ বাবে চ’ৰাৰ এটা প্ৰতিনিধি দলে ন্যাসৰ কৰ্ণধাৰ তথা প্ৰয়াত ত্ৰিদিৱ শৰ্মাৰ পত্নী দিপ্তী শৰ্মা আৰু পুত্ৰ বিবেক শৰ্মাক ফুলাম গামোচা প্ৰদান কৰি কৃতজ্ঞতা জ্ঞাপন কৰে ৷ আজিৰ অনুষ্ঠানৰ চ’ৰাৰ হৈ উপস্থিত থাকে সভাপতি কমল তালুকদাৰ, উপ-সভাপতি উমেশ কুমাৰ সিং, সম্পাদক চিন্ময় শৰ্মা, কোষাধ্যক্ষ অৰ্জুন মিশ্র আৰু কাৰ্যনিৰ্বাহক সদস্য বিজয় শৰ্মা ৷ আনহাতে তিনিচুকীয়াৰ ’লেডিজ ক্লাব’ নামৰ সংস্থাটোৱে তিনিচুকীয়া সাংবাদিক চ’ৰালৈ বেটেৰীসহ ইনভাৰ্টাৰ আগবঢ়াই এটা দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰাৰ বাবে সংস্থাটোৰ বিষয়ববীয়াসকলক শনিবাৰে চ’ৰাৰ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More