ব্যাপক বন ধ্বংস হোৱা শোণিতপুৰত অমৃতবৃক্ষ আন্দোলনৰ কুচকাৱাজ

0 64

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টম্বৰঃ অহা ১৭ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ ওলোৱা অমৃত বৃক্ষ আন্দোলনৰ বাবে ইতিমধ্যেই সাজু হৈছে শোণিতপুৰ প্ৰশাসনো৷এই অভিলাষী প্ৰকল্পৰ বাবে শোণিতপুৰৰ বন বিভাগৰ লগতে গাঁওপঞ্চায়তকে ধৰি মহিলা আত্মসহায়ক গোট আদি সকলোকে সাজুকৰা হৈছে৷ ইতিমধ্যেই বিতৰণ কৰা হৈছে চিনাকী অচিনাকী বিভিন্ন গছ পুলি৷প্ৰনিধানযোগ্য যে,বিগত সময়ত ১৭.৪হেজাৰ হেক্টৰ বনভূমি ধ্বংস হোৱা শোণিতপুৰত ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ নামতে পথৰ দাঁতিৰ প্ৰায় ১৫হেজাৰ জোপা গছ কাটি পেলোৱা হৈছিল৷একেদৰেই সম্প্ৰতি জিলা সদৰ তেজপুৰত উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে কটা হ’ল বহুসংখ্যক পুৰণা গছ৷ তদুপৰি,জিলাখনৰ সোণাইৰূপাই আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলত হোৱা ব্যাপক বনধ্বংস আৰু বেদখলকাৰীকো বিভিন্ন যুক্তিৰে এইখন চৰকাৰে সুৰক্ষা প্ৰদান কৰি আহিছে৷জিলাখনৰ গাভৰু,বালিপৰা,বিহগুৰি আৰু ৰঙাপৰা আদি উন্নয়নখণ্ডত বিগত সময়ত গছপুলি ৰোপনৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ উপৰি আনকি নাৰ্ছাৰীৰ পৰা গছপুলি সংগ্ৰহৰ ভূৱা নথি জমা দি ধন আত্মসাতৰ ঘটনা স্পষ্ট হোৱা সত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ কেম্পা,সামাজিক বনানীকৰণ আদিৰ বিভিন্ন আঁচনিৰ অধীনত গছপুলি ৰোপনৰ পাছত তেনেবোৰ আঁচনিৰ অধিকাংশৰে চিনচাব নোহোৱা হৈ পৰাৰ পাছত সম্প্ৰতি অমৃত বৃক্ষ আন্দোলনে কি ৰূপ লয় সেয়া শীঘ্ৰেই স্পষ্ট হ’ব য’দিও সম্প্ৰতি ১৭ছেপ্টেম্বৰত জিলাখনত মুঠ তিনিলাখ ৯০হেজাৰ বাণিজ্যিক গছপুলি ৰোপন কৰাৰ লক্ষ্য স্হিৰ কৰা হৈছে৷উল্লেখযোগ্য যে,হিমালয়ৰ পাদদেশ এলেকাৰ বনাঞ্চলৰ লগতে জৈৱবৈচিত্ৰতাৰ প্ৰতি সম্প্ৰতি তীব্ৰ ভাবুকি অহা অঞ্চল হিচাপে চিহ্নিত শোণিতপুৰত হোৱা প্ৰাকৃতিক বনাঞ্চলৰ ধাৰাবাহিক ধ্বংস আৰু বেদখলৰ ক্ষেত্ৰত ৰাজনৈতিক কাৰণতে ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰা চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত তৈল খেজুৰৰ খেতিৰো আয়োজন তথা প্ৰচাৰ চলিছে৷এনে অৱস্থাত অভিলেখ গঢ়াৰ উদ্দেশ্যে আৰম্ভ হোৱা এই অমৃত বৃক্ষ আন্দোলনৰ অমৃতে অনাগত দিনত কেনে ৰূপ লয় সেয়া লক্ষ্যণীয় হ’ব বুলি জিলাখনত সুদীৰ্ঘকাল ধৰি একক প্ৰচেষ্টাৰে গছপুলি ৰোপন আৰু সংৰক্ষণৰে জড়িত থকা একাংশ লোকে মন্তব্য কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More