শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ১২ এপ্ৰিলঃ তেজপুৰৰ ঐতিহাসিক হজৰাপুখুৰীত আজি সদৌ অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ উদ্যোগত আজি তৃতীয় বাৰ্ষিক অসম আন্তঃজিলা ড্ৰেগন নাওখেল প্ৰতিযোগিতা আৰু সপ্তম আমাৰ খেল আমাৰ উৎসৱ অনুষ্ঠিত হয়। পুৱা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে মুকলি কৰি খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যৰ মুঠ পাঁচখন জিলাৰ পুৰুষৰ পাঁচটা আৰু মহিলাৰ চাৰিটা দলে যোগদান কৰা প্ৰতিযোগিতা খনত পুৰুষৰ শাখাত কামৰূপ মেট্ৰ শ্ৰেষ্ঠ দল আৰু শিৱসাগৰ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে মহিলাৰ শাখাত কামৰূপ মেট্ৰো দলে প্ৰথম স্থান লাভ কৰাৰ লগতে দক্ষিণ কামৰূপ দলে বিজিতৰ সন্মান লাভ কৰে। খেলৰ অন্তত বিজয়ী সকলক বঁটা প্ৰদান কৰে অসম পৰম্পৰাগত ক্ৰীড়া আৰু ড্ৰেগন নাও সন্থাৰ সভাপতি তাহেৰ আহমেদ, সাধাৰণ সম্পাদক অনুপ চৌধুৰী, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্প ডেকা আৰু উপ পৌৰ পতি সংগীতা বসুৱে। পৰম্পৰা ক্ৰীড়া লগতে পৰম্পৰাগত লোক কৃষ্টিও প্ৰদৰ্শন কৰি উপস্থিত সকলক আপ্লুত কৰে। সামৰণি অনুষ্ঠানত এদল শিশু কিশোৰে নামনি অসমৰ ঝাজৰা নৃত্য প্ৰদৰ্শন কৰে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.